• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

এই দ্বৈত আক্ৰমণে আফ্ৰিকাৰ ‘হৰ্ণ অফ আফ্ৰিকা’ সংলগ্ন আন্তঃৰাষ্ট্ৰীয় জলসীমাত সাধাৰণ বাণিজ্যিক জাহাজৰ সুৰক্ষাৰ ওপৰত পুনৰ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2026 11:33 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছোমালিয়া আৰু য়েমেনৰ বিপজ্জনক সাগৰত পুনৰবাৰ মূৰ দাঙি উঠিছে জলদস্যুই। দুটা পৃথক ভয়ানক কাণ্ডত সশস্ত্ৰ জলদস্যুই কমেও ২২ জন ভাৰতীয় নাৱিককে ধৰি দুখন মালবাহী জাহাজ অপহৰণ কৰিছে। এই দ্বৈত আক্ৰমণে আফ্ৰিকাৰ ‘হৰ্ণ অফ আফ্ৰিকা’ সংলগ্ন আন্তঃৰাষ্ট্ৰীয় জলসীমাত সাধাৰণ বাণিজ্যিক জাহাজৰ সুৰক্ষাৰ ওপৰত পুনৰ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

প্ৰথমটো ঘটনাত ইৰিত্ৰিয়াৰ পতাকা থকা তেল আৰু ৰাসায়নিক টেংকাৰ ‘এম.টি.ছিবু ১’ য়েমেনৰ উপকূলৰ পৰা মাত্ৰ ৩০ নটিকেল মাইল দূৰত এডেন উপসাগৰত যাত্ৰা কৰাৰ সময়তে আক্ৰমণৰ বলি হৈছিল। ছয়জন অস্ত্ৰধাৰী জলদস্যুই জাহাজখনৰ নিয়ন্ত্ৰণ লয়।

Apply Now

জাহাজখনত মুঠ ২০ জন ক্ৰু মেম্বাৰ আছে, ইয়াৰে ১৬ জন ভাৰতীয়। বাকীসকলৰ এজন ছিৰিয়া, এজন চুডান আৰু এজন ইৰাকৰ। আনজন ক্ৰু মেম্বাৰৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। সামুদ্ৰিক প্ৰশাসন সঞ্চালকালয়ৰ এক প্ৰতিবেদন অনুসৰি এতিয়াৰ বাবে ক্ৰু মেম্বাৰসকল সুৰক্ষিত। তেওঁলোকক কাম কৰাৰ সুযোগ দিয়া কোম্পানীটোক ই-নেভিক পৰ্টেলৰ জৰিয়তে সময়ে সময়ে বাতৰিৰ আপডেট দিবলৈ নিৰ্দেশ দিয়া হৈছে।

দ্বিতীয়টো কাণ্ড সংঘটিত হৈছে ছোমালিয়াৰ পুণ্টলেণ্ডৰ উপকূলত। তাত আঠজন জলদস্যুই কেমেৰুণৰ পতাকা থকা মালবাহী জাহাজ ‘M/V LUTUF’ অপহৰণ কৰে। জাহাজখনত থকা ১০ জন ক্ৰুৰ ভিতৰত ৬ জন ভাৰতীয় নাৱিক। ইয়াৰ উপৰিও এজন তুৰ্কী, এজন জৰ্জিয়ান আৰু দুজন ছাৰ্বিয়ান নিৰাপত্তাৰক্ষী আছে।

জানিব পৰা মতে, ‘পোলাৰ মুভমেণ্ট শ্বিপিং’ৰ মালিকানাধীন জাহাজখনে মোগাদিছুত থকা তুৰ্কীৰ সামৰিক প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে অস্ত্ৰ-শস্ত্ৰ, যোগাযোগ ব্যৱস্থা আৰু উপগ্ৰহ সঁজুলি কঢ়িয়াই লৈ আনিছিল। জানিব পৰা মতে, এই জলদস্যুৰ দলটোৱে পূৰ্বতে ‘M/V Sword’ নামৰ এখন জাহাজ অপহৰণৰ লগত জড়িত আছিল।

এই দুটা ঘটনাৰ পিছতে নাৱিকসকলৰ সুৰক্ষা আৰু অপহৰণ কৰা জাহাজসমূহৰ বৰ্তমানৰ অৱস্থাক লৈ চিন্তিত হৈ পৰিছে কূটনৈতিক আৰু সামুদ্ৰিক নিৰাপত্তা মহল। অপহৃত ২২ জন ভাৰতীয়ৰ পৰিয়ালৰ সদস্যই এতিয়া চৰম উদ্বিগ্নতাৰ মাজত কটাবলগীয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় উদ্ধাৰ সংস্থা আৰু সংশ্লিষ্ট দেশসমূহৰ প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd