আমেৰিকাৰ কেলিফৰ্ণিয়াৰ এখন বাৰত দুৰ্বৃত্তৰ গুলীচালনাত কমেও ৫ জন লোক নিহত হৈছে। এই ঘটনাত আন আৰু ৬ জন লোক আহত হয়। বৃহস্পতিবাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।
জানিব পৰা মতে, এগৰাকী অৱসৰপ্ৰাপ্ত আইন প্ৰয়োগকাৰী বিষয়াই বাৰখনত নিৰ্বিচাৰ গুলীচালনা কৰাৰ পিছতে এই প্ৰাণহানিৰ ঘটনা সংঘটিত হয়।
এই আক্ৰমণত আহত ৬ জন লোক হাস্পাতালত চিকিৎসাধীন হৈ আছে।
লগতে পঢ়ক: ৰাছিয়াত বিমান দুৰ্ঘটনাত নিহত পুটিনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ‘ৱেগনাৰ’ৰ মুৰব্বী প্ৰিগ’জিন
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত এক পোষ্টত অৰেঞ্জ কাউন্টি শ্বেৰিফে কয় যে গুলীচালনাৰ পিছত তাত একাধিক লোকৰ মৃত্যু হৈছে।
বাতৰি অনুসৰি. ট্ৰেবুকো কেনিয়নৰ কুকছ কৰ্ণাৰ নামৰ এখন বাইকাৰ বাৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু একাধিক আইন প্ৰয়োগকাৰী সংস্থাৰ তদন্তকাৰী দল সেই স্থানত নিয়োজিত হৈ আছে।





