• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

কেৱল বিৰাট কোহলিয়ে নহয়, অনুষ্কা শৰ্মা, শিখৰ ধাৱন আৰু ৰবি শাস্ত্ৰীয়েও ইংলেণ্ডৰ খেলপথাৰত ভাৰতৰ শোচনীয় পৰাজয়ৰ সাক্ষী হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 9:16 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৰুত্বপূৰ্ণ মেচখনত ২০ অভাৰত ১৭০ ৰান কম হৈ পৰিল। অৱশেষত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হ’ল! ষ্টেডিয়ামৰ অন্যতম দৰ্শক বিৰাট কোহলীৰ সন্মুখত ভাৰতৰ মহিলা দলৰ বিশ্বকাপৰ সপোন চূৰমাৰ হৈ পৰিল। শ্বেন ৱাৰ্ণৰ দেশৰ দলটোৱে মেচখন অনায়াসে ৬ উইকেটত জয়লাভ কৰে। ফলত তেওঁলোকে গ্ৰুপত শীৰ্ষস্থান দখল কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে দক্ষিণ আফ্ৰিকাই দ্বিতীয় দল হিচাপে শেষ চাৰিটা স্থানত স্থান লাভ কৰে।

ইংলেণ্ডৰ বতৰত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্তৰ বাবে ভাৰতে ভূগিবলগীয়া হ’ল। পুৱা ডাৱৰীয়া পৰিস্থিতিত বেটিং কৰাটো কঠিন হৈ পৰিছিল। ফলত ভাৰতীয় দলৰ বেছিভাগ বেটছমেনে ৰান সংগ্ৰহ কৰিলে যদিও দিনটোৰ শেষত লেহেমীয়া স্ক’ৰব’ৰ্ডে বিপৰ্যয় কঢ়িয়াই আনিলে। কিন্তু ছফী মলিনেক্সৰ দলটোৱে পিছত বেটিং কৰিবলৈ নমাৰ সময়ত ৰ’দৰ পৰিৱেশৰ সুযোগ পাইছিল।

Apply Now

শ্বেফালীয়ে ৩৪ ৰানত আউট হয়। ৩৮ ৰানৰ অন্তত ৰান আউট হয় স্মৃতি। আনহাতে, জেমিমাই ২৮টা বলত ৩৪ ৰান সংগ্ৰহ কৰে। যিটো টি-২০ ক্ৰিকেটত স্থবিৰতাৰ নিদৰ্শন। অধিনায়ক হৰমনপ্ৰীতৰ যুঁজে ভাৰতক ১৭০ ৰানলৈ লৈ যায়। তেওঁ ২৭টা বলত ৫৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। যদিও যি ঘটিবলগীয়া আছিল সেয়া ইতিমধ্যে ঘটি গৈছিল।

তথাপিও যেতিয়া অষ্ট্ৰেলিয়াৰ প্ৰথমটো উইকেট (জৰ্জিয়া বল) দলীয় ৪ ৰানত পৰিল ভাৰতীয় অনুৰাগীসকল আশা জাগি উঠিছিল । আনকি ৯ অভাৰ আৰু ১ টা বলত তিনিটা উইকেট পৰিল, আৰু তেওঁলোকৰ মুঠ ৰান হ’ল ৬৮। কিন্তু তাতেই গোটেই যুঁজখনৰ অন্ত পৰিল।

ফিবি লিচফিল্ড আৰু বেথ মুনীক আউট কৰাৰ পিছত পেৰী আৰু গাৰ্ডনাৰে এক গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। তেওঁলোকৰ ১০০ ৰানৰ পাৰ্টনাৰশ্বিপে অষ্ট্ৰেলিয়াক জয় আনি দিয়ে। পেৰীয়ে ৩৮টা বলত ৫৬ ৰান সংগ্ৰহ কৰি আউট হয় যদিও গাৰ্ডনাৰে ২৯টা বলত ৫৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

শেষত এটা অভাৰ বাকী থকা অৱস্থাত ৬ উইকেটত জয়ী হয় অষ্ট্ৰেলিয়া। অৱশ্যে কেৱল বিৰাট কোহলিয়ে নহয়, অনুষ্কা শৰ্মা, শিখৰ ধাৱন আৰু ৰবি শাস্ত্ৰীয়েও ইংলেণ্ডৰ খেলপথাৰত ভাৰতৰ শোচনীয় পৰাজয়ৰ সাক্ষী হৈছিল।

পৰাজয়ৰ দুখৰ মাজতো একমাত্ৰ সান্তনাটো আছিল দেওবাৰে ঝুলন গোস্বামীৰ অভিলেখ ভংগ কৰি মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয় দীপ্তি শৰ্মা। এতিয়া তেওঁৰ উইকেটৰ সংখ্যা ৩৫৬।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৭০/৪ (হৰমন ৫৬, স্মৃতি ৩৮, শ্বেফালী ৩৪, জেমিমা ৩৪, ছফী ৪৬/২)

অষ্ট্ৰেলিয়াঃ ১৭২/৪ (পেৰী ৫৬, গাৰ্ডনাৰ ৫৩, শ্ৰী ৩২/২)

অষ্ট্ৰেলিয়াই ৬ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm
সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm
হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm
সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd