• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰেণীতেই মুছলমান ছাত্ৰক ‘সন্ত্ৰাসবাদী’ আখ্যা অধ্যাপকৰ! উত্তাল বেংগালুৰুৰ বিশ্ববিদ্যালয়, ভিডিঅ’ ভাইৰেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:52 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰজনে শ্ৰেণীৰ পৰা ওলাই যাবলৈ অনুমতি বিচাৰিছিল। ইয়াৰ বিপৰীতে শ্ৰেণীকোঠাৰ সকলোৰে সন্মুখত তেওঁক ‘উগ্ৰপন্থী’ বুলি অভিহিত কৰা হ’ল! বেংগালুৰুৰ এখন বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এই বিতৰ্কিত ঘটনা।

ভাইৰেল ভিডিঅ’টোত অভিযুক্ত অধ্যাপকজনে ভৰ্তি শ্ৰেণীকোঠাত ছাত্ৰজনক এটাৰ পিছত এটাকৈ মন্তব্য কৰি থকা দেখা গৈছে। এটা সময়ত তেওঁ মুছলমান ছাত্ৰজনক সন্ত্ৰাসবাদী আখ্যা দিয়ে। তেওঁ দাবী কৰে যে তেনে শিক্ষাৰ্থীসকলেই ইৰাণ যুদ্ধৰ বাবে দায়ী। তেওঁলোকৰ প্ৰত্যেকেই নৰকলৈ যাব লাগে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ইণ্টাৰনেট জগতত তোলপাৰ লাগে।

Apply Now

বেংগালুৰুৰ পি ই এছ বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত অধ্যাপকজনৰ নাম মুৰলীধৰ দেশপাণ্ডে। জানিব পৰা মতে আফান নামৰ এজন ছাত্ৰই মঙলবাৰে ক্লাছৰ সময়ত বাহিৰলৈ যাবলৈ অনুমতি বিচাৰিছিল। কিন্তু আফানৰ কথা শুনি অধ্যাপকজনৰ খং উঠিল।

ভাইৰেল ভিডিঅ’টোত তেওঁ কোৱা শুনা যায় যে, “তোমাৰ লাজ লগা নাইনে? ইৰাণৰ যুদ্ধখন তোমাৰ দৰে মানুহৰ বাবেই চলি আছে। তোমালোক সন্ত্ৰাসবাদী। তুমি নৰকলৈ যোৱা উচিত।” ক্লাছৰ আন এজন ছাত্ৰই সমগ্ৰ ঘটনাটো ৰেকৰ্ডিং কৰিছিল। এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, অভিযুক্ত অধ্যাপক মুৰলীধৰক নিলম্বন কৰা হৈছে যদিও সেয়া ঘটনাৰ তিনিদিন পিছত। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনৰ এজাহাৰ পোৱা বুলি জানিবলৈ দিয়ে। ঘটনাৰ তদন্ত অব্যাহত আছে। বিভিন্ন কাৰণত আৰু তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক নিলম্বন কৰা হৈছে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে কয় যে প্ৰতিজন অধ্যাপকক শ্ৰেণীত সঠিক আচৰণ কৰিবলৈ কোৱা হয়। অৱশ্যে বিশ্ববিদ্যালয়খনত এনে ঘটনা কেতিয়াও হোৱা নাই বুলিও তেওঁ কয়।

অৱশ্যে এই ঘটনাত আৰক্ষীক কোনো অভিযোগ দাখিল কৰা হোৱা নাই। তথাপিও ভাইৰেল ভিডিঅ’টো চাই বেংগালুৰু আৰক্ষীয়ে বিশ্ববিদ্যালয়খনৰ সৈতে নিজেই যোগাযোগ কৰে। বিশ্ববিদ্যালয়ে অভিযোগ দাখিল কৰিলে অধ্যাপকজনৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল’ব পাৰিলেহেঁতেন, কিন্তু সেয়া নহ’ল।

কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে আৰক্ষীৰ কাষ চাপিছে আৰু অধ্যাপকগৰাকীৰ বিৰুদ্ধে তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। লগতে অধ্যাপকগৰাকীৰ পৰা ক্ষমা বিচাৰিছে। কিন্তু অধ্যাপকগৰাকীৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd