• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

শেহতীয়াকৈ হাউথীৰ বিৰুদ্ধে নিৰাপত্তা অভিযান আৰু লোহিত সাগৰ অঞ্চলত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সংঘাতৰ তীব্ৰতা বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2026 7:38 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাউথী গোষ্ঠীয়ে য়েমেন চৰকাৰৰ নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ চলাইছে। এই আক্ৰমণত কমেও ৩০ জন লোক নিহত হয়। আহত হৈছে কমেও ৫০ জন লোক। এই আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। হাউথী গোষ্ঠীয়ে সকীয়াই দিছে যে যদিহে নিৰাপত্তাৰক্ষীসকলে অঞ্চলটো এৰি নাযায় তেন্তে বাচি থাকিব নোৱাৰিব।

য়েমেনৰ ভিতৰত ছৌদি সমৰ্থিত সামৰিক স্থানসমূহক লক্ষ্য কৰি বৃহৎ পৰিসৰৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণৰ দাবী কৰাৰ পিছত তাত সংঘাতে বিপজ্জনক ৰূপ ধাৰণ কৰিছে। য়েমেন চৰকাৰৰ প্ৰতি আনুগত্যশীল বাহিনীয়েও একাধিক ঘাটিত আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে। লগতে এই আক্ৰমণৰ ফলত হতাহতৰ লগতে সা-সম্পত্তিৰ ক্ষতিসাধন হোৱা বুলিও জানিবলৈ দিয়ে।

Apply Now

শেহতীয়াকৈ হাউথীৰ বিৰুদ্ধে নিৰাপত্তা অভিযান আৰু লোহিত সাগৰ অঞ্চলত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সংঘাতৰ তীব্ৰতা বৃদ্ধি পাইছে। দুয়োপক্ষই ইটোৱে সিটোৰ বিৰুদ্ধে অভিযোগ আৰু সতৰ্কবাণী জাৰি কৰাৰ পিছত সংঘাত তীব্ৰতৰ হোৱাৰ আশংকা দেখা গৈছে।

ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীয়ে বৃহস্পতিবাৰে মধ্য আৰু পূব য়েমেনত সংঘটিত কৰা আক্ৰমণত কমেও ৩০ জন চৰকাৰী জোৱান নিহত হোৱাৰ লগতে কমেও ৫০ জন আহত হয় বুলি য়েমেন চৰকাৰী বিষয়াসকলে জানিবলৈ দিয়ে। মাৰিব আৰু হাদ্ৰমৌত প্ৰদেশৰ আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত চৰকাৰৰ শিবিৰসমূহক লক্ষ্য কৰি আক্ৰমণ কৰা বুলি তেওঁলোকে জানিবলৈ দিছে।

সংবাদ সংস্থাৰ বাতৰি মতে, য়েমেনৰ সেনাই এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। ইয়াৰ ঘাটিত হাউথীৰ আক্ৰমণত জোৱান নিহত হোৱা বুলিও কোৱা হৈছে। অৱশ্যে য়েমেনৰ সেনাই হতাহতৰ নিৰ্দিষ্ট সংখ্যা প্ৰকাশ কৰা নাই।

ইপিনে, হাউথী ব্ৰিগেডিয়াৰ জেনেৰেল ইয়াহ্যা ছাৰীয়ে কয় যে মাৰিব আৰু হাদ্ৰমাউট প্ৰদেশৰ সামৰিক ঘাটিত বেলিষ্টিক মিছাইল আৰু ড্ৰ’ন ব্যৱহাৰ কৰি এই আক্ৰমণ সংঘটিত কৰা হৈছে। তেওঁ লগতে কয় যে পূব য়েমেনত ছৌদি সমৰ্থিত বাহিনীৰ শক্তি বৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

তেওঁ দাবী কৰে যে এই আক্ৰমণত “শ শ ছৌদি পক্ষৰ ভাড়াতীয়া সেনা” নিহত হৈছে। লগতে তেওঁলোকৰ বিভিন্ন ঘাটি, ডিপো, সামৰিক বাহন আৰু অস্ত্ৰ-শস্ত্ৰ ধ্বংস কৰি জ্বলাই দিয়া বুলিও দাবী কৰা হৈছে।

ইয়াৰ সমান্তৰালকৈ তাত থকা বাসিন্দাসকলকো সজাগ হ’বলৈ কোৱা হৈছে।  দেখা পোৱাৰ লগে লগে ছৌদি আৰৱৰ সেনাক আক্ৰমণ কৰা হ’ব বুলি জনোৱা হৈছে।

য়েমেনত থকা আমেৰিকাৰ মিছনে এই আক্ৰমণক গৰিহণা দিছে। তেওঁলোকে কয় যে হাউথীসকলৰ আক্ৰমণ হৈছে “য়েমেনৰ জনসাধাৰণৰ বিৰুদ্ধে তেওঁলোকৰ সন্ত্ৰাসবাদৰ আন এক উদাহৰণ”।

প্ৰসংগক্ৰমে ২০১৪ চনত হাউথীয়ে ৰাজধানী ছানা দখল কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত চৰকাৰখনক ছৌদি আৰৱত নিৰ্বাসিত হ’বলৈ বাধ্য কৰাৰ পিছৰে পৰা য়েমেন গৃহযুদ্ধত নিমজ্জিত হৈ পৰিছে।

ইয়াৰ কেইমাহমানৰ পাছত ছৌদি আৰৱৰ নেতৃত্বত মিত্ৰজোঁটে সংঘাতত হস্তক্ষেপ কৰে। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত চৰকাৰখনক পুনৰ ক্ষমতালৈ অনাৰ লক্ষ্যৰে ২০১৫ চনৰ পৰা বিদ্ৰোহী সংগঠনটোৰ সৈতে যুঁজি আহিছে।

হাউথীয়ে দাবী কৰে যে শেহতীয়াকৈ লোহিত সাগৰ আৰু বাব এল-মাণ্ডেব জলদ্বীপত চৌদি আৰৱৰ বিৰুদ্ধে নৌসেনাৰ অৱৰোধকে ধৰি তেওঁলোকৰ কাৰ্যকলাপ বৃদ্ধি পোৱাটো মূলতঃ ২০১৫ চনৰ পৰা ছৌদি আৰবে য়েমেনত আৰোপ কৰা আকাশ আৰু সাগৰীয় অৱৰোধৰ প্ৰত্যুত্তৰ।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd