• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

পূৰ্বে ভাৰতক অৰ্পণ কৰা ১১০ একৰ ভূমিত চীনে নিৰ্মাণ কৰিব উদ্যোগ আৰু গুদাম, তিস্তা নদীৰ ব্যৱস্থাপনাতো বেইজিঙৰ অংশগ্ৰহণৰ সন্মতিয়ে বৃদ্ধি কৰিছে নতুন দিল্লীৰ কৌশলগত উদ্বেগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 9:30 pm
120
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু বাংলাদেশৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে বাংলাদেশৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে নিজৰ প্ৰথমখন বিদেশ ভ্ৰমণৰ বাবে চীনক বাছনি কৰি এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তি অনুসৰি বংগোপসাগৰত ভাৰতৰ পূব উপকূলৰ সমীপৱৰ্তী তথা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ মংলা বন্দৰৰ কাষত চীনে এক অৰ্থনৈতিক মণ্ডল গঢ়ি তুলিব। বিশেষভাৱে লক্ষণীয় যে, এই প্ৰকল্পটো পূৰ্বে ভাৰতক অৰ্পণ কৰা হৈছিল যদিও মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ সময়ত দুয়ো দেশৰ সম্পৰ্কৰ বিস্তৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত ভাৰতক এই প্ৰকল্পৰ পৰা বাদ দিয়া হৈছিল আৰু এতিয়া চীনে সেই শূন্যস্থান পূৰণ কৰিবলৈ অগ্ৰসৰ হৈছে।

বাংলাদেশৰ বিজনেছ ষ্টেণ্ডাৰ্ডৰ প্ৰতিবেদন অনুসৰি, চট্টগ্ৰামৰ পাছতেই বাংলাদেশৰ দ্বিতীয় সৰ্ববৃহৎ সামুদ্ৰিক বন্দৰ মংলাৰ সমীপৱৰ্তী বাগেৰহাটৰ ১১০ একৰ ভূমিত এটা চীনা চৰকাৰী প্ৰতিষ্ঠানে এই অৰ্থনৈতিক মণ্ডলটো নিৰ্মাণ কৰিব। কলকাতাৰ পৰা মাত্ৰ ১৮৮ কিলোমিটাৰ দূৰত্বত আৰু সুন্দৰবনৰ কাষত অৱস্থিত এই স্থানত চীনে উৎপাদন উদ্যোগ, গুদাম আৰু মজুতকৰণৰ সুবিধা গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। উল্লেখযোগ্য যে, ২০১৫ চনত শ্বেখ হাছিনাৰ চৰকাৰৰ কাৰ্যকালত মংলা আৰু চট্টগ্ৰামৰ মিৰশ্বৰাইত দুটা অৰ্থনৈতিক মণ্ডল গঢ়ি তোলাৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল, য‘ত ভাৰতে ঋণ সাহায্য প্ৰদান কৰাৰ কথা আছিল। ইয়াৰ উদ্দেশ্য আছিল মংলা বন্দৰৰ আধুনিকীকৰণ। পৰৱৰ্তী সময়ত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে মংলা বন্দৰ আৰু খুলনাৰ মাজত এটা নতুন ৰে‘লপথো নিৰ্মাণ কৰা হৈছিল। ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে মংলাৰ ভূমি উন্নয়নৰ বাবে হিৰানন্দানি গোটক নিৰ্বাচন কৰিছিল আৰু চাৰি বছৰৰ পাছত ২০২২ চনত বাংলাদেশ অৰ্থনৈতিক মণ্ডল কৰ্তৃপক্ষৰ (বেজা) সৈতে চুক্তি স্বাক্ষৰিত হৈছিল।

Apply Now

কিন্তু ২০২৪ চনত দুৰ্নীতিৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ ব্যাপক বিদ্ৰোহৰ ফলত শ্বেখ হাছিনাই দেশ এৰি ঢাকৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লোৱাৰ পাছতেই পৰিস্থিতি সলনি হয়। মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ সময়ত বাংলাদেশত ভাৰত বিৰোধী আৱেগ বৃদ্ধি পায় আৰু কট্টৰপন্থী ইছলামিক নেতাসকলে হাছিনাই ভাৰতক তোষণ কৰা বুলি অভিযোগ উত্থাপন কৰে। এই বিশৃংখলতাৰ মাজতে ২০২৫ চনত ইউনুছ চৰকাৰে নিৰ্ধাৰিত দুবছৰৰ ভিতৰত কাম আৰম্ভ নকৰাৰ অভিযোগ তুলি ভাৰতীয় প্ৰতিষ্ঠানটোক প্ৰকল্পটোৰ পৰা বাদ দিয়ে। ভাৰত আৰু বাংলাদেশৰ মাজৰ এই তিক্ততাৰ সুযোগ গ্ৰহণ কৰি যোৱা বছৰ ঢাকাৰ চীনা দূতাৱাসে উক্ত ১১০ একৰ ভূমিত অৰ্থনৈতিক মণ্ডল গঢ়ি তোলাৰ প্ৰস্তাৱ আগবঢ়ায়, যিখন চুক্তি চলিত সপ্তাহত তাৰিক ৰহমানৰ চীন ভ্ৰমণৰ সময়ত চূড়ান্ত কৰা হয়।

বাংলাদেশৰ এই নীতিত পৰিৱৰ্তনে ভাৰতৰ বাবে দুটা প্ৰধান কৌশলগত উদ্বেগৰ সৃষ্টি কৰিছে। প্ৰথমতে, এটা গুৰুত্বপূৰ্ণ প্ৰকল্প ভাৰতৰ হাতৰ পৰা ওলাই গৈছে আৰু দ্বিতীয়তে, বংগোপসাগৰ তথা সমগ্ৰ ভাৰত মহাসাগৰীয় অঞ্চলত চীনৰ বৰ্ধিত উপস্থিতিৰ পথ প্ৰশস্ত হৈছে। নতুন দিল্লীয়ে পৰম্পৰাগতভাৱে নিজৰ প্ৰভাৱশালী অঞ্চল বুলি গণ্য কৰা এই ভূখণ্ডত এতিয়া ভাৰত আৰু চীনৰ মাজত কৌশলগত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আশংকা কৰা হৈছে। চীনে ইতিমধ্যে মেৰিটাইম চিল্ক ৰোড পদক্ষেপৰ অধীনত পাকিস্তানৰ গ্ৱাদৰৰ পৰা পূব আফ্ৰিকাৰ জিবুটিলৈকে ভাৰত মহাসাগৰৰ ১৭ টাকৈ বন্দৰ প্ৰকল্পত বৃহৎ বিনিয়োগ কৰিছে। বিশ্বৰ সৰ্ববৃহৎ খাৰুৱা তেল আমদানিকাৰী দেশ চীনৰ শক্তি আমদানিৰ প্ৰায় ৮০ শতাংশই ভাৰত মহাসাগৰেদি পাৰ হয়, যাৰ বাবে মংলাৰ দৰে বন্দৰ বেইজিঙৰ বাবে কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ। যদিও বন্দৰ প্ৰকল্পত বিনিয়োগৰ অৰ্থ প্ৰত্যক্ষ সামৰিক প্ৰৱেশাধিকাৰ নহয়, তথাপিও চীনে পূৰ্বে বিনিয়োগ কৰা বন্দৰসমূহক চোৰাংচোৱাগিৰি আৰু নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

মংলা বন্দৰৰ উপৰিও বাংলাদেশ চৰকাৰে তিস্তা নদী প্ৰকল্পৰ ব্যৱস্থাপনা সন্দৰ্ভতো চীনৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ সন্মতি প্ৰকাশ কৰি ভাৰতৰ আন এক স্পৰ্শকাতৰ স্থানত আঘাত কৰিছে। তিস্তা নদীৰ পানী ভাগ-বাটোৱাৰাক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত দীৰ্ঘদিনীয়া বিবাদ চলি আছে যদিও প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নদীখনৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ বাবে সদায় নতুন দিল্লীক অগ্ৰাধিকাৰ দিছিল। বৰ্তমান এই প্ৰকল্পত চীনৰ অংশগ্ৰহণে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিব, কিয়নো ই ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা ২২ কিলোমিটাৰ জোৰা কৌশলগতভাৱে স্পৰ্শকাতৰ ‘চিকেনছ নেক‘ বা শিলিগুৰি কৰিডৰৰ নিচেই কাষত অৱস্থিত।

মংলা বন্দৰৰ অৰ্থনৈতিক মণ্ডল প্ৰকল্প আৰু তিস্তা নদীৰ ব্যৱস্থাপনা সন্দৰ্ভত গ্ৰহণ কৰা এই শেহতীয়া পদক্ষেপসমূহে বাংলাদেশ ক্ৰমান্বয়ে চীনৰ পিনে ঢাল খোৱাৰ স্পষ্ট ইংগিত দিছে। অৱশ্যে এই কথা মন কৰিবলগীয়া যে চীন সদায় বাংলাদেশৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈ আহিছে। কিন্তু বাংলাদেশে নিজৰ ভৌগোলিক বাস্তৱতাক কোনো কাৰণতে অস্বীকাৰ কৰিব নোৱাৰে, যিহেতু দেশখনে ইয়াৰ আটাইতকৈ দীঘল সীমান্ত ভাৰতৰ সৈতেই ভাগ-বাটোৱাৰা কৰে। মংলা বন্দৰৰ প্ৰকল্পটোৱে এক জটিল কৌশলগত মুহূৰ্তৰ সূচনা কৰিছে আৰু পৰৱৰ্তী সময়ত বাংলাদেশে নিজৰ সৰ্ববৃহৎ প্ৰতিৱেশী ৰাষ্ট্ৰ ভাৰতৰ সৈতে থকা দীৰ্ঘদিনীয়া ঐতিহাসিক সম্পৰ্ক অটুট ৰাখি চীনৰ সৈতে অৰ্থনৈতিক সম্পৰ্কৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰে, সেয়া আন্তঃৰাষ্ট্ৰীয় মহলৰ বাবে বিশেষভাৱে লক্ষ্যণীয় হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd