• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তথ্য জনাৰ অধিকাৰ আইনৰ আওতাৰ পৰা বাহিৰত বিচিচিআই; ২০১৮ চনৰ নিজৰেই নিৰ্দেশনা খাৰিজ কেন্দ্ৰীয় তথ্য আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2026 9:01 pm
প্ৰতিনিধিত্বমূলক  ছবি

প্ৰতিনিধিত্বমূলক ছবি

23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআই তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত উত্তৰদায়ী নহয় বুলি কেন্দ্ৰীয় তথ্য আয়োগে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। যোৱা ১৮ মে’ত আয়োগে এক নিৰ্দেশযোগে স্পষ্ট কৰি দিয়ে যে ক্ৰিকেট ব’ৰ্ডখনে এই আইনৰ অধীনত ৰাজহুৱাভাৱে তথ্য প্ৰকাশ কৰিবলৈ বাধ্য নহয়। এই শেহতীয়া ৰায়দানে কেন্দ্ৰীয় তথ্য আয়োগৰ ২০১৮ চনৰ পূৰ্বৰ এক নিৰ্দেশনাক সম্পূৰ্ণৰূপে খাৰিজ কৰিছে, য’ত বিচিচিআইক আৰ টি আইৰ অধীনলৈ অনাৰ নিৰ্দেশ দিয়া হৈছিল। ব’ৰ্ডখনক ৰাষ্ট্ৰৰ দ্বাৰা সৃষ্টি কৰা হোৱা নাই বা ৰাষ্ট্ৰৰ পৰা যথেষ্ট পৰিমাণে বিত্তীয় সাহায্য প্ৰদান কৰা হোৱা নাই বুলি যুক্তি দৰ্শাই আয়োগে আৰ টি আই আইনৰ ২(এইচ) ধাৰাৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰে।

দ্যা ৱাইয়াৰৰ প্ৰতিবেদন অনুসৰি, এই সিদ্ধান্তৰ পাছতে কমনৱেলথ হিউমেন ৰাইটছ ইনিচিয়েটিভৰ সঞ্চালক তথা আগশাৰীৰ আৰ টি আই কৰ্মী ভেংকটেশ নায়কে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। নায়কে মত প্ৰকাশ কৰে যে এই ৰায়দানে বিচিচিআইক ৰাজহুৱা তথ্য প্ৰকাশৰ আইনী বাধ্যবাধকতাৰ পৰা সুৰক্ষা প্ৰদান কৰিছে, যদিওবা দীৰ্ঘদিনীয়া আইনী যুঁজ, বিভিন্ন সমিতিৰ পৰামৰ্শ আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ কেতবোৰ নিৰ্দেশনাই ব’ৰ্ডখনৰ কাম-কাজত অধিক স্বচ্ছতাৰ পোষকতা কৰিছিল। তেওঁ লগতে শেহতীয়া সিদ্ধান্তটোৰ পদ্ধতিগত ভিত্তি সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰি কয় যে এজন তথ্য আয়ুক্তই পূৰ্বৰ এজন আয়ুক্তৰ সিদ্ধান্তক বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ নকৰাকৈয়ে খাৰিজ কৰাটো গ্ৰহণযোগ্য নহয়।

Apply Now

চৰকাৰী অনুদানপ্ৰাপ্ত নহ’লেও বিচিচিআইয়ে ভাৰতত ক্ৰিকেট খেলৰ ওপৰত একপ্ৰকাৰৰ একচেটিয়া অধিকাৰ সাব্যস্ত কৰি আহিছে। এই ব’ৰ্ডেই ভাৰতীয় ৰাষ্ট্ৰীয় দল নিৰ্বাচন কৰে আৰু আন্তৰ্জাতিক ক্ৰিকেট পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰে। লগতে চৰকাৰৰ পৰা নিৰাপত্তা ব্যৱস্থা, কৰ ৰেহাই আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ ব্যৱহাৰৰ দৰে পৰোক্ষ সাহায্য ব’ৰ্ডখনে লাভ কৰি আহিছে। ভাৰতৰ আইন আয়োগৰ (LCI) ২০১৮ চনৰ এপ্ৰিল মাহৰ ২৭৫ সংখ্যক প্ৰতিবেদনতো এই পৰোক্ষ সাহায্যসমূহক যথেষ্ট পৰিমাণৰ বিত্তীয় সাহায্য হিচাপে গণ্য কৰা হৈছিল। উদাহৰণস্বৰূপে, হিমাচল প্ৰদেশত বিচিচিআইক মাহে মাত্ৰ এক টকাৰ বিনিময়ত ৯৯ বছৰৰ বাবে মাটি লীজত দিয়াৰ কথা প্ৰতিবেদনখনত উল্লেখ কৰা হৈছিল। সেয়েহে আইন আয়োগে বিচিচিআইক ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন (NSF) হিচাপে গণ্য কৰি আৰ টি আইৰ আওতালৈ অনাৰ পৰামৰ্শ দিছিল।

২০১৩ চনৰ স্পট-ফিক্সিং আৰু বেটিং কেলেংকাৰীৰ তদন্তৰ বাবে গঠিত মুকুল মুদগল সমিতি আৰু পৰৱৰ্তী সময়ত লোধা সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়েও ব’ৰ্ডখনৰ কাম-কাজ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰীক্ষণ আগবঢ়াইছিল। ২০১৬ চনত সৰ্বোচ্চ ন্যায়ালয়ে লোধা সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰি কৈছিল যে বিচিচিআইয়ে ৰাজহুৱা কাৰ্য সম্পাদন কৰে আৰু ক্ৰিকেটৰ ওপৰত ইয়াৰ একচেটিয়া নিয়ন্ত্ৰণ আছে। ইয়াৰ পূৰ্বে ২০০৫ চনৰ এক ৰায়দানতো সৰ্বোচ্চ ন্যায়ালয়ে ব’ৰ্ডখনে কৰ ৰেহাই আৰু নামমাত্ৰ ভাড়াত ষ্টেডিয়াম ব্যৱহাৰৰ সুবিধা লাভ কৰা বুলি উল্লেখ কৰিছিল। অৱশ্যে, শেহতীয়া ১৮ মে’ৰ নিৰ্দেশনাত কেন্দ্ৰীয় তথ্য আয়োগে দাবী কৰিছে যে সৰ্বোচ্চ ন্যায়ালয়ে বিচিচিআইক সংবিধানৰ ১২ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰ বা আৰ টি আই আইনৰ ২(এইচ) ধাৰাৰ অধীনত ৰাজহুৱা কৰ্তৃপক্ষ হিচাপে ঘোষণা কৰা নাছিল। নায়কে এই নিৰ্দেশনাক ন্যায়ালয়ৰ নিৰীক্ষণৰ একপক্ষীয় আৰু সংকীৰ্ণ ব্যাখ্যা বুলি অভিহিত কৰিছে।

এই সমগ্ৰ বিতৰ্কৰ মাজতে ২০১৮ চনৰ আগষ্ট মাহত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে আইন আয়োগৰ পৰামৰ্শৰ সৈতে সন্মতি প্ৰকাশ কৰি বিচিচিআইক আৰ টি আইৰ অধীনলৈ অনাৰ সপক্ষে মত প্ৰকাশ কৰিছিল যদিও পৰৱৰ্তী সময়ত কোনো আনুষ্ঠানিক অধিসূচনা জাৰি কৰা নহ’ল। ইয়াৰ সমান্তৰালভাৱে ক্ৰিকেট ব’ৰ্ডখন দীৰ্ঘদিন ধৰি আয়কৰ বিভাগৰ সৈতেও সংঘাতত লিপ্ত হৈ আছে। ২০১৮ চনৰ ডিচেম্বৰত বিচিচিআইৰ বিৰুদ্ধে ১,৩০৩ কোটি টকাৰ কৰ দাবী কৰা হৈছিল আৰু তাৰ পিছতো বিভিন্ন বৰ্ষত কোটি কোটি টকাৰ কৰ আৰু জৰিমনা বিহা হৈছিল বুলি তদানীন্তন বিত্ত ৰাজ্য মন্ত্ৰী শিৱ প্ৰতাপ শুক্লা আৰু অনুৰাগ ঠাকুৰে লোকসভাত অৱগত কৰিছিল। অৱশ্যে, শেহতীয়াকৈ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত বোম্বে উচ্চ ন্যায়ালয়ে বিচিচিআইৰ কৰ ৰেহাইৰ মৰ্যাদা বাহাল ৰখাৰ এক নিৰ্দেশনা প্ৰদান কৰে।

বৰ্তমান বোম্বে উচ্চ ন্যায়ালয়ৰ এই ৰায়দান সৰ্বোচ্চ ন্যায়ালয়ত খাৰিজ নহ’লে আয়কৰ বিভাগে ক্ৰিকেট ব’ৰ্ডখনক সংগ্ৰহ কৰা হাজাৰ হাজাৰ কোটি টকা সুতসহ ঘূৰাই দিবলগীয়া হ’ব পাৰে। তথ্য জনাৰ অধিকাৰ আইনৰ আওতাৰ পৰা বিচিচিআইক ৰেহাই দিয়া কেন্দ্ৰীয় তথ্য আয়োগৰ শেহতীয়া ৰায়দান আৰু ব’ৰ্ডখনৰ বিত্তীয় স্বচ্ছতাক লৈ উত্থাপিত প্ৰশ্নসমূহৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোৱে ভৱিষ্যতে আইনী আৰু প্ৰশাসনিক দিশত কেনে ৰূপ লয়, সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd