• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বৰাক উপত্যকাৰ তিনি জিলাত ভয়ংকৰ ভূমিস্খলনত শিশু-মহিলাসহ ২০ জনৰ মৃত্যু

NE NOW NEWS ৰাহুল চক্ৰৱৰ্তী
শিলচৰ , June 2, 2020 6:20 pm

2 min read

IMG-20200602-WA0022
328
VIEWS
Share on FacebookShare on Twitter

একেটা দিনতে বৰাক উপত্যকাৰ তিনি জিলাত ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে শিশু-মহিলাসহ ২০ জনকৈ লোকে।

কাছাৰ আৰু হাইলাকান্দিত ৭ জন আৰু কৰিমগঞ্জত প্ৰাণ হেৰুৱাইছে ৬ জনকৈ লোকে।

মঙ্গলবাৰ পুৱা হাইলাকান্দিৰ দুটা স্থানত ভূমিস্খলনত মৃত্যু হয় ৭ গৰাকী ব্যক্তিৰ। ইয়াৰ ভিতৰত আছে একেটা পৰিয়ালৰ ৫ সদস্য। মৃতসকলৰ ভিতৰত আছে ৪ টা শিশু।

হাইলাকান্দি জিলাৰ ভটৰবজাৰ আৰু মোহনপুৰ(আৰ এ)ত সংগঠিত হৈছে এই ঘটনা।

এই ভূমিস্খলনত আহত হৈছে আন ৫ জন ব্যক্তি। মৃত্যু হোৱা ব্যক্তিসকলক ভটৰবজাৰৰ কুটন মিঞা লস্কৰ(৪০) জুলফা বেগম (৩৫) নাজিৰা বেগম(৪) হাজিৰা বেগম(৬)  ফুতুলি বেগম(৩) মতিউৰ ৰহমান লস্কৰ (৬০) আৰু মোহনপুৰৰ চান্দ মনি মাল(৫) বুলি চিনাক্ত কৰা হৈছে। আহত সকলক ইতিমধ্যে উন্নত চিকিৎসাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইপিনে, কাছাৰৰ জয়পুৰতো সংঘটিত ভয়াৱহ ভূমিস্খলনত মৃত্যু হৈছে ৭ জনকৈ লোকৰ।

পুৱতি নিশা জয়পুৰৰ কলাৰপাৰত সংঘটিত হৈছে এই ঘটনা৷ ধাৰাষাৰ বৰুষণৰ ফলত  পাহাৰত ভূমিস্খলন ঘটিছে৷ কেইবাটাও বাসগৃহ পাহাৰৰ খহি পৰা মাটিৰে পুতি পেলাইছে।

জানিব পৰা মতে এতিয়ালৈকে দুজন মহিলাসহ ৭ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে।

মাটিৰ তলত আৰু মৃতদেহ থকাৰ  সন্দেহ কৰা হৈছে৷ উদ্ধাৰ হোৱা মৃত ব্যাক্তি কেইজন তাজিম উদ্দিন লস্কৰ(৪৫), আলিয় বেগম(২০) , আলম উদ্দিন(১৮),  আৰিফ উদ্দিন(১৭) , আমোনা বেগম (১৪), ছুমনা বেগম(১২) আৰু ৰেহিম উদ্দিন(8)। নিহত আটাইকেইজনেই একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে।

আনফালে, কৰিমগঞ্জতো হৈছে ভূমিস্থলন। ভূমিস্থলনৰ ফলত শুই থকা অৱস্থাত মৃত্যু হৈছে একেটা পৰিয়ালৰ ৫ গৰাকী সদস্যৰ সৈতে মুঠ ৬ জন লোকৰ।

কৰিমগঞ্জৰ কালীগঞ্জ এলেকাৰ কৰিমপুৰ ১০ নম্বৰ ৱাৰ্ডত সংগঠিত হৈছে ঘটনা। মৃত্যু হৈছে ঘৰৰ গৰাকী আজিৰ উদ্দিন৫৭) সৈতে পত্নী ৰাজিয়া বেগম(৪০) তেওঁলোকৰ দুই পুত্ৰ আফতাৰ  হুছেইন (১০), আনোৱাৰ উদ্দিন(৭)আৰু একমাত্ৰ কন্যা তাহেৰা বেগম(৫)। আৰু জয়নব বিবি(১৪)অন্য এগৰাকী কিশোৰীৰো মৃত্যু ঘটিছে ভূমিস্খলনত। আৰু গুৰুতৰভাৱে আহত হোৱা এজন লোকক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইপিনে ভূমিস্খলনৰ খবৰ পাই আজি হাইলাকান্দিত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য। মন্ত্ৰী গৰাকীয়ে নিহতসকলক ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৪ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd