• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘূৰ্ণীবতাহ মিগজাউম: চেন্নাইত ধাৰাসাৰ বৰষুণ, ৫ জন লোকৰ মৃত্যু; বন্ধ বিমানবন্দৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2023 10:06 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বংগপোসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘মিগজাউম’ তীব্ৰ ধুমুহালৈ পৰিণত হৈছে। মঙলবাৰে পুৱা অন্ধ্ৰপ্ৰদেশ উপকূলত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু পুডুচেৰী এই ধুমুহাৰ ফলত প্ৰভাৱিত হ’ব পাৰে।

ইতিমধ্যে চেন্নাইত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাইৰ বহু আৱাসিক অঞ্চল বুৰ গৈছে। সোমবাৰে ৫ জন লোকৰ মৃত্যু হয়। ইয়াৰে দুজনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। গছৰ তলত পৰি চেপা খাই এজনৰ মৃত্যু হয়।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, চেন্নাই চহৰত আৰু দুটা মৃতদেহ উদ্ধাৰ হৈছে। অৱশ্যে তেওঁলোকৰ মৃত্যু  ধুমুহাত হৈছে নে নাই সেয়া নিশ্চিত হোৱা নাই।

Apply Now

ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাইত বৃহৎ পৰিমাণৰ বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে। মঙলবাৰে দুপৰীয়া ১২ বজাৰ পিছত পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। মঙলবাৰে পুৱা ৯ বজালৈকে বন্ধ থাকিব চেন্নাই বিমানবন্দৰ।

লগতে পঢ়কঃ বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

ৰাজ্য চৰকাৰে চেন্নাই, চেংগালপট্টু, কাঞ্চিপুৰম আৰু তিৰুভাল্লুৰ জিলাত চৰকাৰী বন্ধ ঘোষণা কৰিছে। ব্যক্তিগত খণ্ডৰ সংস্থাসমূহৰ কৰ্মচাৰীসকলক যিমান পাৰি ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহপাত্ৰই কয় যে সোমবাৰে নিশা ৯ বজালৈকে ঘূৰ্ণীবতাহৰ কেন্দ্ৰৰ সমীপত প্ৰতি ঘণ্টাত ৯০-১০০ কিলোমিটাৰ বতাহৰ গতিবেগ আছিল। এইটো উত্তৰ দিশলৈ আগবাঢ়িছে।

 ইয়াৰ বাবে তামিলনাডুৰ চেন্নাই, তিৰুৱল্লুৰ আৰু কাঞ্চিপুৰম জিলাৰ সমীপত বতাহৰ গতি ক্ৰমান্বয়ে কমি আহিছে। তামিলনাডু উপকূলৰ ওচৰত আৰু অধিক হ্ৰাস পাব। ক্ৰমান্বয়ে অন্ধ্ৰপ্ৰদেশৰ ফালে বৃদ্ধি পাব। মঙলবাৰে পুৱালৈকে বতাহৰ গতি অব্যাহত থাকিব।

লগতে পঢ়কঃ প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

প্ৰচণ্ড ঘূৰ্ণীবতাহৰ বাবে সৰু আৰু মজলীয়া গছ উভালিব পাৰে বুলিও তেওঁ কয়। কেঁচা ঘৰত বৃহৎ পৰিসৰৰ ক্ষতি হ’ব পাৰে। তদুপৰি টেলিফোন আৰু বিদ্যুতৰ খুঁটা নষ্ট হোৱাৰ আশংকা আছে। ইয়াৰ ফলত উপকূলীয় অন্ধ্ৰপ্ৰদেশত প্ৰবল বৰষুণ হ’ব। ধুমুহাৰ বাবে জলপ্লাৱনে দক্ষিণ উপকূলীয় অন্ধ্ৰ প্ৰদেশৰ নিম্নভূমি অঞ্চল প্লাৱিত কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd