বৃহস্পতিবাৰে পুৱতি নিশা হিমাচল প্ৰদেশৰ তিনিটা পৃথক স্থানত ভয়ানক ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে।
এই বিস্ফোৰণৰ ফলত প্ৰথম অৱস্থাত কমেও ৫০ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।
ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচল প্ৰদেশৰ চিমলা, মাণ্ডী আৰু কুল্লুত বিপুল ক্ষয়-ক্ষতি হৈছে জানিব পৰা গৈছে।
খবৰ অনুসৰি ইতিমধ্যে ৰাজ্যৰ দুৰ্যোগ সঁহাৰি দল ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে।
চিমলা জিলাৰ ৰামপুৰৰ সমীপৱৰ্তী সমাজখাৰ অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কমেও ২০ জন লোক সন্ধানহীন হৈ আছে। তেওঁলোকৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ হৈছে যদিও বৰষুণৰ বাবে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। ফলত উদ্ধাৰ অভিযান ব্যাহত হৈ পৰিছে।
আনহাতে, চিমলাৰ পৰা ১২৫ কিলোমিটাৰ নিলগৰ মাণ্ডিতো আজি পুৱা ডাৱৰ বিস্ফোৰণৰ খবৰ পোৱা গৈছে। তাতে এজন লোকৰ মৃত্যু হৈছে বুলি খবৰ প্ৰকাশ পাইছে। মাণ্ডিৰ উপাযুক্ত অপুৰবা দেৱগনে জনোৱা মতে, মুহল টেৰঙৰ সমীপৰ ৰাজবান গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন সংঘটিত হয়। ফলত পথটো বন্ধ হৈ পৰে। যাৰ বাবে অঞ্চলটোৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে।
ইফালে হিমাচলৰ চুবুৰীয়া উত্তৰাখণ্ডতো বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। তেহৰী গড়োৱাল জিলাৰ জাখানিয়ালিত ডাৱৰ বিস্ফোৰণৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হয়। নিহত দুগৰাকীৰ নাম ভানু প্ৰসাদ (৫০) আৰু অনিতা দেৱী (৪৫)। ৰাজ্যখনৰ এজন দুৰ্যোগ সঁহাৰি বিষয়াই জনোৱা মতে, ডাৱৰ বিস্ফোৰণৰ ফলত যোৱা নিশা তিনিজন লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।
আনহাতে, ধাৰাসাৰ বৰষুণৰ ফলত হৰিদ্বাৰত এটা জৰাজীৰ্ণ ঘৰৰ চাল ভাঙি দুটি শিশু নিহত হোৱাৰ লগতে ৯ জন আহত হয়। নিহত দুজন আস মহম্মদ (১০) আৰু নাগমা (৮) বুলি চিনাক্ত কৰা হৈছে। জিলা দণ্ডাধীশ ধীৰাজ সিং গৰবিয়ালে কয় যে আহত তিনিজনৰ অৱস্থা সংকটজনক।