• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বেটী’ৰ সুৰক্ষা সুদূৰপৰাহত! যৌতুকৰ দাবীৰে নিৰ্যাতনৰ বলি খোদ ‘বেটী বচাও, বেটী পঢ়াও’ৰ ব্ৰেণ্ড এম্বেছাদৰ মল্লযুঁজাৰু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2023 9:40 pm
921
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ শ্ল’গানতে সীমাবদ্ধ আছে কেন্দ্ৰৰ অভিনৱ ‘বেটী বচাও, বেটী পঢ়াও’ অভিযান। শাসনলৈ আহিয়েই ‘বেটী বচাও, বেটী পঢ়াও’ শ্ল’গান আওৰাই নাৰী সুৰক্ষা তথা নাৰী শিক্ষাৰ ঢাকঢোল কোবোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত পিছে শ্ল’গানৰ ওলোটাহে হ’ল বাস্তৱিক পৰিস্থিতি।

খোদ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদনেই ফাদিল কৰিছে দেশত নাৰীৰ ওপৰত হোৱা অত্যাচাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ তথ্য। এই প্ৰতিবেদনেই কেন্দ্ৰৰ ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানৰ চমক অসাৰ প্ৰতিপন্ন কৰিছে। 

শেহতীয়াকৈ পোহৰলৈ অহা আন এক ঘটনাই দেশৰ নাৰী সুৰক্ষাৰ ব্যৰ্থতাক সম্পূৰ্ণকৈ উদঙাই দিছে। এইবাৰ যৌতুকৰ দাবীৰে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তুলিছে খোদ ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানৰ এগৰাকী ব্ৰেণ্ড এম্বেছাদৰে।

‘বেটী বচাও, বেটী পঢ়াও’ৰ ব্ৰেণ্ড এম্বেছাদৰ মধ্যপ্ৰদেশৰ গোৱালিয়ৰ জিলাৰ ৰাণী ৰানা নামৰ এগৰাকী মহিলা মল্লযুঁজাৰুৱে স্বামীগৃহৰ বিৰুদ্ধে তুলিছে যৌতুক দাবী কৰি শাৰীৰিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ। ইতিমধ্যে মল্লযুঁজাৰুগৰাকীয়ে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। 

মল্লযুঁজাৰুগৰাকীয়ে অভিযোগ কৰা মতে, যৌতুকৰ বাবে তেওঁক স্বামীৰ পৰিয়ালে প্ৰহাৰ কৰিছে আৰু ইয়াৰ ফলত তেওঁৰ অনুশীলনত বিৰূপ প্ৰভাৱ পৰিছে। কেৱল সিমানেই নহয়, তেওঁক ঘৰৰ পৰা উলিয়াই পঠোৱা বুলিও অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ ভাষ্য মতে, ৰাণাৰ স্বামী এটা জিমৰ পৰিচালক। জিম খুলিবলৈ তেওঁ ৰাণাক ধন দাবী কৰি আহিছিল আৰু ধন যোগান নধৰাৰ বাবে ৰাণাক মাৰপিট কৰিছে। এনে নিৰ্যাতনৰ বাবে বৰ্তমান পিতৃগৃহত থাকিবলৈ বাধ্য হৈছে ৰাণা।

এই সন্দৰ্ভত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, ৰাণী ৰাণাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ স্বামী, শাহুৱেক আৰু শহুৰেকৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়কঃ কাজিৰঙাত উদ্ধাৰ গড়ৰ মৃতদেহ, চোৰাং চিকাৰক অস্বীকাৰ বন বিভাগৰ

লগতে পঢ়কঃ প্ৰস্তাৱিত পাম খেতিয়ে অসমত মৰুভূমি সৃষ্টি কৰিবঃ ডি ৱাই এফ আই 

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ যুক্তিসংগত ৰায়ৰ বাবে অধিক জিলিকি উঠিব নেকি ৰাহুল গান্ধী?

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd