শাওণ মাহৰ পৱিত্ৰ সোমবাৰে বিহাৰৰ লখিচৰাইৰ বিখ্যাত অশোকধাম মন্দিৰত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। শিৱৰ মূৰত পানী ঢালি পূজা কৰিবলৈ ভক্তসকলে পুৱাই মন্দিৰত ভিৰ কৰিছিল। সেই বিশাল ভিৰৰ মাজত হঠাৎ পদপিষ্টৰ ঘটনা ঘটে। এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আন কেইবাজনো লোক আহত হৈছে। ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
প্ৰাথমিক তথ্য অনুসৰি সোমবাৰে পুৱা প্ৰায় ৬:৪৫ বজাত অশোকধাম মন্দিৰৰ প্ৰৱেশদ্বাৰত সংঘটিত হয় এই ঘটনা। শাওণ মাহৰ শেষ সোমবাৰ হোৱাৰ বাবে মন্দিৰত বৃহৎ সংখ্যক ভক্তৰ সমাগম হৈছিল। হাজাৰ হাজাৰ লোকে শিৱলিংগত জলাভিষেকৰ অপেক্ষা কৰি আছিল। ভিৰ বাঢ়ি অহাৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়।
ঘটনাৰ কাৰণ এতিয়াও সম্পূৰ্ণৰূপে নিশ্চিত হোৱা নাই। প্ৰাথমিক খবৰ অনুসৰি মন্দিৰৰ সমীপত বিদ্যুতৰ তাঁৰ ছিগি পৰাত আতংক বিয়পি পৰে। সেই তাঁৰত বিদ্যুৎ প্ৰবাহিত হৈ থকা বুলি ৰাইজ আতংকিত হৈ পৰে। পৰিস্থিতি অধিক বিশৃংখল হৈ পৰে যেতিয়া আতংকিত ভক্তৰ একাংশ হঠাতে আঁতৰি যাবলৈ লৰাঢপৰা কৰে।
আনহাতে, লখিচৰাই জিলা দণ্ডাধীশ শৈলেন্দ্ৰ কুমাৰে কয় যে প্ৰশাসনৰ তৰফৰ পৰা আগতীয়াকৈ বিপুল জনসমাগম চম্ভালিবলৈ ব্যৱস্থা কৰা হৈছিল। কিন্তু আজি আশা কৰাতকৈ বহু বেছি ভিৰ আছিল।
তেওঁৰ মতে, পুৱা ৬:৩০ বজাৰ পৰা ৬:৪৫ বজাৰ ভিতৰত দুখন ৰে’ল তাত উপস্থিত হয়। সেই ৰে’লত বহু ভক্ত আহিছিল, যাৰ বাবে একে সময়তে আৰু বহু লোক মন্দিৰৰ ফালে আগবাঢ়িছিল। ৰাইজৰ ভিৰৰ হেঁচাত এফালে বেৰিকেড ভাঙি একাংশ ভক্ত ইজনে সিজনৰ ওপৰত বাগৰি পৰে। তেওঁ কয় যে প্ৰশাসনে ক্ষীপ্ৰতাৰে ১০-১৫ জন লোকক সেইস্থানৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, প্ৰায় ১০০ জনীয়া এটা দলে মন্দিৰৰ প্ৰৱেশদ্বাৰৰ সমীপৰ বেৰিকেডৰ ফালে হেঁচা মাৰি ধৰিছিল। ঠাইখন এঢলীয়া হোৱাৰ বাবে পৰিস্থিতি অধিক বিপদজনক হৈ পৰে। বাঁহৰ বেৰিকেড ভাঙি পৰাৰ পিছত পিছফালৰ পৰা অহা ৰাইজৰ ভিৰৰ হেঁচাত বহু লোক মাটিত পৰি যায় আৰু আন কিছুমানে তাৰ ওপৰেৰে দৌৰি যাবলৈ চেষ্টা কৰে। অৱশ্যে প্ৰত্যক্ষদৰ্শীৰ এই দাবী এতিয়াও স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাই।
সংবাদ সংস্থাৰ আগত লখিচৰাইৰ এছডিপিঅ’ শিৱম কুমাৰে কয় যে এই পৰ্যন্ত ৭জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। তেওঁ কয়, “প্ৰথম অৱস্থাত মন্দিৰ চৌহদত বিদ্যুতৰ খুঁটা এটা খহি পৰাৰ খবৰ পোৱা গৈছে। ইয়াৰ বাবেই হয়তো একাংশ লোক বিদ্যুৎস্পৃষ্ট হৈ পৰিছে। ইয়াৰ পিছতে ভক্তসকলৰ মাজত আতংক বিয়পি পৰে আৰু পদপিষ্ট সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ল।”
কিন্তু এই দুৰ্ঘটনাৰ সঠিক কাৰণ অৰ্থাৎ বিদ্যুতৰ খুঁটাটো পৰি যোৱাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। সকলো তথ্য পৰীক্ষা কৰাৰ পিছতহে ইয়াৰ সঠিক কাৰণ জানিব পৰা যাব বুলি এছডিপিঅ’ই জনায়। অৰ্থাৎ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল নে ভিৰৰ হেঁচাত মৃত্যু হৈছিল অথবা দুয়োটা কাণ্ডৰ সম্পৰ্ক আছে নেকি—এতিয়াও তদন্ত চলি আছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
শাওণৰ পৱিত্ৰ সোমবাৰে পূজা কৰিবলৈ যোৱাৰ সময়ত সংঘটিত হোৱা এনে এক কৰুণ ঘটনাই স্বাভাৱিকতে অশোকধাম মন্দিৰ আৰু লখিচৰাইজুৰি শোকৰ ছাঁ পেলাইছে।





