বেংগালুৰুৰ সমীপত খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনে (FSDA) আৰক্ষীৰ সহযোগত এক বৃহৎ অভিযান চলাই প্ৰায় ৫ কোটি টকা মূল্যৰ ভুৱা ঔষধৰ এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে মহীশূৰ পথৰ বিদাদী টোল গেটৰ সমীপত থকা এটা প্ৰতিষ্ঠানত চলোৱা এই অভিযানত ফাইজাৰৰ (Pfizer) দৰে বিশ্বৰ শীৰ্ষস্থানীয় বহুজাতিক ঔষধ কোম্পানীৰ নাম উল্লেখ থকা ভুৱা লেবেল আৰু বৃহৎ পৰিমাণৰ ঔষধ উদ্ধাৰ কৰা হৈছে।
বিভাগীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, এই দুষ্ট চক্ৰটোৱে অতি কম দামৰ আৰু নিম্ন মানদণ্ডৰ ভুৱা ঔষধবোৰ নতুনকৈ পেকেট কৰি তাত নামী-দামী ঔষধ কোম্পানীৰ লেবেল লগাই বজাৰত চৰা দামত বিক্ৰী কৰিছিল। প্ৰতিষ্ঠানটোৰ পৰা ঔষধৰ কাৰ্টুন, নতুন লেবেল, এটা মেচিন আৰু ‘কৌশিক ফাৰ্মাচিউটিকেলছ’ নামৰ এখন বিল জব্দ কৰা হৈছে। ইয়াৰ লগতে পুৰণি লেবেল এৰুৱাবলৈ ব্যৱহাৰ কৰা স্প্ৰেও ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সমগ্ৰ ক’লা বেপাৰখন কোনো ধৰণৰ বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈয়ে চলাই থকা হৈছিল বুলি তদন্তত পোহৰলৈ আহিছে।
আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল বুলি এফ এছ ডি এৰ আয়ুক্ত শ্ৰীনিবাস কে-য়ে প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে এই চক্ৰটোৱে মাত্ৰ ৬০০ ৰ পৰা ৭০০ টকাত ভুৱা ঔষধবোৰ ক্ৰয় কৰিছিল আৰু নতুন লেবেল লগাই সেই একেবোৰ ঔষধকে ৬,০০০ ৰ পৰা ৭,০০০ টকাত বিক্ৰী কৰি সাধাৰণ গ্ৰাহকক প্ৰৱঞ্চনা কৰিছিল। বৰ্তমান এই ঔষধবোৰ ক’ৰ পৰা সংগ্ৰহ কৰা হৈছিল আৰু ক’ত যোগান ধৰা হৈছিল তাৰ এক বিস্তৃত তদন্ত চলি আছে। যিসকল খুচুৰা বিক্ৰেতাই এই ঔষধবোৰ ক্ৰয় কৰিছিল তেওঁলোকক বিচাৰি উলিওৱাৰ চেষ্টা কৰা হৈছে, যাতে নজনাকৈ এই ঔষধ ক্ৰয় কৰা গ্ৰাহকসকলক তৎক্ষণাত চিনাক্ত কৰি সতৰ্ক কৰিব পৰা যায়।





