চামগুৰিৰ আমনিত দেওবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিক্ষোভ প্ৰদৰ্শন কৰে।
চাহ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাকে ধৰি নগাঁও জিলাৰ ১৮ খন চাহ বাগিছাৰ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহক বিজেপিৰ মিত্ৰজোঁট অগপ দলৰ মন্ত্ৰী কেশৱ মহন্তই অৱহেলা কৰাৰ প্ৰতিবাদত আমনি তিনি আলিত প্ৰতিবাদকাৰী সকলে তীব্ৰ বিক্ষোভেৰে প্ৰতিবাদ সাব্যস্ত কৰি মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
অনাগত কেইদিনত যদি অসম চৰকাৰ তথা মন্ত্ৰী গৰাকীয়ে জিলা খনৰ প্ৰকৃত দৰিদ্ৰ চাহ শ্ৰমিক সকলক মাটিৰ পট্টা প্ৰদানকে ধৰি চাহ জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে তেন্তে আগন্তুক নিৰ্বাচনৰ সময়ত বিজেপিৰ মিত্ৰজোঁট চৰকাৰখনৰ নেতাকে ধৰি মন্ত্ৰী কেশৱ মহন্তক চাহ অধ্যুষিত অঞ্চল সমূহত প্ৰৱেশ নিষিদ্ধ কৰিব বুলি আটছাৰ নেতা কৰ্মীই জানিবলৈ দিয়ে।