• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইলোৰা বিজ্ঞান মঞ্চ আৰু মুক্তাংকুৰৰ উদ্যোগত ঢেকিয়াজুলিত বাস্তৱ দিৱস পালন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2024 2:39 pm
Ellora Vigyan Mancha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাজত বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ হকে অগ্ৰণীভাৱে কাম কৰি অহা ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখা আৰু “মুক্তাংকুৰ”ৰ উদ্যোগত দেওবাৰে শোণিতপুৰ জিলাৰ এক ভিতৰুৱা ঠাই জহামাৰীৰ “শ্বহীদ ভৱন”ত ১৪ মাৰ্চৰ প্ৰখ্যাত পদাৰ্থ-বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জন্মদিনৰ লগতে সমাজ-বিজ্ঞানী তথা অৰ্থনীতিবিদ কাৰ্ল মাৰ্ক্স আৰু আন এগৰাকী প্ৰখ্যাত পদাৰ্থ-বিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যুদিন উপলক্ষে প্ৰথমবাৰৰ বাবে “বাস্তৱ দিৱস” পালন কৰা হয়।

আইনষ্টাইন, মাৰ্ক্স আৰু হকিঙৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আলোচনা আগবঢ়ায় অনুষ্ঠানটিত উপস্থিত থকা প্ৰদীপ কুমাৰ গাভৰুপৰীয়া আৰু আন বিশিষ্ট ব্যক্তিসকলে।

Apply Now

ইয়াৰ পূৰ্বে উক্ত “মুকলি আলোচনা” আৰম্ভ হোৱাৰ আগে আগে অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট চাৰিগৰাকী চিকিৎসক ক্ৰমে ঢেকিয়াজুলিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মানিক চন্দ্ৰ ৰয়, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ পেথ’লজী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দীপক দাস, ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়া ডাঃ সৌৰভ কুমাৰ বৰ্মন আৰু ঢেকিয়াজুলিৰ দন্ত চিকিৎসক ডাঃ ভূয়সী দাসক দুটিকৈ গছৰ পুলিৰে আদৰণি জনোৱা হয়।

অনুষ্ঠানটিত উপস্থিত ৰাইজক উদ্দেশ্যি ডাঃ মানিক চন্দ্ৰ ৰয়ে স্বাস্থ্য, স্বাস্থ্যৰক্ষা আৰু জৰা-ফুকা ইত্যাদি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে বিজ্ঞানসন্মত স্বাস্থ্যবিধিৰ ক্ষেত্ৰত তথা মৰণোত্তৰ দেহদান ইত্যাদি বিষয়ত অতি মূল্যবান বক্তব্য প্ৰদান কৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সম্পাদক প্ৰজিত নাথ আৰু অঞ্চলটোৰ স্থানীয় সৰবৰহী ব্যক্তি চেনা নাথৰ তত্বাৱধানত হৈ যোৱা অনুষ্ঠানটিৰ দ্বিতীয় কাৰ্যসূচী হিচাপে ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম উদ্দেশ্য সাৰোগত কৰি উপৰোক্ত চাৰিগৰাকী চিকিৎসকে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ বা চিকিৎসা শিবিৰ সম্পন্ন কৰে। প্ৰায় ৭০ (সত্তৰ) গৰাকীৰো অধিক ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰা উক্ত শিবিৰত বিনামূলীয়াকৈ ব্লাড-ছুগাৰ পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। তদুপৰি প্ৰত্যেকজন ৰোগীক একোটাকৈ বিস্কুটৰ পেকেট প্ৰদান কৰা হয়।

এইখিনিতে উল্লেখযোগ্য যে, ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম উদ্দেশ্য হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে তাৰ হকে অভিযান তথা আন্দোলন চলোৱা। মন কৰিবলগীয়া ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ ভিন্ন তিনি ঠাইত শেহতীয়াকৈ চলিত বৰ্ষৰ যোৱা ফেব্ৰুৱাৰী মাহৰ চাৰি তাৰিখৰ পৰা আজি পৰ্যন্ত সৰ্বমুঠ তিনিটা বিনামূলীয়া চিকিৎসা প্ৰদানৰ লগতে বিনামূলীয়া ব্লাড-ছুগাৰ পৰীক্ষা আৰু বিনামূলীয়া ঔষধ প্ৰদান শিবিৰ অনুষ্ঠিত কৰিছে।

তেনে শিবিৰসমূহৰ জৰিয়তে শাখাই ভিতৰুৱা ঠাইবোৰৰ সাধাৰণ ৰাইজৰ মাজত স্বাস্থ্য, বিজ্ঞানসন্মতভাৱে স্বাস্থ্যৰক্ষা তথা বিজ্ঞানসন্মত স্বাস্থ্যবিধিৰ ক্ষেত্ৰত যথেষ্ট সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে শাখাৰ বিষয়-ববীয়াসকলে।

তদুপৰি যোৱা চাৰি ফেব্ৰুৱাৰী তাৰিখে ইলোৰা বিজ্ঞান মঞ্চ, ইলোৰা ৰায়চৌধুৰী, বিশ্ব কৰ্কটৰোগ দিৱস, কৰ্কটৰোগ আৰু মৰণোত্তৰ দেহদানৰ মাজৰ যোগসূত্ৰ ৰাইজৰ সন্মুখত দাঙি ধৰি মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ প্ৰথম দ্বিবাৰ্ষিক সন্মিলনখনি বিশ্ব কৰ্কটৰোগ দিৱসৰ দিনটোতে অনুষ্ঠিত কৰি শাখাটিয়ে কৰ্কটৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ইতিমধ্যে এক অভূতপূৰ্ব নিদৰ্শন সৃষ্টি কৰিছে।

ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মীৰা জয়ছোৱাল চুণ্ডী, উপদেষ্টা অধিবক্তা থানেশ্বৰ নাথ, কোষাধ্যক্ষ গড়মৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান-শিক্ষক সুবোধ তালুকদাৰ, সহকাৰী সম্পাদক শেৱালী দাস হাজৰিকা আৰু কাবেৰী ডেকা নাথ, শাখাৰ এগৰাকী জ্যেষ্ঠ প্ৰতিষ্ঠাপক আজীৱন সদস্য অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেমানন্দ নাথ আৰু শাখাৰ কাৰ্যকৰী সমিতিৰ সদস্য শিক্ষয়িত্ৰী ময়ূৰাক্ষী কলিতা প্ৰমুখ্যে অঞ্চলটোৰ অনেক লোকে উক্ত গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে।

দিৱসটি সফল হৈ উঠাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াই আগভাগ লোৱাৰ লগতে মুকলি আলোচনাতো নিজৰ মতামত বিনিময় কৰে শিক্ষক পৰেশ নাথ প্ৰমুখ্যে আনসকলে। তদুপৰি মুকলি আলোচনাৰ শেষত কবি প্ৰদীপ কুমাৰ গাভৰুপৰীয়াই প্ৰাসংগিক বিষয়ত স্বৰচিত এটি কবিতা পাঠ কৰে।

এই পৰিপ্ৰেক্ষিতত শাখাৰ সম্পাদক প্ৰজিত নাথে এইবুলি মন্তব্য কৰে যে বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ হকে বিনামূলীয়া চিকিৎসা প্ৰদান শিবিৰ অনুষ্ঠিত কৰাটো বৰকৈ গুৰুত্বপূৰ্ণ; কাৰণ অনগ্ৰসৰ অঞ্চলসমূহত চলি থকা জৰা-ফুকা, বেজালি ইত্যাদিৰ দৰে কুসংস্কাৰ জড়িত হৈ থকা বিভিন্ন অবৈজ্ঞানিক পদ্ধতিসমূহৰ পৰা আৰোগ্যলাভ নকৰা বা সেইবোৰৰ পৰা পৰিত্ৰাণ নোপোৱা সমাজৰ তৃণমূল পৰ্যায়ৰ লোকসকলে অৱশেষত চিকিৎসা-বিজ্ঞানৰ কাষ চাপিবলৈ বাধ্য হোৱাৰ ক্ষেত্ৰত এনে চিকিৎসা শিবিৰ বা স্বাস্থ্য পৰীক্ষা শিবিৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

সম্পাদকগৰাকীয়ে লগতে কয় যে, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, বিনামূলীয়া ব্লাড-ছুগাৰ পৰীক্ষা আৰু বিনামূলীয়া ঔষধ প্ৰদানৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ কিদৰে উপকৃত হ’ব পাৰে তথা অবৈজ্ঞানিক স্বাস্থ্যবিধিৰ বিপৰীতে চিকিৎসা-বিজ্ঞানৰ প্ৰতি কিদৰে আকৰ্ষিত হ’ব পাৰে সেয়া সকলোৰে বাবে সহজে অনুমেয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

October 23, 2026 5:17 pm
ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

October 23, 2026 4:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd