ভাৰতীয় নিৰ্বাচন আয়োগে অবৈধ ঘোষণা কৰাৰ পাছতো পশ্চিম বংগ চৰকাৰে ৰাজ্যখনত চলি থকা ‘বিশেষ নিবিড় সংশোধন’ শুনানিৰ সময়ত নথিভুক্ত প্ৰমাণ হিচাপে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ জাৰি কৰি থকা বুলি অভিযোগ উত্থাপন হৈছে।
নিৰ্বাচন আয়োগৰ সূত্ৰই সদৰী কৰা মতে, ৰাষ্ট্ৰীয় নিৰ্বাচন সংস্থাটোৱে নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও কলকাতা আৰু বিভিন্ন জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়সমূহে স্থায়ী ঠিকনা বা বাসস্থানৰ প্ৰমাণ হিচাপে এই প্ৰমাণপত্ৰসমূহ জাৰি কৰি আছে।
পশ্চিম বংগৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালৰ কাৰ্যালয়ৰ এজন বিষয়াই জনোৱা মতে, বিশেষ নিবিড় সংশোধনৰ অধীনত গ্ৰহণযোগ্য নথিপত্ৰৰ তালিকাত ৰাজ্য চৰকাৰে জাৰি কৰা স্থায়ী ঠিকনা বা বাসস্থানৰ প্ৰমাণপত্ৰ অন্তৰ্ভুক্ত আছে; কিন্তু ‘স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ’ এই শ্ৰেণীত নপৰে। অৱশ্যে অহা ১৪ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ নোহোৱালৈকে এই সন্দৰ্ভত কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব বুলি বিষয়াজনে জানিবলৈ দিয়ে।
‘দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, নিৰ্বাচন আয়োগৰ নিৰ্দেশনা উলংঘা কৰি কলকাতাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ে ভোটাৰসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে। কলকাতাৰ চেতলা অঞ্চলৰ এজন ভোটাৰক প্ৰদান কৰা তেনে এক প্ৰমাণপত্ৰত উল্লেখ কৰা হৈছে যে কলকাতা আৰক্ষীৰ বিশেষ শাখাৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত এই চাৰ্টিফিকেট জাৰি কৰা হৈছে আৰু ইয়াক কেৱল ‘বিশেষ নিবিড় সংশোধন’ৰ উদ্দেশ্যতহে বৈধ বুলি গণ্য কৰা হ’ব।
প্ৰকাশিত তথ্য অনুসৰি, বিভিন্ন জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ইতিমধ্যে শ শ এনে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ভোটাৰসকলক প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় এমাহ পূৰ্বে নিৰ্বাচন আয়োগে ৰাজ্যখনৰ প্ৰায় ১.৫ কোটি ভোটাৰৰ ক্ষেত্ৰত ‘তৰ্কসংগত বিসংগতি’ৰ বাবে এই প্ৰমাণপত্ৰসমূহৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। যিসকল ভোটাৰে ইতিমধ্যে এনে চাৰ্টিফিকেট জমা দিছে, তেওঁলোকক পুনৰ শুনানিৰ বাবে তলব কৰা হৈছে।
ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে স্পষ্ট কৰি দিছে যে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰসমূহ সাধাৰণতে নিৰ্দিষ্ট কিছুমান ক্ষেত্ৰতহে, যেনে— সেনাবাহিনী বা অৰ্ধসামৰিক বাহিনীত চাকৰিৰ বাবে আবেদন কৰা অ-বঙালী প্ৰাৰ্থীৰ বাবেহে জাৰি কৰা হয়। নিৰ্দিষ্ট নীতি উলংঘা কৰি এইসমূহ জাৰি কৰাৰ অভিযোগ উঠাৰ বাবে নিৰ্বাচন আয়োগে ইয়াক বৈধ প্ৰমাণ হিচাপে গ্ৰহণ কৰিব নোৱাৰে।
ইফালে, চলিত সংশোধন প্ৰক্ৰিয়াৰ সময়ত জাৰি কৰা প্ৰায় ১০,০০০ নতুন ভোটাৰ পৰিচয় পত্ৰ ডাকযোগে প্ৰেৰণ কৰাৰ পাছতো সঠিক ঠিকনাত ভোটাৰক বিচাৰি নোপোৱাৰ বাবে উভতি অহাত আয়োগে উদ্বেগ প্ৰকাশ কৰিছে। চূড়ান্ত তালিকা প্ৰকাশৰ পাছত এই পৰিচয় পত্ৰসমূহ পুনৰ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
আনহাতে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে। শেহতীয়াকৈ উত্তৰ বংগত এখন সভাত ভাষণ দি তেওঁ কয় যে যি ‘ড’মিচাইল চাৰ্টিফিকেট’ সকলোতে গ্ৰহণ কৰা হয়, তাক কেৱল পশ্চিম বংগতহে নাকচ কৰা হৈছে।





