বঙাইগাঁও জিলাত ৩০ এপ্ৰিল তাৰিখে চাৰিগৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পাছত বৰপেটা জিলাতো ৩০ এপ্ৰিলৰ পৰা ক’ৰ’নাকলৈ আতংকৰ সৃষ্টি হৈছে ৷
বঙাইগাঁও জিলাত ক’ৰ’না আক্ৰান্ত এগৰাকীয়ে বৰপেটা জিলা ভ্ৰমণ কৰাক লৈ একপ্ৰকাৰ হাহাকাৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে।
ক’ৰ’নাত আক্ৰান্ত মীনা বিশ্বকৰ্মা নামৰ বঙাইগাঁৱৰ মহিলাগৰাকীয়ে বিগত সোমবাৰে বৰপেটা জিলাৰ সৰভোগলৈ আহিছিল আৰু সৰভোগৰ শিবু দে’ৰ পৰিয়ালত বহু সময় কটাইছিল বুলি জানিব পৰা গৈছে।
মীনা বিশ্বকৰ্মা নামৰ মহিলাগৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পাছত সৰভোগৰ পৰিয়ালটোৰ লোকসকলক কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে ৷
সৰভোগৰ ২নং ৱাৰ্ডৰ শিবু দে, তেওৰ পত্নী দূৰ্গা ছেত্ৰী আৰু কনমানি সুস্মিতা দে’ক কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে ৷
আনহাতে, মহিলাগৰাকীয়ে যিহেতু সৰভোগ ষ্টেট বেংকলৈ গৈছিল সেয়েহে বেংকটোৰ দুগৰাকী কৰ্মচাৰীৰ লগতে এগৰাকী মহিলা কৰ্মচাৰীৰ স্বামীকো কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে ৷
বেংকটোৰ কেছিয়াৰ নাৰায়ন চন্দ্ৰ পাঠক, সহকাৰী প্ৰৱন্ধক চান্থালাবি আৰু তেওঁৰ গিৰিয়েককো কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে ৷
মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা আটাইকেইগৰাকী ব্যক্তিকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ কোৱাৰেন্টাইন চেণ্টাৰত ৰখা হৈছে ৷