• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ম্যানমাৰ আৰক্ষীৰ ওপৰত কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মিৰ আক্ৰমণ : ২০ৰো অধিক জোৱান নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2021 8:21 pm
kia_0
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰিক শাসনৰ বিৰুদ্ধে কৰা প্ৰতিবাদত উত্তাল হৈ থকা ম্যানমাৰৰ আৰক্ষীৰ চাৰিটা বেটেলিয়নৰ ওপৰত দক্ষিণ পূৱ এছিয়াৰ আটাইতকৈ শক্তিশালী বিদ্ৰোহী সংগঠন কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মিয়ে আক্ৰমণ সংঘটিত কৰিছে।

উল্লেখ্য যে যোৱা ১ ফেব্ৰুৱাৰিত সেনা অভ্যুত্থানৰ যোগেদি জুণ্টাই ম্যানমাৰৰ শাসন হস্তগত কৰাৰ দিনাৰ পৰাই দেশখনত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ দাবীত নিৰস্ত্ৰ ম্যানমাৰী জনতাই বিশাল গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিছে। ম্যানমাৰ সেনাই নিৰ্মমভাৱে গুলীচালনা কৰি শিশুসহ ৪০০ৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যাও কৰিছে।

Apply Now

তেনে সময়তে খবৰ আহিছে যে ম্যানমাৰে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰা কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মি(KIA)এ ম্যানমাৰ আৰক্ষীৰ বেটলিয়নৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে।

ম্যানমাৰৰ স্থানীয় সংবাদ সংস্থা ম্যানমাৰ নাওৰ বাতৰি অনুসৰি কাচিনৰ অন্তৰ্গত হপকান্টৰ চহৰ এলেকাত যোৱা দেওবাৰে KIAএ ম্যানমাৰ আৰক্ষী বেটলিয়নৰ ওপৰত আক্ৰমণ সংঘটিত কৰে।

KIAৰ এই অতৰ্কিত আক্ৰমণত ম্যানমাৰ আৰক্ষীৰ বেটেলিয়নৰ ২০ জনৰো অধিক জোৱানৰ মৃত্যু হৈছে বুলি দাবী কৰিছে স্থানীয় সূত্ৰই।

ম্যানমাৰ নাও-এ স্থানীয় সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা মতে হপাৱা গাঁৱত KIAৰ গুলীচালনাত ২০ৰো অধিক জোৱানৰ মৃত্যু হৈছে আৰু অস্ত্ৰসমূহ জব্দ কৰিছে KIA-এ।

“বেটেলিয়নটোত থকা মাত্ৰ দুজন জোৱানহে পলাই যাবলৈ সক্ষম হৈছিল। এজন কামাণ্ডাৰসহ বাকী জোৱানসকলৰ আক্ৰমণত মৃত্যু হৈছিল।” স্থানীয় সূত্ৰৰ উদ্ধৃতিৰে ম্যানমাৰ নাও-এ কয়।

ইফালে ২৮ মাৰ্চত চানখাৰ হপৱাটাক গাঁৱৰ সমীপত আন এটা আৰক্ষী বেটিলিয়ননৰ ওপৰতো আক্ৰমণ সংঘটিত কৰে KIA-এ। পুৱা ৩ বজাত KIA-এ বেটেলিয়নটোৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰে।

তিনিঘণ্টা জুৰি চলা এই আক্ৰমণৰ পিছত KIAএ আৰক্ষী বেটেলিয়নটোৰ সমগ্ৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি লৈ যায়। এই সংৰ্ঘষত কিমানগৰাকী বেটেলিয়নৰ মৃত্যু হৈছে সেয়া জানিব পৰা হোৱা নাই।

আনহাতে যোৱা ২৫ মাৰ্চত দাউফোনেইয়াঙত আৰু ২৭ মাৰ্চত খাৰাগনত KIAএ ম্যানমাৰৰ জুণ্টা আৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল।

উল্লেখ্য যে যোৱা দেওবাৰে KIAৰ ৮ নং বিগ্ৰেডে এক বিবৃতিৰ যোগে জুণ্টাক ম্যানমাৰৰ শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত সেনা আক্ৰমণ বন্ধ কৰিবলৈ দাবী জনাই ম্যানমাৰৰ একনায়কত্ববাদী শাসকৰ বিৰুদ্ধে যুঁজ কৰিব বুলি ঘোষণা কৰিছিল।

ইফালে ম্যানমাৰ দক্ষিণাঞ্চলৰ বিদ্ৰোহী সংগঠন কাৰেন নেশ্যনেল ইউনিয়ন(KNU)ও জুণ্টাৰ শাসন বিৰোধিতা কৰাৰ লগতে সংগঠনটোৰ অধীকৃত অঞ্চলত ম্যানমাৰৰ সেনাৰ অৱস্থিতিক আপত্তি কৰিছে।

যোৱা ২৭ মাৰ্চত KNUৰ সশস্ত্ৰ গোট কাৰেন নেশ্যনেল লিবাৰেশ্যন আৰ্মি(KNLA)এ জুণ্টাৰ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ সংঘটিত কৰি অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়া বুলি প্ৰকাশ পাইছে। অৱশ্যে KNLAৰ আক্ৰমণত কিমান ম্যানমাৰী সৈনিকৰ মৃত্যু হৈছে সেয়া জানিব পৰা হোৱা নাই।

আনহাতে KNLAৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত KNUৰ অধ্যুষিত অঞ্চলত জুণ্টাই বায়ু সেনাৰ বিমানেৰে আক্ৰমণ কৰে।

সংবাদ সংস্থা ৰয়টাৰ-এ কাৰেন মহিলা সংগঠনৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে এই আক্ৰমণত তিনিগৰাকী অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে ৮ গৰাকী লোক আহত হৈছিল আৰু অতি কমেও ৩ হাজাৰ লোক ম্যানমাৰ সীমান্ত অতিক্ৰম কৰি থাইলেণ্ডলৈ পলয়ান কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd