বৰপেটা জিলাৰ বহৰিৰ এগৰাকী যুৱতীয়ে দবা খেলৰ জৰিয়তে জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷
বহৰিৰ চন্দনা তালুকদাৰ নামৰ যুৱতীগৰাকীয়ে দবা খেলৰ ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷
উল্লেখ্য যে, সৰ্ব ভাৰতীয় দবা ফেডাৰেচনৰ উদ্যোগত অনুষ্ঠিত দবা খেলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী পৰীক্ষাত অসমৰ মুঠ ১২ গৰাকীয়ে উত্তীৰ্ণ হয়৷ ইয়াৰ ভিতৰত চন্দনা তালুকদাৰো অন্যতম৷
বহৰি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক মৃগেন্দ্ৰ তালুকদাৰ আৰু যামিনী তালুকদাৰৰ কণিষ্ঠা কন্যা চন্দনা তালুকদাৰে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাখনো দবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে৷