পুনৰ প্ৰবল ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া। এইবাৰ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৭। বৰ্তমানলৈকে এই ভূমিকম্পত ২ জন লোকৰ মৃত্যু হৈছে।
শনিবাৰে পুৱা ইণ্ডোনেছিয়াৰ উপকূলত সংঘটিত হয় এই ভূমিকম্প। ইয়াৰ বাবেই ছুনামী সতৰ্কতা জাৰি কৰা হৈছে। জানিব পৰা মতে, ভূমিকম্পৰ ফলত কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত আৰু কি কি ক্ষতি হৈছে তাৰ তদন্ত কৰি থকা বুলি বিষয়াসকলে জনায়।
কিছুদিন পূৰ্বে কলম্বিয়াত প্ৰবল ভূমিকম্প হৈছিল। সেই ভূমিকম্পত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। একে সময়তে বহু ঘৰ ভাঙি পৰিছিল। ইয়াৰ স্মৃতি সজীৱ হৈ থকাৰ সময়তে আন এক প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইণ্ডোনেছিয়াৰ ভূমি।
প্ৰাথমিক তথ্য অনুসৰি ভূমিকম্পত ২ জন লোকৰ মৃত্যু হয়। জাকাৰ্টাত দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুখপাত্ৰ বাৰ্টন ছুয়াৰ পেলিটা পাঞ্জাইটানে সাংবাদিকৰ আগত কয় যে এতিয়ালৈকে এগৰাকী মহিলাকে ধৰি দুজন লোকৰ মৃত্যু হৈছে। অৱশ্যে হতাহতৰ সংখ্যা আৰু ক্ষতিৰ পৰিসৰৰ মূল্যায়ন কৰি আনুষ্ঠানিক ঘোষণা কৰা হ’ব বুলিও তেওঁ কয়।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে জনোৱা মতে, ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৭.৭। স্থানীয় সময় অনুসৰি পুৱা ৫:৫৮ বজাত ফ্ল’ৰেছ অঞ্চলত ৬.০ প্ৰাবল্যৰ ভূমিকম্প অনুভুত হয়।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে জনোৱা মতে, এণ্ডে চহৰৰ পৰা প্ৰায় ৬৮ কিলোমিটাৰ উত্তৰ-উত্তৰ-পশ্চিম দিশত কেন্দ্ৰিত এই ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ। অৱশ্যে নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৭.৪ বুলি প্ৰকাশ কৰিছে। ভাৰতীয় সময় অনুসৰি পুৱতি নিশা ৩:২৮ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ৪৯ কিলোমিটাৰ গভীৰত।
নেচনেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে জনোৱা মতে, ইয়াৰ পিছত ফ্ল’ৰেছ সাগৰত কেইবাটাও আফটাৰশ্বক সংঘটিত হয়। ৪২ কিলোমিটাৰ গভীৰতাৰ এটা ভূমিকম্পৰ প্ৰাবল্য আছিল ৬ আৰু আনটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬৩ কিলোমিটাৰ গভীৰতাত ৰিখটাৰ স্কেলত ৬.৩।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে (USGS) ভূমিকম্পৰ পিছত তিনিটা ডাঙৰ আফটাৰশ্বক ৰেকৰ্ড কৰিছে, যাৰ জোখ ৫.৯, ৫.৬ আৰু ৬.১। ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই (EMSC)ও একে তথ্য দিছে। তেওঁলোকৰ মতে, স্থানীয় সময় অনুসৰি পুৱা ৪:৫৮ বজাত ৩৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প। মূল ভূমিকম্পৰ পিছত কেইবাটাও আফটাৰশ্বক অনুভুত হৈছিল।
ইয়াৰ পিছত ইণ্ডোনেছিয়াৰ বতৰ বিজ্ঞান, জলবায়ু বিজ্ঞান আৰু ভূ-পদাৰ্থ বিজ্ঞান সংস্থাই দেশৰ কেইবাটাও অঞ্চলৰ বাবে আগতীয়াকৈ চুনামীৰ সতৰ্কতা জাৰি কৰে। এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু ফ্ল’ৰেছ দ্বীপৰ ওচৰত বুলি জানিব পৰা গৈছে। একে সময়তে উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক উচ্চ আৰু সুৰক্ষিত স্থানলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি বিষয়াসকলে জনায়।
ইণ্ডোনেছিয়া হৈছে ১৭,০০০ৰো অধিক দ্বীপেৰে গঠিত এখন বিশাল দ্বীপপুঞ্জৰ দেশ। ৰিং অৱ ফায়াৰত অৱস্থিত হোৱাৰ বাবে দেশখনত প্ৰায়ে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটে।




