• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হানী ট্ৰেপিঙৰ সতৰ্কতা, হোটেলত নিৰীক্ষণ; আইপিএলৰ দলসমূহক বিচিচিআইৰ কঠোৰ নিৰ্দেশনা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 8, 2026 12:57 pm
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এলত নিৰাপত্তা সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড এইবাৰ অতি কঠোৰ হৈছে। সকলো ফ্ৰেঞ্চাইজিলৈ কঠোৰ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে। খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীক কেন্দ্ৰ কৰি ক্ৰমাৎ বৃদ্ধি পোৱা বিতৰ্ক, আইনী সমস্যা আৰু বদনাম আশংকাই ব’ৰ্ডক জোকাৰি গৈছে। এইবাৰ বিশেষকৈ ‘হানী ট্ৰেপিং’ আৰু নিৰাপত্তাৰ দিশত বিপদৰ ক্ষেত্ৰত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে।

ইতিমধ্যে চলিত আই পি এলত কেইবাটাও বিতৰ্ক চৰ্চালৈ আহিছে। খেলৰ সময়ত ৰোমি ভিন্দৰে ডাগআউটত মোবাইল ফোন ব্যৱহাৰ কৰা দেখা গৈছিল। আনহাতে, ড্ৰেছিং ৰুমত বহি ভেপ ব্যৱহাৰ কৰা দেখা গৈছিল ৰিয়ান পৰাগক।

Apply Now

কেৱল সেয়াই নহয়, যুজবেন্দ্ৰ চাহালেও বিমানত একে কাম কৰি বিতৰ্কত লিপ্ত হৈছে। সেয়ে পৰিস্থিতি হাতৰ পৰা আঁতৰি যোৱাৰ আগতেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বি চি চি আইয়ে।

প্ৰতিবেদন অনুসৰি, বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই আইপিএলৰ সকলো ফ্ৰেঞ্চাইজিলৈ আঠ পৃষ্ঠাৰ বিশদ নিৰ্দেশনা প্ৰেৰণ কৰিছে। ইয়াত খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলক কেন্দ্ৰ কৰি বৃদ্ধি পোৱা নিৰাপত্তাজনিত বিপদৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছে।

নিৰ্দেশনাত কোৱা হৈছে, “বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত হানী ট্ৰেপিং আৰু বিভিন্ন ধৰণৰ ফান্দৰ আশংকা থাকে। সেয়েহে সকলো ফ্ৰেঞ্চাইজিয়ে অতি সাৱধান হ’ব লাগিব।” ইয়াত লগতে কোৱা হৈছে, “যিকোনো সময়ত এনে ঘটনা ঘটিব পাৰে, যিটো গুৰুতৰ আইনী অভিযোগৰ কাৰণ হ’ব পাৰে। সেয়েহে এনে বিপদৰ পৰা হাত সাৰিবলৈ সদায় সজাগ আৰু সক্ৰিয় হ’ব লাগিব।”

দেবাজিৎ শইকীয়াই লগতে খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীয়ে অনুমতি অবিহনে দলীয় হোটেলৰ পৰা গুচি যোৱাত উদ্বেগ প্ৰকাশ কৰে। ব’ৰ্ডৰ দাবী যে বহু সময়ত খেলুৱৈসকলে নিৰাপত্তাৰক্ষীক অৱগত নকৰাকৈয়ে বাহিৰলৈ ওলাই যায়, যাৰ ফলত ডাঙৰ বিপদৰ সৃষ্টি কৰিছে।

নিৰ্দেশনাত কোৱা হৈছে, “কিছুমান ক্ষেত্ৰত দেখা গৈছে যে খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীয়ে নিৰ্দিষ্ট নিৰাপত্তা বিষয়াক অৱগত নকৰাকৈয়ে অস্বাভাৱিক সময়ত হোটেলৰ পৰা ওলাই যায়। ইয়াৰ ফলত নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ সমস্যাৰ সৃষ্টি হৈছে।’

এতিয়াৰে পৰা ব্যক্তিগত বা মনোৰঞ্জনৰ কাৰণে হোটেলৰ বাহিৰলৈ যোৱাৰ বাবে নিৰাপত্তা বিষয়া আৰু টীম ইন্টিগ্ৰিটি বিষয়াৰ অনুমতি বাধ্যতামূলক কৰা হৈছে। তদুপৰি কোনে কেতিয়া বাহিৰলৈ গৈছে আৰু কেতিয়া কোনে লগ কৰিবলৈ আহে তাৰ বিশদ ৰেকৰ্ড ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

ৰিয়ান পৰাগৰ নাম পোনপটীয়াকৈ উল্লেখ নকৰিলেও ভেপ ব্যৱহাৰৰ ঘটনা সন্দৰ্ভতো কঠোৰ বাৰ্তা দিছে দেৱজিৎ শইকীয়াই। তেওঁ কয় যে ভাৰতত ভেপ আৰু ই-চিগাৰেটৰ ব্যৱহাৰ আইনগতভাৱে নিষিদ্ধ। সেয়েহে নিৰ্দেশনাত কোৱা হৈছে, ‘বিচিচিআইক ষ্টেডিয়ামৰ ড্ৰেছিং ৰুম আৰু নিষিদ্ধ অঞ্চলত ভেপ ব্যৱহাৰৰ ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে। ভাৰতত ভেপ আৰু ই-চিগাৰেটৰ ব্যৱহাৰ নিষিদ্ধ। যদি কোনোবাই এনেকুৱা কাম কৰে তেন্তে তেওঁ কেৱল বিচিচিআই আৰু আইপিএলৰ নিয়ম উলংঘা কৰাই নহয়, আইনৰ দৃষ্টিতো অপৰাধ সংঘটিত কৰিছে।’

ইয়াৰ উপৰিও ফ্ৰেঞ্চাইজিৰ মালিকসকলকো নিৰ্দেশ দিয়া হৈছে যে মেচৰ সময়ত ডাগআউটত থকা খেলুৱৈৰ সৈতে যোগাযোগ নকৰিব। ইয়াৰ উপৰিও ষ্টেডিয়ামত বাধ্যতামূলক পৰিচয় পৰীক্ষণ সন্দৰ্ভত যিকোনো গাফিলতি সহ্য কৰা নহ’ব বুলি ব’ৰ্ডে স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd