• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বিচিচিআইৰ নতুন পদক্ষেপঃ ঘোষণা ‘টেষ্ট ক্ৰিকেট ইনচেন্টিভ আঁচনি’ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2024 7:47 pm
BCCI Test Cricket Incentive Scheme
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰমশালাত আজি পঞ্চমখন টেষ্টৰ তৃতীয় দিনাই ভাৰতে ইংলেণ্ডক এক ইংনিছ ৬৪ ৰাণত শোচনীয়ভাৱে পৰাস্ত কৰি পাঁচখনীয়া টেষ্ট শৃংখলাটোত ৪-১ ব্যৱধানত বিজয় সাব্যস্ত কৰে। এনে অদম্য প্ৰদৰ্শনৰ সময়তে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহে এক বৃহৎ ঘোষণা কৰিছে। যাৰ ফলত ভাৰতীয় পুৰুষ টেষ্ট ক্ৰিকেট খেলুৱৈসকল আৰ্থিকভাৱে হ’ব লাভান্বিত।   

টেষ্ট ক্ৰিকেটৰ প্ৰসাৰৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে। শনিবাৰে ব’ৰ্ডে ঘোষণা কৰে ‘টেষ্ট ক্ৰিকেট ইনচেন্টিভ আঁচনি’। ইয়াৰ অধীনত মেচ ফী উপৰিও খেলুৱৈসকলক আকু অধিক ধন দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। বিচিচিআইৰ সচিব জয় শ্বাহে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্স (পূৰ্বৰ টুইটাৰ)ৰ জৰিয়তে এই কথা ঘোষণা কৰিছে।

Apply Now

বি চি চি আইৰ সচিব জয় শ্বাহে লিখিছে, “২০২২-২৩ বৰ্ষৰ ছিজনৰ পৰা আৰম্ভ কৰি আমাৰ সন্মানীয় খেলুৱৈসকলক আৰ্থিক বৃদ্ধি আৰু স্থিৰতা প্ৰদানৰ লক্ষ্যৰে ছিনিয়ৰ পুৰুষৰ বাবে ‘টেষ্ট ক্ৰিকেট ইনচেন্টিভ আঁচনি’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছো। ‘টেষ্ট ক্ৰিকেট ইনচেন্টিভ আঁচনি’য়ে টেষ্ট মেচৰ বাবে বৰ্তমানৰ ১৫ লাখ টকাৰ মেচ ফী উপৰিও অতিৰিক্ত ধন দিয়া হ’ব খেলুৱৈক।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কোন খেলুৱৈয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব। ইয়াৰ উত্তৰ দিছে বি চি চি আইৰ সচিব শ্বাহে কয় যে এটা ছিজনত ৯ খন টেষ্ট মেচ অনুষ্ঠিত হয়। যদি কোনো খেলুৱৈয়ে চাৰিখনতকৈ কম মেচ খেলে তেন্তে তেওঁ এই আঁচনিৰ সুবিধা ল’ব নোৱাৰিব।

একে সময়তে পাঁচ-ছয়খন টেষ্ট অৰ্থাৎ ৫০ শতাংশতকৈ অধিক টেষ্ট খেলা খেলুৱৈয়ে প্ৰতিখন খেলৰ বাবেদ লাভ কৰিব ৩০ লাখকৈ টকা। মূল একদাশত অন্তৰ্ভুক্ত নোহোৱা খেলুৱৈয়ে প্ৰতিখন মেচত ১৫ লাখ টকা। ইফালে যিসকল খেলুৱৈয়ে সাতখনতকৈ অধিক মেচ অৰ্থাৎ ৭৫ শতাংশতকৈ অধিক খেলিছে তেওঁলোকক প্ৰতিখন মেচত ৪৫ লাখ টকা ইনচেন্টিভ প্ৰদান কৰা হ’ব।

সেইদৰে মূল একাদশত নথকা খেলুৱৈয়ে লাভ কৰিব ২২ লাখ টকা। ‘টেষ্ট ক্ৰিকেট ইনচেন্টিভ আঁচনি’ৰ জৰিয়তে ব’ৰ্ডে টেষ্ট ক্ৰিকেটৰ প্ৰতি খেলুৱৈসকলক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে।

উল্লেখ্যে যে আইপিএলৰ প্ৰাৰ্দুভাৱত ভাৰতীয় ক্ৰিকেটাৰসকলে ৰেড বল অৰ্থাৎ ৰঞ্জী মেচ আৰু টেষ্টৰ প্ৰতি অনাগ্ৰহী হোৱা বুলি চৰ্চা লাভ কৰি আহিছে। তেনে সময়তে বিচিচিআইৰ এই পদক্ষেপে ক্ৰিকেটাৰসকলক টেষ্ট ক্ৰিকেটৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd