• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। তেওঁলোকৰ উদ্ধাৰ অভিযান চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2026 7:30 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমিকম্পৰ ফলত বিধ্বস্ত হৈ পৰিছে কলম্বিয়া। কেলি, পেৰেইৰা, কুইবডো — তিনিখন ডাঙৰ চহৰ — প্ৰায় ধ্বংসাৱশেষত পৰিণত হৈছে। এই পৰ্যন্ত কমেও ১১১জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। তেওঁলোকৰ উদ্ধাৰ অভিযান চলি আছে। ইফালে কলম্বিয়াৰ ৰাষ্ট্ৰপতি এবেলাৰ্ডো ডি লা এস্পেৰান্জাই সোমবাৰে নিশা সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

সোমবাৰে পুৱা ৭:৩৪ বজাত কলম্বিয়াত ভয়ংকৰ ভূমিকম্পই কঁপাই তুলিছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৪। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল চোকো প্ৰদেশৰ ছান জোছ ডেল পালমাৰ। মাত্ৰ তিনিদিন পূৰ্বে ৰাষ্ট্ৰপতিৰ আসনত বহিছিল এস্প্ৰিয়াল্লা। ৰাজধানী বগোটাৰ পৰা তেওঁ কয় যে চৰকাৰে জীৱন ৰক্ষা, ভুক্তভোগীৰ কাষত থিয় দিয়া আৰু আৰ্তজনৰ প্ৰতিটো অঞ্চললৈ সাহায্য প্ৰদানৰ বাবে অক্লান্তভাৱে কাম কৰি আছে।

Apply Now

কলম্বিয়াৰ তৃতীয় বৃহত্তম চহৰ কেলিত কমেও ২০টা বৃহৎ অট্টালিকা ভাঙি পৰিছে। বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বুলি মহানগৰীৰ মেয়ৰ আলেজান্দ্ৰ’ আডাৰে জনায়। চোকোৰ ৰাজ্যপালগৰাকীয়ে ব্যাপক ক্ষতিৰ আশংকা প্ৰকাশ কৰিছে। কুইবডোৰ সমাজকৰ্মী লুইছ গ্ৰেগ’ৰিয়া মৰেনোৱে কয় যে, “আমি সকলোৱে বিধ্বস্ত হৈছো। মৃত্যুৰ সংখ্যা হুৰাহুৰে বৃদ্ধি পাইছে। বহু লোক আহত হৈছে। কিন্তু বেছিভাগ লোক সন্ধানহীন হৈ আছে।”

ইকুৱেডৰ, পানামা আৰু ভেনিজুৱেলাতো কম্পন অনুভুত হৈছে। পশ্চিম কলম্বিয়াৰ ছটা সৰু বিমানবন্দৰৰ সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। কেইবাখনো ফুটবল খেলো স্থগিত ৰখা হৈছে।

আমেৰিকাই ভূমিকম্পৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি বিবৃতি দি বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই ছ’চিয়েল মিডিয়াত লিখিছে, “কলম্বিয়া এক প্ৰবল ভূমিকম্পই বিধ্বস্ত হৈছে। আমি সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। আমেৰিকা কলম্বিয়াৰ জনসাধাৰণৰ কাষত থিয় দিবলৈ সাজু।”

ইউৰোপীয় ইউনিয়নৰ মুৰব্বী উৰ্চুলা ভন ডেৰ লেয়েনেও কলম্বিয়াক সাহায্যৰ  প্ৰতিশ্ৰুতি দিছে। ইজৰাইল, মেক্সিকো, ইকুৱেডৰ আৰু ফ্ৰান্সেও সাহায্যৰ হাত আগবঢ়াইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd