পুনৰ জামিন আবেদন নাকচ হৈছে বন বিষয়া অৰূপ বৈশ্যৰ। অৰূপ বৈশ্যৰ শুৱালকুছিৰ বাসগৃহত উদ্ধাৰ হৈছিল বন্য জন্তুৰ ছাল ,কেঁকো সাপ চোৰাং চিকাৰত ব্যৱহাৰ হোৱা সামগ্ৰী আদি।
আজিও পলাতক অৱস্থাত আছে কুখ্যাত বন বিষয়া অৰূপ বৈশ্য।
বিগত ৬ মাহ ধৰি পলাতক অৱস্থাত থকা কুখ্যাত বন বিষয়া অৰূপ বৈশ্যই মুখ ঠেকেছা খালে আদালতত।
বৈশ্যই জামিন বিচাৰি কৰা আবেদন আদালতে নাকচ কৰিছে। বন বিষয়া অৰূপ বৈশ্যৰ শুৱালকুছি আৰু বংশৰৰ বাসগৃহত উদ্ধাৰ হৈছিল বন্য জন্তুৰ ছাল, কেঁকো সাপ, বন বিভাগৰ বন্দুক গুলি, চোৰাং চিকাৰত ব্যৱহাৰ কৰা সামগ্ৰী আদি।
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে দ্বিতীয়বাৰৰ বাবে নাকচ কৰিলে জামিন আবেদন। বিগত ৬ মাহে আৰক্ষীৰ চকুত ধূলি দি পলাতক অৱস্থাত আছে কুখ্যাত বন বিষয়া অৰূপ বৈশ্য।
অৰূপ বৈশ্য গ্ৰেপ্তাৰ হলে পোহৰলৈ আহিব বন্যপ্ৰাণীৰ চোৰাং বেহাৰ বহু তথ্য।