DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এদিন বদৰুদ্দিন আজমল হ’ব অসমৰ মুখ্য মন্ত্ৰী : জয়ন্ত মল্ল বৰুৱা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 14, 2018 6:17 pm
Jyanta Mallah Baruah Spoke person,Assam State BJP.addressing a Press Conference at BJP Office in Guwahati on 14-11-18. Pix BY UB Photos

জয়ন্ত মল্ল বৰুৱাৰ ফাইল ছবি।

435
VIEWS
Share on FacebookShare on Twitter

‘অসমৰ বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে এদিন বদৰুদ্দিন আজমল হ’ব অসমৰ মুখ্য মন্ত্ৰী’, এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ।

বুধবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্য্যালয়ত এখন সংবাদমেলত তেওঁ কয়, ‘১৯৮৫ চনত ২৭ শতাংশ বিদেশী  মুছলমান আৰু এতিয়া অসমত ৩৬ শতাংশ বিদেশীমূলৰ মুছলমানৰ আধিপত্য চলি আছে, সেয়েহে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে এদিন বদৰুদ্দিন আজমল অসমৰ মুখ্য মন্ত্ৰী হ’বগৈ।‘

‘১৯৮৫ চনৰ দৰে অসমৰ মানুহ আৱেগত উটি-ভাহি গ’লে নহ’ব’ বুলি মন্তব্য কৰি বৰুৱাই লগতে কয়, ‘আজমলক মুখ্য মন্ত্ৰী হোৱা ঘটনাত বাধা দিয়াটো এটা সময়ত অসম্ভৱ হৈ পৰিব। গতিকে অসমৰ ৰাইজ আবেগ অনুভুতিত উটি-ভাহি নালাগে।‘

অসম চুক্তিয়ে অসমক ২০ টা বছৰ পিছুৱাই নিলে বুলি মন্তব্য কৰি তেওঁ প্ৰশ্ন কৰে, ‘ভাৰতৰ সকলো ৰাজ্যতে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৫১ চন, কিন্তু অসমত কিহৰ ভিত্তি ১৯৭১ চনটো ধাৰ্য্য কৰা হ’ল?‘

আনহাতে জাতীয় দল-সংগঠনসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয়, ‘জাতীয় দল-সংগঠনে কেৱল ৰাজপথত চিঞৰি থাকিলেই অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা নহয়।‘

তেওঁৰ মতে ‘অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ বিজেপি দলে ৰক্ষা কৰিব।‘ বৰুৱাৰ মতে তেওঁৰ দলৰ ‘সৰ্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাসকলে সদায় অসমীয়া জাতিৰ উন্নয়নৰ হকে কাম কৰে।‘

একেখন সংবাদমেলতে অসমৰ লেখক-সাহিত্যিক, শিল্পী আৰু বুদ্ধিজীৱীসকলকো জ্ঞান দিবলৈ নাপাহৰিলে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।

‘অসমখনক সুন্দৰ কৰি ৰখাৰ বাবে কবি সাহিত্যিক, লেখক, শিল্পীসকলে নিজৰ নিজৰ ক্ষেত্ৰসমূহত মনোনিৱেশ কৰি অসমৰ সকলো দিশ চহকী কৰক। ৰাজনৈতিক সমীকৰণ বা অসমৰ জনগাঁথনিৰ গভীৰতালৈ নগৈ অকল আৱেগিকভাৱে ভাষা-সাহিত্যৰ আৱেগ সৃষ্টি কৰি অসমখনৰ ৰাজনীতিত ভয়াৱহ অশনি সংকেত আহিবলৈ নিদিব,‘ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।

Recent News

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd