• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 8:53 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী গীতা উপাধ্যায়লৈ মঙলবাৰে সংগঠনটোৰ তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সোমবাৰে নিশা প্ৰায় ৯.১০ বজাত তেজপুৰৰ চান্দমাৰিস্থিত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ। মঙলবাৰে ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি ঠাণ্ডি নেৱাৰৰ নেতৃত্বত এটা সঁজাতী দলে তেখেতৰ বাসগৃহত উপস্থিত হৈ মৃতদেহৰ কাষত ফুলেৰে শ্ৰদ্ধা নিবেদন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। সংগঠনটোৰ প্ৰতিষ্ঠাপক সভানেত্ৰীগৰাকীৰ প্ৰতি সৰ্বোচ্চ সন্মান প্ৰদৰ্শন কৰি সঁজাতী দলটোৱে তেখেতৰ নশ্বৰ দেহ ৰখা আইনাৰ বাকচটোৰ ওপৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ সাংগঠনিক পতাকাখন আনুষ্ঠানিকভাৱে মেৰিয়াই দিয়ে আৰু তেখেতৰ স্মৃতিত এমিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শোণিতপুৰ জিলাৰ সভাপতি গৌৰ বাহাদুৰ চেত্ৰী, জিলা সাধাৰণ সম্পাদক মুক্তিনাথ লুইটেল, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গণেশ পৌডেল, অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰবীন ৰায়, শোণিতপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি হিম সাগৰ উপাধ্যায়কে ধৰি মাণিক সাপকোটা, ৰত্নেশ্বৰ নেৱাৰ, কমল উপাধ্যায়, মহেন্দ্ৰ উপাধ্যায়, ড০ অমৰ গৌতম, দেৱ কুমাৰ শৰ্মা, মোহন সুবেদী, খৰ্গ বাহাদুৰ কৌশিক, দীননাথ নিৰালা, খেমানন্দ মিশ্ৰ আদি বহুতো বিশিষ্ট ব্যক্তি আৰু গুণমুদ্ধ উপস্থিত থাকে। উপস্থিত থকা বক্তাসকলে সংগঠনটোৰ প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণৰ লগতে ভাৰতীয় গোৰ্খা সম্প্ৰদায়ৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ অতুলনীয় অৱদানক শ্ৰদ্ধাৰে সুঁৱৰে।

Apply Now

অসম আৰু ভাৰতীয় গোৰ্খা সম্প্ৰদায়ৰ অন্যতম সন্মানীয় সাহিত্যিক পদ্মশ্ৰী গীতা উপাধ্যায়ৰ জন্ম হৈছিল ১৯৩৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সেই সময়ৰ দৰং জিলাৰ (বৰ্তমানৰ বিশ্বনাথ জিলা) গাংমৌথানত। তেখেত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি তথা বিশিষ্ট মুক্তি যুঁজাৰু বাবু ছৱিলাল উপাধ্যায়ৰ নাতিনী। এগৰাকী বিশিষ্ট শিক্ষাবিদ হিচাপে তেখেতে শিৱসাগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। অসমৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা তেখেতেই আছিল প্ৰথমগৰাকী মহিলা যিয়ে মহিলাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰিছিল। গোৰ্খা আৰু অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। অসমীয়া সাহিত্যৰ অমূল্য গ্ৰন্থ ‘কাৰেঙৰ লিগিৰী’ক ‘দৰবাৰকী সুসাৰে’ নামেৰে গোৰ্খা ভাষালৈ অনুবাদ কৰাৰ বাবে ২০১২ চনত তেখেতে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছিল। একেদৰে ককাদেউতাক ছৱিলাল উপাধ্যায়ৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত আধাৰিত তেখেতৰ জনপ্ৰিয় গোৰ্খা উপন্যাস ‘জন্মভূমি মেৰো স্বদেশ’ৰ বাবে ২০১৬ চনত তেখেতক সন্মানীয় সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd