ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ সমীপৰ গুলী-বাৰুদ মজুত ৰখা স্থানত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ ফলত সংঘটিত হোৱা বৃহৎ বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পাইছে। এতিয়াও সন্ধানহীন হৈ আছে চাৰিজন লোক।
আন্তৰ্জাতিক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি কিয়েভৰ পশ্চিমে মিলা অঞ্চলত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ ফলত গুলী-বাৰুদ মজুত স্থানত জুই লাগে। তাৰ পিছত তাত জমা হৈ থকা গুলী-বাৰুদ বিস্ফোৰণ হ’বলৈ ধৰে। ধাৰাবাহিকভাৱে শক্তিশালী বিস্ফোৰণে কাষৰীয়া আৱাসিক অঞ্চলসমূহৰ ক্ষতিসাধন কৰে।
সামৰিক অস্ত্ৰভাণ্ডাৰৰ স্থানত যুদ্ধৰ বিভিন্ন সঁজুলি আছিল। ইয়াৰ ভিতৰত আছিল আৰ্টিলাৰীৰ গোলা, মাইন, ড্ৰোন আৰু অন্যান্য গুলী-বাৰুদ। প্ৰথমতে ৰাছিয়াৰ আক্ৰমণৰ পিছত মজুত কৰা গুলী- বাৰুদত জুই লাগে। তাৰ পিছত ধাৰাবাহিকভাৱে বিস্ফোৰণ আৰম্ভ ঘটে।
বিস্ফোৰণৰ ফলত গোলা আৰু অন্যান্য ধ্বংসাৱশেষ ওচৰৰ আৱাসিক এলেকাত সিঁচৰতি হৈ পৰে। কেইবাটাও ঘৰৰ ক্ষতিসাধন হোৱাৰ লগতে কিছুমান ঠাইত বিস্ফোৰণ নোহোৱা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ হয়। উদ্ধাৰকাৰী দলে এতিয়াও নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে।
এই ঘটনাই ইউক্ৰেইনৰ সামৰিক গুলী-বাৰুদ মজুত ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে কয় যে অসামৰিক ঘৰৰ ওচৰত বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু গোলাবাৰুদ মজুত কৰা হৈছে নে নাই সেই বিষয়ে তদন্ত কৰাটো প্ৰয়োজনীয়।
তেওঁৰ বক্তব্যই ইংগিত দিছিল যে কেৱল ৰাছিয়াৰ আক্ৰমণেই নহয়, গুলী-বাৰুদ মজুতৰ ক্ষেত্ৰত সম্ভাৱ্য অপব্যৱস্থাপনাই হয়তো হতাহতৰ সংখ্যা বৃদ্ধি কৰিছে। ঘটনাৰ পিছতে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দেশখনৰ বিভিন্ন গুলী-বাৰুদ মজুত কেন্দ্ৰৰ নিৰাপত্তা আৰু পৰিচালনাৰ অডিটৰ নিৰ্দেশ দিয়ে।
কিয়েভৰ ওচৰৰ সামৰিক অস্ত্ৰভাণ্ডাৰত এনে মাৰাত্মক ঘটনা নতুন নহয়। ইয়াৰ পূৰ্বে জুলাই মাহত ভিষ্ণেভ অঞ্চলৰ আন এটা সামৰিক অস্ত্ৰভাণ্ডাৰত বিস্ফোৰণৰ ফলত ১০ জন লোকৰ মৃত্যু হৈছিল। সেই ঘটনাত শতাধিক ঘৰৰ ক্ষতিসাধন হয়। তেতিয়াৰ পৰাই ইউক্ৰেইনৰ ভিতৰত জনবসতিপূৰ্ণ অঞ্চলৰ ওচৰত সামৰিক বিস্ফোৰক মজুত কৰাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। মিলা অঞ্চলত হোৱা বিস্ফোৰণে সেই বিতৰ্কক তীব্ৰতৰ কৰি তুলিছে।
যি সময়ত ৰাছিয়াই কিয়েভ আৰু ইউক্ৰেইনৰ অন্যান্য অঞ্চলত বিমান আক্ৰমণৰ মাত্ৰা বৃদ্ধি কৰিছে সেই সময়তে এই আক্ৰমণ সংঘটিত হৈছে। ইউক্ৰেইনে দাবী কৰিছে যে ৰাছিয়াই ক্ষেপণাস্ত্ৰৰ উপৰিও জেট চালিত ড্ৰ’ন আৰু গতানুগতিক আক্ৰমণাত্মক ড্ৰ’ন ব্যৱহাৰ কৰি আছে। ইয়াৰ ফলত ইউক্ৰেইনৰ ইতিমধ্যে চাপত থকা বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ ওপৰত অধিক হেঁচা পৰিছে।
জেলেনস্কিয়ে দাবী কৰিছে যে যোৱা এসপ্তাহত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে প্ৰায় ২০০০ আক্ৰমণাত্মক ড্ৰোন, ১৬০০ৰো অধিক বোমা আৰু ৩১টা ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে। এই আক্ৰমণসমূহে সামৰিক আন্তঃগাঁথনিৰ লগতে শক্তি, লজিষ্টিক আৰু উদ্যোগ খণ্ডৰ গুৰুত্বপূৰ্ণ স্থাপনাসমূহক লক্ষ্য কৰি লৈছিল।
জেলেনস্কিয়ে কয় যে ইউক্ৰেইনে ৰাছিয়াৰ প্ৰতিটো আক্ৰমণ আৰু অপৰাধৰ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিব। তেওঁ কয় যে ইউক্ৰেইনে ৰাছিয়াৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাব। কিন্তু মিলা অঞ্চলত হোৱা ভয়ংকৰ বিস্ফোৰণে ইউক্ৰেইনৰ বাবে আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নও উত্থাপন কৰিছে যে যুদ্ধৰ সময়ত সামৰিক গুলী-বাৰুদ ক’ত আৰু কেনেকৈ মজুত কৰা হৈছে, আৰু ইয়াৰ নিৰাপত্তা কিমানখিনি নিশ্চিত কৰা হৈছে?


