• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বিয়াৰ, চেম্পেইন আৰু চিগাৰেট? ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ীয়ে মিছা প্ৰমাণ কৰিলে হোটেল পাৰ্টীৰ ভাইৰেল বিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 4:06 pm
85
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম এক গৌৰৱোজ্জ্বল নিশাৰ দুৰ্লভ স্মাৰক বুলি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ৰেষ্টুৰেণ্টৰ বিল সম্পূৰ্ণ ভুৱা বুলি স্পষ্ট কৰি দিছে ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ প্ৰাক্তন ক্ৰিকেটাৰ কীৰ্তি আজাদে। কেইবাদিনো ধৰি ছচিয়েল মিডিয়াত তীব্ৰ চৰ্চা লাভ কৰা এই ছবিখন লণ্ডনৰ এখন হোটেলৰ আছিল বুলি দাবী কৰা হৈছিল। তাত কোৱা হৈছিল যে কপিল দেৱৰ নেতৃত্বত লৰ্ডছত ৱেষ্ট ইণ্ডিজক হৰুৱাই বিশ্বকাপ জয় কৰাৰ পিছত ভাৰতীয় দলে সেই নিশাই এইদৰে আনন্দ উল্লাস কৰিছিল। বিলখনত ম’ৱেট চেম্পিয়ন, ষ্টেক ডিনাৰ আৰু ডানহিল চিগাৰেটৰ দৰে বিলাসী বস্তুৰ অৰ্ডাৰ থকাৰ লগতে তাত অধিনায়ক কপিল দেৱৰ চহীও দেখা গৈছিল। ইয়াৰ পুৰণি শৈলী আৰু বিতং তথ্যবোৰ চাই অনুৰাগীসকলে ইয়াক সঁচা বুলি বিশ্বাস কৰি লৈছিল।

ছচিয়েল মিডিয়াত এই ছবিখন অতি বেছিকৈ শ্বেয়াৰ কৰা হৈছিল আৰু ক্ৰিকেট অনুৰাগীসকলে ইয়াক ইতিহাসৰ এটা হেৰাই যোৱা পৃষ্ঠা বুলি ভাবি আবেগিক হৈ পৰিছিল। কিন্তু দলটোৰ গুৰুত্বপূৰ্ণ সদস্য কীৰ্তি আজাদে এক্স হেণ্ডলত এক পোষ্ট দি এই সকলো দাবী নাকচ কৰে। তেওঁ কয় যে এই বিলখন সম্পূৰ্ণ মিছা। তেওঁলোকে লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰেণ্ডৰ ওচৰৰে ৱেষ্টমোৰলেণ্ড হোটেলত আছিল আৰু ১৯৮৩ চনৰ ২৫ জুনৰ গোটেই নিশাৰ পৰা ২৬ জুনৰ ৰাতিপুৱালৈকে কেৱল তাতেই উদযাপন চলিছিল। তেওঁলোক কেতিয়াও বিলখনত উল্লেখ থকা হোটেলখনলৈ যোৱা নাছিল আৰু কপিল দেৱৰ চহীটোও জাল কৰা হৈছে বুলি আজাদে স্পষ্ট কৰি দিয়ে।

Apply Now

আজাদৰ এই মন্তব্যৰ পিছতে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিলখন ভালদৰে নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰে আৰু তাত কেইবাটাও ভুল ধৰা পেলায়। আটাইতকৈ ডাঙৰ ভুলটো আছিল হিচাপত। বিলখনৰ মুঠ মূল্য ৭০৪ পাউণ্ড আছিল যদিও তাৰ ১০ শতাংশ চাৰ্ভিচ চাৰ্জ ৭০.৪০ পাউণ্ড হোৱাৰ সলনি ৬০.৪০ পাউণ্ড বুলি লিখা আছিল।

ইয়াৰ উপৰিও ১৯৮৩ চনৰ সময়ছোৱাত কম্পিউটাৰত বেলেগ বেলেগ ফণ্ট একেলগে ব্যৱহাৰ কৰাটো অসম্ভৱ আছিল বাবে বহুতে ইয়াক কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআইৰ দ্বাৰা প্ৰস্তুত কৰা বুলি সন্দেহ কৰে। আন একাংশই দাবী কৰে যে পূৰ্বেও বহু চিনেমা তাৰকাৰ নামত একেটা আৰ্হিৰে এনে ভুৱা বিল ভাইৰেল কৰা হৈছিল।

এই ভুৱা বিলখনৰ চৰ্চাৰ মাজতে জ্যেষ্ঠ সাংবাদিক বিজয় লোকাপল্লীয়ে ক্ৰিকেট দলটোৰ সেই ঐতিহাসিক নিশাৰ প্ৰকৃত ঘটনা এটা পডকাষ্টত স্মৰণ কৰে। তেওঁ জনায় যে খেলখন শেষ হৈ উদযাপন আৰম্ভ হোৱালৈ লণ্ডনৰ প্ৰায়ভাগ ৰেষ্টুৰেণ্ট বন্ধ হৈ গৈছিল, যাৰ বাবে খেলুৱৈসকলে খোৱা বস্তু বিচাৰি বহু কষ্ট কৰিবলগীয়া হৈছিল। অৱশেষত ক্ৰিকেটাৰসকলে নিশা বাহিৰলৈ ওলাই গৈ বাৰ্গাৰ খাই ভোক নিবাৰণ কৰিছিল। তদুপৰি সেই নিশাই অতিৰিক্ত সময় গাড়ী চলোৱাৰ বাবে আৰক্ষীয়ে দলটোৰ চালকজনক ধৰিছিল। খেলুৱৈসকলে নিজক বিশ্ববিজয়ী বুলি পৰিচয় দিয়াৰ পিছতো আৰক্ষীয়ে চালকজনক জৰিমনা বিহিছিল, অৱশ্যে পিছত আৰক্ষী কেইজনে ক্ৰিকেটাৰসকলৰ পৰা অট’গ্ৰাফ লৈছিল।

সেই আনন্দৰ নিশাটোত পাকিস্তানৰ কেইগৰাকীমান ক্ৰিকেটাৰেও ভাৰতীয় দলটোৰ সৈতে যোগ দিছিল, যিয়ে খেলুৱৈসকলৰ মাজৰ ভাতৃত্ববোধক প্ৰকাশ কৰিছিল। ১৯৮৩ চনৰ এই জয়ে কেৱল ৱেষ্ট ইণ্ডিজৰ আধিপত্যই অন্ত পেলোৱা নাছিল, বৰঞ্চ ভাৰতত ক্ৰিকেটক এক ধৰ্মলৈ ৰূপান্তৰিত কৰিছিল আৰু শচীন টেণ্ডুলকাৰ, ৰাহুল দ্ৰাৱিড় তথা এম এছ ধোনীৰ দৰে ভৱিষ্যতৰ তাৰকাসকলক অনুপ্ৰাণিত কৰিছিল।

যি কি নহওক কীৰ্তি আজাদৰ এই স্পষ্টীকৰণে প্ৰমাণ কৰিলে যে ছচিয়েল মিডিয়াত দেখা যিকোনো পুৰণি কথাকে ইতিহাস বুলি বিশ্বাস কৰাৰ আগতে পুনৰ পৰীক্ষা কৰাটো প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd