• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

বাতৰি অনুসৰি চতুচক জিলাৰ “ৰং বিয়েৰ না লাট ফ্ৰাও” নামৰ এখন পাবত প্ৰথম জুই দেখা যায়। কেইমিনিটমানৰ ভিতৰতে জুই দ্ৰুতগতিত সমগ্ৰ অট্টালিকাটোতে বিয়পি পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2026 7:42 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থাইলেণ্ডৰ ৰাজধানী বেংককৰ এখন জনপ্ৰিয় পাবত ভয়াবহ অগ্নিকাণ্ডত ২৭ জন লোকৰ মৃত্যু হৈছে। সোমবাৰে গভীৰ নিশা সংঘটিত হোৱা এই ঘটনাত আৰু বহু লোক আহত হয়। ২২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে থাইলেণ্ড প্ৰশাসনে।

ঘটনাস্থলীত উপস্থিত হৈ থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী অনুটিন চাৰ্ণভিৰাকুলে মৃতকৰ সংখ্যা নিশ্চিত কৰে। আহতসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰখা বুলিও তেওঁ জানিবলৈ দিয়ে।

Apply Now

প্ৰাথমিক তথ্য অনুসৰি সোমবাৰে মাজনিশা উত্তৰ বেংককৰ এটা বিনোদন কেন্দ্ৰত অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চতুচক জিলাৰ “ৰং বিয়েৰ না লাট ফ্ৰাও” নামৰ এখন পাবত প্ৰথম জুই দেখা যায়। কেইমিনিটমানৰ ভিতৰতে জুই দ্ৰুতগতিত সমগ্ৰ অট্টালিকাটোতে বিয়পি পৰে।

প্ৰত্যক্ষদৰ্শীয়ে তোলা ভিডিঅ’ত দেখা গৈছে যে পাবৰ প্ৰৱেশদ্বাৰৰ পৰা  বিশাল জুইৰ শিখা ওলাই আহিছে। চৌদিশে ঘন ক’লা ধোঁৱা বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ মানুহবোৰ আতংকিত হৈ প্ৰাণ ৰক্ষাৰ বাবে দৌৰিবলৈ ধৰে।

উদ্ধাৰকাৰী দলৰ সদস্যই প্ৰথমে উদ্ধাৰ কৰে এজন অগ্নিদগ্ধ লোকক। পিছত অট্টালিকাৰ ভিতৰত অভিযানৰ সময়ত আৰু বহু লোক আবদ্ধ হৈ থকা বুলি জানিব পাৰে।

স্থানীয় সংবাদ মাধ্যমে দাবী কৰা মতে, জুইৰ পৰা হাত সাৰিবলৈ বহু লোকে পাবৰ শৌচাগাৰত আশ্ৰয় লৈছিল। পিছত তাৰ পৰাই নিহত কেইবাজনো লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

মহানগৰীখনৰ একাধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহিনীৰ লোকে এই খবৰ পোৱাৰ পিছতে সেই স্থানত উপস্থিত হয়। পানীৰ কামান ব্যৱহাৰ কৰি প্ৰায় ৩০ মিনিট চেষ্টা কৰি জুই নিয়ন্ত্ৰণলৈ অনা সম্ভৱ হৈছিল। জুই নিৰ্বাপন কৰাৰ পিছত উদ্ধাৰকাৰী দলটোৱে ক্ষতিগ্ৰস্ত অট্টালিকাৰ ভিতৰত তালাচী চলায়। সেই স্থানৰ ছবিত দেখা গৈছে যে টেবুল-চকীকে ধৰি সমগ্ৰ ভিতৰৰ অংশটো জ্বলি ছাই হৈ গৈছে।

এই ঘটনাই পুনৰবাৰ থাইলেণ্ডৰ বিনোদন কেন্দ্ৰসমূহৰ অগ্নিকাণ্ডৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ পূৰ্বে ২০২২ চনত পূব থাইলেণ্ডৰ এখন মিউজিক বাৰত অগ্নিকাণ্ডত ১৪ জন লোকৰ মৃত্যু হৈছিল।

Terrifying visuals from the Bangkok fire location in Thailand when people were rushing out to save their lives. Thai Prime Minister has confirmed that 27 bodies have been recovered and fire has been brought under control. Many people are injured. pic.twitter.com/2SixPO7MNB

— Aditya Raj Kaul (@AdityaRajKaul) July 12, 2026

২০০৯ চনত নৱবৰ্ষৰ উদযাপনৰ সময়ত বেংককৰ শান্তিকা নাইটক্লাবত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ৬৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০০ৰো অধিক লোক আহত হৈছিল। ঘৰৰ ভিতৰত আতচবাজীৰ ব্যৱহাৰ এই অগ্নিকাণ্ডৰ অন্যতম কাৰণ বুলি কোৱা হৈছিল।

সোমবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডৰ সৈতে একেধৰণৰ সুৰক্ষাৰ ভুল জড়িত আছিল নেকি সেই বিষয়ে থাইলেণ্ড কৰ্তৃপক্ষই তদন্ত কৰি আছে। তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অগ্নিকাণ্ডৰ সঠিক কাৰণ সন্দৰ্ভত কোনো আনুষ্ঠানিক সিদ্ধান্ত ঘোষণা কৰা হোৱা নাই।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

August 2, 2026 10:01 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 2, 2026 9:06 am
মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

August 2, 2026 8:49 am
ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

August 2, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

পুৱাই ভয়ংকৰ বিমান দুৰ্ঘটনা! ভাঙি পৰিল পৰ্যটক কঢ়িওৱা বিমান; পাইলটসহ ১৩ জনৰ মৃত্যু

August 2, 2026 10:01 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 2, 2026 9:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd