• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পতঞ্জলিৰ তথাকথিত যোগগুৰুৰ শঙ্কৰদেৱৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যঃ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2018 7:39 am
batdraba2

বটদ্ৰৱা থান সমিতিৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰু অসমীয়াৰ স্বাভিমান আৰু আৱেগত আঘাত সানি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, কীৰ্তন-নামঘোষা, নামঘৰ আদি সম্পৰ্কে তীব্ৰ আপত্তিজনক মন্তব্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে যোগগুৰু বাবা ৰামদেৱৰ পতঞ্জলি যোগপীঠ৷

দৰং জিলাৰ দুনীৰ এক যোগ শিবিৰত অতি বিতৰ্কিত মন্তব্যৰে অসমীয়া জাতীয় জীৱনৰ পুৰোধা মহাপুৰুষজনাৰ লগতে প্ৰতিজন অসমীয়াই অতি শ্ৰদ্ধাৰে শিৰত ৰখা কীৰ্তন-নামঘোষা সম্পৰ্কে কালি অপমানসূচক মন্তব্য কৰিছিল বাবা ৰামদেৱৰ তথাকথিত শিষ্য জনৈক সীতানাথে।

Apply Now

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱাটো এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোগ সাধনাক পতঞ্জলিৰ বিজ্ঞাপনৰ মাধ্যম হিচাপেহে ব্যৱহাৰ কৰা এনে তথাকথিত যোগগুৰুৰ জ্ঞানহীন মন্তব্যৰ ঘোৰ বিৰোধিতা কৰি দেওবাৰে বটদ্ৰৱা থানত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এক সংবাদমেল অনুষ্ঠিত কৰে।

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰ মোহন বৰুৱা, যোগেন শইকীয়াসহ কেইবাগৰাকীও কাৰ্যকৰী সদস্য উপস্থিত থকা সংবাদমেলখনত পৰিচালনা সমিতিয়ে গুৰুজনাৰ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ গৰিহনা দিয়ে৷

বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অসম তথা অসমীয়া কৃষ্টি-সংস্কৃতিৰ সম্পৰ্কে সাম্যক জ্ঞান নথকা কিছু অনা-অসমীয়াৰ এনে মন্তব্যক অতি গৰ্হিত আখ্যা দি অতি শীঘ্ৰে অসমবাসীৰ ওচৰত মন্তব্যকাৰীয়ে ৰাজহুৱা ক্ষমা বিচাৰিবলৈ সকিয়াই দিয়ে৷ তদুপৰি অসম তথা জাতিৰ অভিভাৱক হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে স্পৰ্শকাতৰ বিষয় গুৰুত্বসহকাৰে গ্ৰহণ কৰি দোষীৰ বিৰুদ্ধে অতিশীঘ্ৰে বিহিত ব্যৱস্থা লৈ জাতিৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিবলৈও আহ্বান জনায় শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে৷

আনহাতে, স্বদেশী ব্ৰেণ্ডৰ নামত অসমত ব্যৱসায় বৃদ্ধি কৰি থকা পতঞ্জলিয়ে অসমত নিয়োগ কৰা লোকসকলক অসমৰ ধৰ্মীয় আবেগ, কলা-সংস্কৃতি সম্পৰ্কে সম্যক জ্ঞান প্ৰদান কৰিহে নিয়োজিত কৰিব লাগে বুলি মন্তব্য কৰি অতি শীঘ্ৰে বিতৰ্কিত আৰু আপত্তিজনক মন্তব্য সন্দৰ্ভত পতঞ্জলিয়ে স্পষ্টীকৰণ দি ৰাজহুৱা ক্ষমা বিচাৰিবলৈ দাবী জনায়৷

তেজপুৰৰ বালিপাৰাত হাজাৰ হাজাৰ বিঘা মাটি বাবা ৰামদেৱৰ পতঞ্জলিক দি ধন্য হোৱা পৰিবৰ্তনশীল চৰকাৰখনৰ বৰমূৰীয়াসকলে গুৰুজনাৰ সন্দৰ্ভত অপমানসূচক মন্তব্যৰে সামাজিক পৰিবেশ বিনষ্ট কৰিবলৈ দুঃসাহস কৰা সীতানাথৰ দৰে ব্যক্তিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সাধাৰণ জনতাৰ মাজত গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে এই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত ৰাজ্যখনৰ সৰ্বত্ৰে পতঞ্জলি আৰু যোগগুৰুজনৰ বিৰুদ্ধে উদ্‌গীৰণ হৈছে তীব্ৰ ক্ষোভ আৰু বিষেদ্গাৰ৷ অসমত ব্যৱসায় কৰিবলৈ আহি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতাজনকে চূড়ান্তভাৱে অপমান কৰা কাৰ্যক একেমুখে ধিক্কাৰ দিছে বহুজনে।

চ’ছিয়েল মিডিয়া ভৰি পৰিছে পতঞ্জলি আৰু এনে জ্ঞানশূন্যহীন অনা অসমীয়াৰ মন্তব্যক লৈ। বহুজনে শীঘ্ৰে এই বহুবল্কি তথাকথিত যোগগুৰুজনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনোৱাৰ বিপৰীতে আকৌ একাংশই পতঞ্জলিৰ সকলো সামগ্ৰী অনতিপলমে বৰ্জন কৰি উচিত শিক্ষা দিবলৈ আহ্বান জনাইছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd