• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৪ বছৰে ভোগালীৰ আনন্দই স্পৰ্শ কৰিব নোৱাৰা এখন গাঁও! উৰুকাৰ নিশা শোকত কাতৰ হয় গাঁওবাসী!

দীপক কুমাৰ পাঠক, বাক্সা by দীপক কুমাৰ পাঠক, বাক্সা
January 12, 2022 1:05 pm
Magh Bihu
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰুকা বুলি কলেই অসমৰ প্ৰতিখন গাঁও, চহৰ নগৰৰ মানুহৰ মন প্ৰাণ উথলি উঠে। ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধা, কিশোৰ-কিশোৰীৰ মনত জাগি উঠে আনন্দ উল্লাস।

ঠিক একেই সময়তে অসমৰে এখন গাঁও যি খন গাঁৱত। উৰুকা বুলি কলেই নামি আহে বিষাদৰ ঢল, নামি আহে অশ্ৰু। যিখন গাঁৱত আজিৰ প্ৰজন্মই নাজানে উৰুকা কি, দেখা নাই ভেলা ঘৰ, ভেলা পুঁজি।

Apply Now

গাঁও খনত ২৪ বছৰে পালন কৰা নাই মাঘ বিহুৰ উৰুকা। কিন্তু কিয় উৰুকাই বিষাদৰ ঢল নমাই আনে গাঁও খনলৈ!

ৰাজ্যৰ চৌদিশে হেপাহৰ ভোগালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। কিন্তু বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ এখন গাঁও য’ত নাই ভোগালীৰ আনন্দ।

এই বিশেষ গাঁওখন হৈছে বাক্সা জিলাৰ তামুলপুৰৰ কেকৰীকুছী গাওঁ ৷ বিগত ২৪ টা বছৰে গাঁওখনৰ কোনো এটা পৰিয়ালে উদযাপন কৰা নাই ভোগালী বিহু, উপভোগ কৰা নাই উৰুকাৰ আনন্দ৷ এই দিনটো গাঁওখনৰ প্ৰতি গৰাকী লোকৰ বাবে বিষাদৰ দিন।

গাঁওবাসীৰ বাবে উৰুকাৰ দিনটো হৈছে এটা অভিশপ্ত দিন।

সেয়া আছিল ১৯৯৮ চনৰ ১৩ জানুৱাৰী। সেইদিনা আছিল উৰুকাৰ নিশা। এই বিশেষ দিনটোত গাঁও খনত সংঘটিত হৈছিল এক নাৰকীয় হত্যাকাণ্ডৰ ঘটনা৷

গাঁও খনত নিশা চলি আছিল উৰুকাৰ ভোজ ভাতৰ আয়োজন। সেই সময়তে গাঁও খনত কেইজনমান অস্ত্ৰধাৰী আততায়ীৰ প্ৰৱেশ ঘটিছিল। গাঁও খনত চলিছিল অততায়ীৰ নিৰ্বিচাৰ গুলী চালনা।

এই গুলি চালনাত কেকেৰিকুছি গাঁওৰ ৪ টাকৈ পৰিয়ালৰ শিশু-মহিলা, যুৱক যুৱতী, বৃদ্ধ বৃদ্ধাসহ ১৭ গৰাকীকৈ লোকে হেৰুৱাইছিল প্ৰাণ ৷ আৰু সেই দিন ধৰি আজিলৈকে কেকেৰীকুছী গাঁওৰ ৰাইজে পালন কৰা নাই উৰুকা আৰু ভোগালী বিহু৷

গাঁও খনৰ দুৰ্ভগীয়া ৰাইজে পাহৰি গৈছে ভোগালী বিহু আৰু উৰুকাৰ আনন্দ কি। গাঁওবাসীৰ বাবে উৰুকা আৰু ভোগালী বিহু এতিয়া পাহৰণিৰ গৰ্ভত।

গাঁও খনৰ নৱ প্ৰজন্মইও নাজানে ভোগালীৰ উৰুকা মানে কি! ২৪ টা বছৰে গাঁও খনৰ ৰাইজে খাই পোৱা নাই অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ পিঠা-লাৰু।

বিগত ২৪ বছৰে গাঁওখনত দেখা নাই ভেলাঘৰ কিম্বা মেজী। গাঁও খনৰ বয়োজেষ্ঠ সকলৰ মনৰ পৰা আজিও আঁতৰ হোৱা নাই সেই ভয়াবহ নিশাৰ আতংক৷

২৪ বছৰ ধৰি উৰুকাৰ নিশাটোত আততায়ীৰ হাতত নিহত লোক কেইজনৰ আত্মাৰ সদগতি কামনা কৰি কেকেৰীকুছীত থকা সমাধিত চাকি বন্তি জ্বলাই উপবাসে থাকে গাঁও খনৰ ৰাইজ আৰু পাৰ কৰে উজাগৰী নিশা৷

নিহত লোক সকলৰ আত্মাৰ সদগতি কামনা কৰি কৰা হয় নাম-কীৰ্তন। উৰুকাৰ দিনটোত ২৪ বছৰে বিষাদ বেদনা লৈ কটাইছে কেকেৰিকুছিৰ ৰাইজে।

দীপক কুমাৰ পাঠক, বাক্সা

দীপক কুমাৰ পাঠক, বাক্সা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd