• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নাৰীৰ সংজ্ঞা কি?’ এগৰাকী ৰূপান্তৰকামী মহিলাৰ গোচৰত তাৎপৰ্যপূৰ্ণ ব্যাখ্যা অষ্ট্ৰেলিয়াৰ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2024 1:41 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰী বুলি কাক কোৱা হয়? নাৰী শব্দটোৰ আক্ষৰিক অৰ্থ কি? অষ্ট্ৰেলিয়াৰ ফেডাৰেল আদালতে এক অভূতপূৰ্ব ৰায়দানত ইয়াৰ উল্লেখযোগ্য ব্যাখ্যা আগবঢ়াইছে।

গোচৰ দাখিল কৰা গৰাকী আছিল ৰূপান্তৰকামী মহিলা ৰক্সান টিকেল। তেওঁ নিজৰ সত্তা আৰু পৰিচয়ক লৈ তেওঁ বহুদিন ধৰি এটা গোচৰ যুঁজি আছিল। শুকুৰবাৰে (২৩ আগষ্ট) অষ্ট্ৰেলিয়াৰ ফেডাৰেল আদালতে এই গোচৰৰ শুনানি গ্ৰহণ কৰি পৰ্যবেক্ষণ কৰে যে, এগৰাকী মহিলা হ’ল এনে এজন ব্যক্তি যি দেখাত এগৰাকী নাৰী। একে সময়তে বুজাই দিয়ে যে এগৰাকী নাৰীৰ পৰিচয় তেওঁৰ লিংগৰ ওপৰত নিৰ্ভৰ নকৰে।

আন্তঃৰাষ্ট্ৰীয় আইন বিশেষজ্ঞসকলৰ মতে অষ্ট্ৰেলিয়াৰ আদালতৰ এই পৰ্যবেক্ষণ অভূতপূৰ্ব। এই পৰ্যবেক্ষণক ভৱিষ্যতে আৰু বহু ক্ষেত্ৰত উদাহৰণ হিচাপে গণ্য কৰা হ’ব।

Apply Now

লগতে পঢ়কঃ ক্ৰিকেটৰ পৰা বিদায় ল’লে শিখৰ ধাৱানে; কোনো ক্ৰিকেটেই আৰু নেখেলে ভাৰতীয় অ’পেনাৰগৰাকীয়ে

‘টিকেল বনাম গিগেল’ আছিল অষ্ট্ৰেলিয়াৰ ফেডাৰেল আদালতৰ প্ৰথমটো গোচৰ যিয়ে এগৰাকী ৰূপান্তৰকামী মহিলাৰ পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

 ‘গিগল ফৰ গাৰ্লছ প্ৰাইভেট লিমিটেড’ সংস্থা আৰু ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া চেলি গ্ৰ’ভাৰৰ বিৰুদ্ধে গোচৰ তৰিছিল ৰ’ক্সান টিকেল নামৰ এগৰাকী ৰূপান্তৰকামী মহিলাই। তেওঁৰ অভিযোগ আছিল যে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁক সংগঠনটোৱে প্ৰতাৰণা আৰু অসন্মান কৰিছিল। তেওঁক গিগেল নামৰ এপটো ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই এপটো কেৱল মহিলাৰ ব্যৱহাৰৰ বাবে আৰু তেওঁক ৰূপান্তৰকামী মহিলা হোৱাৰ বাবে কৰ্তৃপক্ষই নিষেধাজ্ঞা আৰোপ কৰিছিল।

ৰক্সান টিকলে লগতে অভিযোগ কৰে যে তেওঁৰ লিংগ পৰিচয়ক বাৰে বাৰে ঠাট্টা কৰাৰ লগতে এপটোৰ পৰা তেওঁৰ সদস্যপদ বাতিল কৰা হৈছে। তাৰ বাবেই তেওঁ মানসিকভাৱে হতাশ হৈ পৰিছিল। টিকেলে অভিযোগ কৰে যে চেলি গ্ৰভাৰে কেইবাটাও ৰাজহুৱা মন্তব্য কৰি তেওঁৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিছে। ক্ষতিপূৰণ হিচাপে তেওঁ দাবী কৰিছিল ১৭ লাখ টকা।

লগতে পঢ়কঃ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ গৈ পুখুৰীত ডুবি মৃত্যু ধিঙৰ ধৰ্ষণ কাণ্ডৰ প্ৰধান অভিযুক্তৰ

আদালতত কোৱা হৈছে যে ৰক্সান টিকেলে লিংগ পৰিৱৰ্তন আৰু হৰম’নৰ চিকিৎসা কৰিছে। বৰ্তমান পৰিয়াল, বন্ধু-বান্ধৱ আৰু কৰ্মক্ষেত্ৰত তেওঁ মহিলা হিচাপে পৰিচিত। তেওঁ মহিলাৰ শৌচাগাৰ ব্যৱহাৰ কৰে।

অভিযুক্ত চেলি গ্ৰভাৰে অৱশ্যে নিজৰ স্থিতিত অটল। ৰক্সান টিকলেক এপটোৰ পৰা নিষিদ্ধ কৰা বুলি স্বীকাৰ কৰে যদিও তেওঁ দাবী কৰে যে টিকেল জৈৱিকভাৱে পুৰুষ, গতিকে নিয়ম অনুসৰি তেওঁক এপটো ব্যৱহাৰ কৰিবলৈ দিয়াটো সম্ভৱ নহয়।

তাৰ পিছতে আদালতত প্ৰশ্ন উত্থাপন হ’ল, তেন্তে নাৰীৰ সংজ্ঞা কি? লিংগ আৰু যৌন পৰিচয় কেনেকৈ নিৰ্ণয় কৰিব পাৰি? অষ্ট্ৰেলিয়াত এগৰাকী কঠোৰ নাৰীবাদী হিচাপে পৰিচিত চেলি গ্ৰ’ভাৰ। যৌনতা, তেওঁৰ মতে, এক অপৰিৱৰ্তনীয় জৈৱিক বিষয়। শৰীৰত অস্ত্ৰোপচাৰ কৰি লিংগ সলনি কৰিলে বাহ্যিক ৰূপহে সলনি হয়।

কিন্তু এই যুক্তি অষ্ট্ৰেলিয়াৰ ফেডাৰেল আদালতত থিয় নৰজিল। ন্যায়াধীশ ৰবাৰ্ট ব্ৰুমৱিচে কয় যে লিংগ পৰিচয় সুৰক্ষা আইন অনুসৰি ৰক্সান টিকেলক তেওঁৰ পৰিচয়ৰ বিষয়ে বাৰে বাৰে হাৰাশাস্তি কৰা হৈছে। অষ্ট্ৰেলিয়াৰ ৰূপান্তৰকামীৰ সপক্ষে ৰায় দি এপ কৰ্তৃপক্ষক গোচৰকাৰীক ৮ লাখ ৪০ হাজাৰ টকাৰ জৰিমনা দিয়াৰ নিৰ্দেশ দিয়ে।

লগতে পঢ়কঃ হাতীৰ মৃত্যুৰ গোচৰত নুমলীগড় শোধনাগাৰ লিমিটেডৰ মুখ্য প্ৰবন্ধকৰ জামিন নাকচ আদালতৰ

অষ্ট্ৰেলিয়াৰ আদালতৰ এই সিদ্ধান্তক নিজৰ লিংগ পৰিচয় আৰু যৌন পৰিচয়ৰ বাবে যুঁজি থকা হাজাৰ হাজাৰ ৰূপান্তৰকামীৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। নিৰ্দিষ্ট শৌচাগাৰ, জিৰণিগৃহ আৰু ৰূপান্তৰকামীৰ বাবে সামগ্ৰিক সুৰক্ষাৰ বিষয়ে সৰৱ হোৱাসকলৰ বাবে এইটো নিঃসন্দেহে এক ডাঙৰ জয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

August 1, 2026 7:58 pm
ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

August 1, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd