• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক ঘটনা! শীতলা মন্দিৰত পদপিষ্ট হৈ ৮ জন ভক্ত নিহত, বহুকেইজন আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:45 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূজা আগবঢ়োৱাৰ সময়তে ঘটিল কৰুণ পৰিণতি। বিহাৰৰ নালন্দাৰ ঐতিহাসিক শীতলা মন্দিৰত হোৱা পদপিষ্টৰ ঘটনাত কমেও ৮ জন ভক্ত নিহত হয়। আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি এই ভয়াবহ ঘটনাত আৰু ১২ জন লোক গুৰুতৰভাৱে আহত হয়। আজি (মঙলবাৰে) পুৱা সংঘটিত হয় এই দুৰ্ঘটনা। ইতিমধ্যে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দীপনগৰ আৰক্ষী থানা এলেকাৰ নালন্দাৰ পৰা ৫ কিলোমিটাৰ নিলগৰ মাঘৰা গাঁৱত সংঘটিত হয় এই ঘটনা। এই গাঁৱত প্ৰাচীন শীতলা মন্দিৰ আছে। জনা যায় যে প্ৰতি মঙলবাৰে শ শ লোক এই মন্দিৰত পূজা কৰিবলৈ সমবেত হয়। অৱশ্যে আজি চ’ত মাহৰ মঙলবাৰ হোৱাৰ বাবে আন দিনতকৈ লোকৰ সংখ্যা লক্ষণীয়ভাৱে বেছি আছিল।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি পুৱাৰে পৰা দৰ্শনৰ বাবে দীঘলীয়া শাৰী হৈছিল। হঠাৎ শাৰীত থিয় হৈ থকা তীৰ্থযাত্ৰীসকলৰ মাজত এক বিৰাট হুলস্থুল আৰম্ভ হ’ল। ভিৰপ ঠেলাহেঁচাত বহুতেই মাটিত পৰি যায় আৰু পদপিষ্ট হয়। অৱশ্যে এই হঠাৎ আতংক আৰু হুলস্থুলৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। মৃত আটাইকেইগৰাকী মহিলা ভক্ত বুলি জানিব পৰা গৈছে।

খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে বৃহৎ আৰক্ষী বাহিনী লৈ সেই স্থানত উপস্থিত হয়। অঞ্চলটোৰ এছডিপিঅ’ও উপস্থিত হয়। ভিৰ নিয়ন্ত্ৰণ কৰাৰ উপৰিও আহতসকলক ক্ষীপ্ৰতাৰে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হয়।

এই মৰ্মান্তিক দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী সম্ৰাট চৌধাৰীয়ে। তেওঁ মৃতকৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহত তীৰ্থযাত্ৰীসকলৰ আশু আৰোগ্য কামনা কৰে।

ইতিমধ্যে বিহাৰ চৰকাৰে মৃতকৰ পৰিয়াললৈ মুঠ ৬ লাখ টকা আৰ্থিক সাহায্য হিচাপে ঘোষণা কৰিছে। ইয়াৰ ভিতৰত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকা দিয়া হ’ব বুলি প্ৰশাসনে অৱগত কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd