• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেৰিবেগৰ দাম লোৱা বাবে ‘বাটা’ক ৯ হাজাৰ টকা জৰিমনা; “বিশাল”, “বিগ বজাৰ”ৰ বাবে হ’ব পাৰে শিক্ষা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 16, 2019 8:11 am

2 min read

Bata_india_kolkata
6k
VIEWS
Share on FacebookShare on Twitter

গ্ৰাহকৰ অধিকাৰৰ পক্ষত যোৱা এটা ব্যতিক্ৰমী ৰায়দানত চণ্ডীগড়ৰ এখন কনজুমাৰ ফ’ৰামে ‘বাটা’ নামৰ জোতা নিৰ্মাতা কোম্পানিটোক ৯ হাজাৰ টকাৰ জৰিমনা বিহিছে। Shoemaker Bata India Limited নামৰ জনপ্ৰিয় আৰু ভাৰতৰ বিখ্যাত জোতা কোম্পানিটোক এই জৰিমনা বিহা হয় এজন গ্ৰাহকক তেওঁ কিনা জোতাযোৰ ভৰাই দিয়া কেৰিবেগটোৰ ৩ টকা দিবলৈ বাধ্য কৰা বাবে।

এই ঘটনাটো এতিয়া সমগ্ৰ ভাৰতৰ আৰু লগতে অসমৰো ছ’চিয়েল মিডিয়া য়ুজাৰে ব্যাপক হাৰত শ্বেয়াৰ কৰিছে। অসমত ‘বাটা’ৰ উপৰি বিগ বজাৰ, ৰিলায়েন্স, বিশাল আদি কোম্পানিৰ বিক্ৰীকেন্দ্ৰবোৰৰ একেই অন্যায় সহি অহা গ্ৰাহকসকলে ৰায়টোক নিজৰ কণ্ঠ হিচাপে অনুভৱ কৰিছে।

ইণ্ডিয়া টুডেকে ধৰি অন্যান্য সংবাদ পত্ৰবোৰত প্ৰকাশ পোৱা বিৱৰণ মতে, চণ্ডীগড়ৰ দীনেশ প্ৰসাদ ৰাতুৰী নামৰ গ্ৰাহকজনে তেওঁক দিয়া কেৰিবেগটোৰ বাবদ ৩ টকা অতিৰিক্ত লোৱাৰ পিছতে জোতা নিৰ্মাতা কোম্পানিটোৰ বিৰুদ্ধে কনজুমাৰ ফ’ৰামৰ কাষ চাপে। ঘটনাটোৰ বিচাৰৰ পিছত ‘বাটা’ক ফ’ৰামে গ্ৰাহকজনৰ পৰা পেপাৰবেগটোৰ বাবে ৩ টকা বিচৰা বাবে ভৰ্ৎসনা কৰে।

কনজুমাৰ ফ’ৰামক ৰাতুৰীয়ে জানিবলৈ দি কয় যে তেওঁ বাটা ষ্ট’ৰৰ পৰা যোৱা ৫ ফেব্ৰুৱাৰিত এযোৰ জোতা কিনাৰ পিছতে ষ্ট’ৰ কৰ্তৃপক্ষই তেওঁৰ পৰা পেপাৰবেগটোৰ বাবত ৩ টকা লয় আৰু মুঠ বিল হয় ৪০২ টকা। ৩ টকা লোৱাৰ লগতে বেগটোৰ ওপৰত বাটাৰ ব্ৰেণ্ড নেইমটোও ছপোৱা আছিল, যিটো ন্যায়সংগত নহয়।

ৰায়টোত কনজুমাৰ ফ’ৰামে কয়, যদিহে কোম্পানিবোৰ প্ৰকৃততেই পৰিৱেশৰ বাবে চিন্তিত, সেইবোৰে গ্ৰাহকসকলক পৰিৱেশ-অনুকূল বিনামূলীয়া বেগ দিয়া উচিত। কনজুমাৰ ফ’ৰামে বাটাই গ্ৰাহকক হাৰাশাস্তি কৰা বুলি কোৱাৰ উপৰি তেওঁলোকৰ গ্ৰাহকৰ প্ৰতি সেৱাক “অসম্পূৰ্ণ” আখ্যা দিয়ে।

অৱশেষত ফ’ৰামে বাটা ষ্ট’ৰৰ কৰ্তৃপক্ষক কেৰিবেগটোৰ মূল্য ৩ টকাটো গ্ৰাহকজনক ঘূৰাই দিবলৈ আৰু মামলা খৰচ হিচাপে ১০০০ টকা দিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে মানসিক অশান্তি দিয়া বাবে গ্ৰাহকজনক আৰু ৩০০০ টকা ক্ষতিপূৰণ আৰু State Consumer Disputes Redressal Commission -অৰ আইনী সাহায্য শিতানত ৫০০০ টকা দিবলৈ নিৰ্দেশটোত কোৱা হয়।

গ্ৰাহকক কৰি থকা অন্যায় আৰু শোষণৰ বিৰুদ্ধে এই দৃষ্টান্তমূলক ৰায়টোৱে অসমতো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। অসমৰ গ্ৰাহকেও বাটা-ৰ উপৰি বিশাল, বিগ বজাৰ, খাদিমৰ দৰে শ্ব’পিং মল আৰু শ্ব’ৰূমবোৰত এইদৰে অন্যায় আৰু হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd