• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানৰ বেলুচিস্তানত বাছ ৰখাই যাত্ৰীক নমাই আনি গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ; ২৩ জন নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2024 2:55 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

424
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ অংশ বেলুচিস্তানত সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে হত্যা কৰিছে নিৰীহ বাছযাত্ৰীক। বেলুচিস্তানৰ মুছাখেলৰ ৰাৰাছামত সংঘটিত হৈছে এই ঘটনা। বাতৰি অনুসৰি, এখন বাছ ৰখাই যাত্ৰীসকলক তাৰ পৰা নমাই আনি নিৰ্বিচাৰে গুলীচালনা কৰা হৈছিল। ফলত ইজনৰ পিছত সিজন যাত্ৰী নিহত হয়। মুঠ ২৩ জন লোক নিহত হয়। তাৰপিছতো সন্ত্ৰাসবাদীৰ বৰ্বৰতা বন্ধ নহ’ল। ইখনৰ পিছত সিখন গাড়ীত জুই লগাই দিয়াৰ খবৰ পোৱা গৈছে।

পাকিস্তানৰ বাতৰি কাকত দ্য ডনৰ মতে, বেলুচিস্তানৰ মুছাখেলৰ ৰাৰাছামৰ ঘাইপথত সন্ত্ৰাসবাদীয়ে তাণ্ডৱ চলায়। মুছাখেলৰ সহকাৰী আয়ুক্তই জনোৱা মতে, সন্ত্ৰাসবাদীসকলে তাত থকা ঘাইপথত বাছখন ৰখাই দিয়ে। ইয়াৰ পিছতে যাত্ৰীসকলক বাছৰ পৰা নমাই গুলীয়াই হত্যা কৰা হয়।

এক সূত্ৰৰ পৰা জানিব পৰা মতে, উগ্ৰপন্থীয়ে বাছখনৰ পৰা নমাই অনাৰ পূৰ্বে যাত্ৰীসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰে। তাৰ পিছত গুলীচালনা কৰে। ইফালে, মৃত লোকসকলৰ অধিকাংশই পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ঘটনাত ২৩ জনৰ মৃত্যু ঘটে।

লগতে পঢ়কঃ ভাৰতীয় ভিছা আবেদন বন্ধ; বিপদত বাংলাদেশৰ ইউৰোপগামী সহস্ৰাধিক শিক্ষাৰ্থী,কৰ্মৰত লোক

গুলীচালনা কৰাৰ পিছতো ক্ষান্ত হোৱা নাছিল সন্ত্ৰাসবাদীসকল। তেওঁলোকে পথত বাকী থকা বাহনবোৰত জুই লগাই দিয়ে। এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।

জানিব পৰা মতে সন্ত্ৰাসবাদীসকলে ১০খন বাহনত অগ্নিসংযোগ কৰে। ইফালে পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। প্ৰশ্ন উত্থাপন হৈছে যে এই নৰকীয় হত্যাকাণ্ডৰ আঁৰত কোন আছে। সমগ্ৰ অঞ্চলটো শোকত ভাগি পৰিছে। বহুতে আতংকিত হৈ পৰিছে।

ইফালে প্ৰশাসনে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰে। বেলুচিস্তানৰ মুখ্যমন্ত্ৰী ছাৰফৰাজ বুগাটিয়ে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে। তেওঁ মৃত আৰু আহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয়, সন্ত্ৰাসবাদীয়ে এই কাম কৰি সাৰি যাব নোৱাৰিব। তেওঁ কয় যে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব।

লগতে পঢ়কঃ মেঘালয়ত আৱামী লীগৰ জ্যেষ্ঠ নেতাক হত্যা কৰাৰ দাবী খণ্ডন কৰিলে বি এছ এফে

উল্লেখ্য যে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাসিন্দাক নিজৰ পৰিচয় জানি হত্যা কৰা ঘটনাটো পাকিস্তানত নতুন নহয়। চাৰি মাহ পূৰ্বে পাকিস্তানৰ নোছকি অঞ্চলতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। এপ্ৰিল মাহত ৯জন লোকক বাছৰ পৰা নমাই পৰিচয় পত্ৰ চাই সন্ত্ৰাসবাদীয়ে তেওঁলোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছত আকৌ এবাৰ পাকিস্তানৰ বুকুত এনে নৃশংস ঘটনা ঘটিল। 

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd