• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ভাৰত ত্যাগ আন্দোলনৰ লগত সংগতি ৰাখি ভাৰত বচাও কাৰ্যসূচী

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , August 10, 2020 7:09 pm

2 min read

শিৱসাগৰত ভাৰত ত্যাগ আন্দোলনৰ লগত সংগতি ৰাখি ভাৰত বচাও কাৰ্যসূচী

ফটো : নৰ্থ-ইষ্ট নাও

208
VIEWS
Share on FacebookShare on Twitter

আজি দেশজুৰি ট্ৰেড য়ুনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যন সমূহৰ যৌথ মঞ্চ আহ্বানত কেইবাটাও দাবীৰ ভিত্তিত ভাৰত বচাও আন্দোলনৰ কাৰ্যসূচী শিৱসাগৰতো শ্ৰমিক সংগঠন সমূহে ৰূপায়ণ কৰে।

শিৱসাগৰ জিলা শ্ৰম বিভাগৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

অ’এন জি চি ঠিকা শ্ৰমিক য়ুনিয়নৰ নেতা মদন বৰুৱাই আঁত ধৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ দাবী সমূহৰ তাৎপৰ্য ব্যাখ্যা কৰে চি পি আই নেতা কনক গগৈয়ে৷

কনক গগৈয়ে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতি সমূহক চোকা সমালোচনা কৰে আৰু চৰকাৰে ক’ৰ’না সংকটৰ সময়ত ৰাজনীতি কৰিছে বুলি মন্তব্য কৰে৷

লগতে চিপিআই নেতা গৰাকীয়ে ই এ আই ২০২০ উত্তৰ-পূবৰ বাবে অতিকে ভয়াবহ বুলি কয় আৰু নতুন শিক্ষা নীতিকো চোকা সমালোচনা কৰি সাম্প্ৰদায়িকীকৰণ বাণিজ্যিকীকৰণ তথা ব্যৱসায়ীকৰণ বন্ধ কৰিবলৈও দাবী জনায়৷

আজি কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক সকলোৱে বাবে স্বাস্থ্য সেৱা বিনামূলীয়া আৰু সাৰ্বজনীন কৰিবলৈ দাবী কৰে৷ ইয়াৰ উপৰি ৰেইল, বিদ্যুত, তেল, কয়লা, প্ৰতিৰক্ষা আৰু বেংকসহ দেশৰ ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ অভিযান বন্ধ কৰিবলৈ দাবী জনায়৷

তদুপৰি আঁচনিভুক্ত কৰ্মচাৰীসকলক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিবলৈ দাবী জনোৱাৰ লগতে মাননি সলনি মজুৰি আদায় দিবলৈ দাবী জনায়।

ইয়াৰ উপৰি ক’ৰ’না পৰিস্থিতিয়ে আয়হীন কৰি তোলা প্ৰতি শ্ৰমিকক মাহে ১০ কিলোগ্ৰাম চাউলসহ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ দাবী জনায়৷

ইয়াৰ উপৰি ক’ৰ’না পৰিস্থিতিত কৰ্মহীন হৈ পৰা মটৰ পৰিবহণ শ্ৰমিকসহ অসংগঠিত খণ্ডৰ সকলো শ্ৰমিকক মাহে ৭৫০০ টকা সাহায্য প্ৰদান কৰিবলৈ দাবী কৰে৷

আনহাতে MGNREGA শ্ৰমিকক মজুৰি ৬০০ টকালৈ বৃদ্ধি আৰু কৰ্মদিন ২০০ দিনলৈ বৃদ্ধি কৰিবৰ বাবে দাবী জনায়৷ আৰু ঘৰলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপন দিবলৈও দাবী জনায়৷

আনহাতে চাহ শ্ৰমিকৰ দিন মজুৰি ৩৫১ টকা ধাৰ্য কৰিবলৈ দাবী উত্থাপন কৰে।

বান খহনীয়াত ক্ষতিগ্ৰস্তক পৰ্যাপ্ত সাহায্য দি এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিবলৈ দাবী জনায়৷ কৃষি ভূমি অধিগ্ৰহণ আইন, শ্ৰম সংস্কাৰ আইন বাতিল কৰাৰ লগতে পৰিৱেশিক প্ৰভাৱ নিৰূপণ বিল ২০২০ বাতিল কৰিবলৈ দাবী জনায়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd