• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

ভাৰত-পাকিস্তানৰ সম্পৰ্ক এতিয়াও উত্তেজনাপূৰ্ণ হৈ থকাৰ সময়তে এই ঘটনাই সীমান্তৰ ৰাজনৈতিক বাস্তৱতাৰ উপৰিও দুয়োখন দেশৰ জনসাধাৰণৰ পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কৰ আন এটা দিশ পোহৰলৈ আনিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2026 7:55 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

94
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপাৰেচন সিন্দুৰৰ পাছত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ উত্তেজনাই সীমান্তৰ সিপাৰৰ বহু পৰিয়ালৰ ব্যক্তিগত জীৱনতো প্ৰভাৱ পেলাইছিল। ৱাঘাহ-আটাৰী সীমান্তৰ মাজেৰে যাতায়ত বন্ধ কৰি দিয়া হৈছিল। ভিছাৰ জটিলতাৰ বাবে বহু বিয়াৰ পৰিকল্পনা আবদ্ধ হৈ পৰিছিল। সেই পৰিস্থিতিত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ কমেও ১৫০ গৰাকী যুৱতীয়ে বিকল্প পথেৰে ভাৰতত উপস্থিত হ’ল। তেওঁলোক ভাৰতীয় যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব।

নাগপুৰৰ সিন্ধী সম্প্ৰদায়ৰ প্ৰতিনিধি ৰাজেশ ঝাম্বিয়াই কয় যে নাগপুৰ, ৰায়পুৰ, যোধপুৰ, পুনেকে ধৰি ভাৰতৰ বিভিন্ন চহৰত প্ৰায় ১৫০ গৰাকী যুৱতীৰ বিবাহৰ কথা আছিল। সীমান্ত বন্ধ হোৱাৰ বাবে তেওঁলোক বহু সময় পাকিস্তানত আবদ্ধ হৈ আছিল। পিছলৈ তেওঁলোকৰ পৰিয়ালে বিকল্প পথেৰে ভাৰতলৈ অহাৰ চেষ্টা আৰম্ভ কৰে। এই পৰিস্থিতিত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ঘোটকী অঞ্চলৰ শাদানি দৰবাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

Apply Now

ধৰ্মীয় অনুষ্ঠানটোৰ মুৰব্বী সন্ত যুধিষ্ঠিৰলাল শাদানীৰ উদ্যোগত বিবাহৰ বাবে ভাৰতলৈ আহিব বিচৰা যুৱতী আৰু তেওঁলোকৰ পৰিয়ালৰ তালিকা ভাৰতীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকক ভিছা প্ৰদানৰ বাবেও আবেদন কৰা হৈছিল।

ইয়াৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অনুমতি দিয়ে। অৱশ্যে ৱাঘাহ-আটাৰী সীমান্তৰে পোনপটীয়াকৈ নহয়, বিমানযোগে তৃতীয় দেশৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল। একেদৰে যোৱা এপ্ৰিলৰ পৰা প্ৰায় ১৫০ গৰাকী পাকিস্তানী যুৱতী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই ডুবাই, ওমান, শ্ৰীলংকা, বাংলাদেশকে ধৰি বিভিন্ন দেশৰ মাজেৰে ট্ৰেনজিট পথ ব্যৱহাৰ কৰি ভাৰতত উপস্থিত হৈছে।

এই যাত্ৰা আছিল দীঘলীয়া আৰু ব্যয়বহুল। কিন্তু বহু পৰিয়ালৰ বাবে মূল লক্ষ্য আছিল অৱশেষত তেওঁলোকৰ দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ পৰা বিবাহ সম্পূৰ্ণ কৰা। ইতিমধ্যে নাগপুৰকে ধৰি ভাৰতৰ কেইবাখনো চহৰত এই যুৱতীসকলৰ বিবাহৰ ব্যৱস্থা কৰা হৈছে।

ৰাজেশ ঝাম্বিয়াই কয় যে আৰু প্ৰায় ৩০০ পাকিস্তানী যুৱতী এতিয়াও ভাৰতলৈ আহিবলৈ অপেক্ষা কৰি আছে। তেওঁলোকক ভিছা প্ৰদানৰ বাবেও আবেদন কৰা হৈছে।

জম্মু-কাশ্মীৰত পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে ২০২৫ চনৰ মে’ মাহত ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰিছিল।তাৰ পিছত দুয়োখন দেশৰ মাজত কূটনৈতিক উত্তেজনা বৃদ্ধি পায় আৰু ৱাঘাহ-আটাৰী সীমান্তৰে যাত্ৰা বন্ধ কৰি দিয়া হয়। ফলত বিয়াৰ বাবে ভাৰতলৈ আহিবলৈ অপেক্ষা কৰি থকা বহু পাকিস্তানী সিন্ধী যুৱতীৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিল।

ভাৰত-পাকিস্তানৰ সম্পৰ্ক এতিয়াও উত্তেজনাপূৰ্ণ হৈ থকাৰ সময়তে এই ঘটনাই সীমান্তৰ ৰাজনৈতিক বাস্তৱতাৰ উপৰিও দুয়োখন দেশৰ জনসাধাৰণৰ পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কৰ আন এটা দিশ পোহৰলৈ আনিছে। ৰাজনৈতিক উত্তেজনাৰ মাজতো বহু পৰিয়ালে বিবাহৰ দৰে ব্যক্তিগত সম্পৰ্ক গঢ়ি তুলিবলৈ তৃতীয় দেশৰ পথ বাছি লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd