• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৱধান! মন্ত্ৰী অতুল বৰাৰ সন্দেহ ক’ৰ’নাৰ দৰে এক মাৰাত্মক ৰোগত মৃত্যু হৈছে অসমৰ গাহৰি

'সাধাৰণ ছোৱাইন ফেভাৰত মৃত্যু হোৱা নাই অসমৰ গাহৰি', মন্ত্ৰী অতুল বৰা

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , April 29, 2020 7:28 pm

2 min read

index.jpg55
1.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অস্বাভাৱিক হাৰত যি গাহৰি মৃত্যু হৈছে সেয়া সাধাৰণ ছোৱাইন ফিভাৰ নহয়। প্ৰাথমিক পশু বিভাগে কৰা নমুনা পৰীক্ষাত আফ্ৰিকান ছোৱাইন ফিভাৰ পোৱা গৈছে। ভূপালৰ পৰীক্ষাৰ ফলাফলত নিশ্চিত হ’ব সকলো কথা৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে পশুধন তথা কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ৷

লগতে মন্ত্ৰী বৰাই কয় “আফ্ৰিকান ছোৱাইন ফেভাৰৰ ঔষধ আজিলৈ ওলোৱা নাই, ইও এক প্ৰকাৰৰ ক’ৰ’নাই৷ যদি ৰাজ্যত গাহৰি মৃত্যু কাৰণ সেয়াই হয় তেন্তে ভাৰত চৰকাৰৰ গাইড লাইন মানিব লাগিব। আফ্ৰিকান ছোৱাইন ফেভাৰ হ’লে কোৱাৰেন্টাইন কৰি আচুতীয়া কৈ ৰাখিব লাগিব যাতে ভাল গাহৰি সমূহলৈ সংক্ৰমন হ’ব নোৱাৰে।”

আফ্ৰিকান ছোৱাইন ফেভাৰ হ’লে আক্রান্ত গাহৰি পৰা মানুহৰ দেহলৈ ৰোগটো সংক্ৰমন হ’ব নোৱাৰে। এই কথা পশু বিশেষজ্ঞ সকলে স্পষ্ট ভাৱে কৈছে বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়, “মাংসসমূহ উষ্ণতাত গৰম কৰি খোৱা ব্যৱস্থা কৰিব৷ চিকিৎসকসকলৰ বাবে পিপিই থাকিব৷ লগতে পিপিই ক্ৰয় কৰাৰ বাবে সিদ্ধান্ত লয় বিভাগে।”

মন্ত্ৰী বৰাই প্ৰকাশ কৰা অনুসৰি উজনি অসমৰ ৬ খন জিলাত বৰ্তমান সময়লৈকে ২২৮২টা গাহৰিৰ মৃত্যু হৈছে। মৃত্যু হোৱা গাহৰিসমূহৰ ৰোগৰ যি লক্ষণ সেয়া পূৰ্বতে ৰাজ্যৰ পশু চিকিৎসকসকলে দেখা নাই বুলি উল্লেখ কৰি কয়, “আমি ভয় খাইছো ৰাজ্য বনৰীয়া গাহৰি সমূহলৈ এই ৰোগ সংক্ৰমন হব বুলি।”

ইফালে সংক্ৰমণ ৰোধ কৰাৰ বাবে নিৰ্দিষ্ট জিলাসমূহৰ বিভাগৰ বিষয়া সকললৈ কঠোৰ নির্দেশনা প্ৰদান কৰা হৈছে। এনেদৰে কঠোৰ নিৰ্দেনা জাৰি কৰি সংক্ৰমণ ৰোধ কৰিব পৰা যাব। নামনি অসমৰ কোনো জিলাত এই ৰোগ হোৱা নাই। মন্ত্ৰী বৰাই কয়।

অনাগত দিনত ৰাজ্য কৃষি খণ্ডত অধিক গুৰুত্ব দিব লাগিব। ৰাজ্যৰ গৰিষ্ঠ মানুহ কৃষিৰ লগত জড়িত বুলি উল্লেখ কৰি বৰাই কয়, “পৰম্পৰাগত ভাৱে আমি হাঁহ, কুকুৰা, গাহৰি, পাৰ আদি পুহি আহিছোঁ। বৰ্তমান আমি বাণিজ্যক ভিত্তিত পুহিব লাগিব। কাৰণ আমাৰ অৰ্থনীতি বহুতখিনি ইয়াৰ ওপৰত নিৰ্ভৰশীল। চৰকাৰেও ইয়াৰ ওপৰত অধিক গুৰুত্ব দিব।”

ল’কডাউনৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ কৃষক সকলক দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মন্ত্ৰী বৰাই।

আজি গুৱাহাটী মহানগৰীৰ চেনিকুঠিস্থিত পশুপালন বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়৷ সভাত পশুধন তথা কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু পশুপালন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়া উপস্থিত থাকে ৷

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd