• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জেপিচিৰ বৈঠক : বাংলাদেশ আৰু অসমক বাদ দিয়াৰ দুটা নতুন প্ৰস্তাৱ উত্থাপন

ভাৰতত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব আইন হ’ব নোৱাৰে : স্বপন দাশগুপ্ত

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , November 27, 2018 7:36 pm

3 min read

Bhubaneshwar_Susmita
898
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীত আজি অনুষ্ঠিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে গঠিত জেপিচিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত দুটা প্ৰধান মতে ঠাই পায়। সমিতিখনৰ সদস্য তথা সাংসদ, লেখক স্বপন দাশগুপ্তই স্পষ্ট ভাষাৰে এই বিধেয়কখন ভাৰতৰ সংবিধান বিৰোধী আখ্যা দিয়ে।

“ভাৰতীয় সংবিধান অনুসৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ আইন হ’ব নোৱাৰে।” দাশগুপ্তই স্পষ্ট ভাষাৰে এই মত দাঙি ধৰে। তেওঁ অসমৰ পৰিস্থিতিলৈ চাই অসমক বিধেয়কখনৰ আওতাৰ পৰা বাদ দি ৰাখিবলৈ প্ৰস্তাৱ দিয়ে।

আনহাতে, বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিয়াৰ প্ৰস্তাৱ আগ বঢ়ায় অসমৰ সদস্য তথা সাংসদ ভুৱনেশ্বৰ কলিতাই। এই কথা দিল্লীৰ পৰা নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে কংগ্ৰেছী সাংসদজনে। অৱশ্যে তেওঁৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে শাসকীয় বিজেপিৰ সদস্যই।

বৈঠক শেষ হোৱাৰ পাছতেই ভুৱনেশ্বৰ কলিতাৰ সৈতে হোৱা আমাৰ টেলিফ’নিক বাৰ্তালাপত তেওঁ কয়, “বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিয়াৰ বাবে মই প্ৰস্তাৱটো আগ বঢ়াইছিলো। এই প্ৰস্তাৱক বিজু জনতা দলৰ সাংসদ ভৰত্ৰুহৰি মেহতাবে সমৰ্থন জনায়।”

কলিতাই লগতে জনায় যে বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিয়া প্ৰস্তাৱত প্ৰথমতে যুটীয়া সংসদীয় সমিতিৰ মনোনীত সদস্য স্বপন দাসগুপ্তই সমৰ্থন জনাইছিল যদিও পাছত তেওঁ সেই সমৰ্থন উঠাই লয়। কিন্তু স্বপন দাসগুপ্তই এই প্ৰস্তাৱ উঠাই ল’লে যদিও তেওঁ অন্য এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগ বঢ়ায় বুলি কলিতাই আমাক জানিবলৈ দিয়ে।

কলিতাই জনোৱা মতে দাসগুপ্তই আজিৰ বৈঠকত নাগৰিকত্ব আইন সংশোধন কৰিলে এই সংশোধনীৰ আওতাৰ পৰা অসমক বাদ দিয়াৰ প্ৰস্তাৱ আগ বঢ়াইছে।

ইপিনে, আজিৰ বৈঠকত অসমৰ আন এগৰাকী সাংসদ তথা সদস্য সুস্মিতা দেবে এই বিধেয়কে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত অসমত প্ৰতিষ্ঠা হোৱা শান্তি পুনৰ বিঘ্নিত কৰিব বুলি নিজৰ মত দাঙি ধৰা বুলি কলিতাই আমাৰ আগত কয়।

বিধেয়কখনক লৈ আজিয়ে আলোচনা সম্পূৰ্ণ হোৱা নাই বুলিও ভুৱনেশ্বৰ কলিতাই জানিবলৈ দিয়ে। তেওঁ কয় যে প্ৰতিটো দফা আলোচনা কৰি সংশোধনৰ বাবে সময়ৰ প্ৰয়োজন হ’ব। গতিকে এই সন্দৰ্ভত অহা ১০ বা ১২ ডিচেম্বৰৰ ভিতৰত পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে বুলি তেওঁ ব্যক্ত কৰে।

মন কৰিব লগীয়া যে আজি বৈঠক চলি থকাৰ সময়তে অসমৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে বৈঠকৰ আলোচনা সন্দৰ্ভত ভুল বাতৰি পৰিৱেশন কৰা দেখা গৈছে। ‘হিন্দু বাঙালী’ শব্দটো বাদ দিয়াৰ বাবে প্ৰস্তাৱ উঠা বুলি সংবাদ প্ৰতিষ্ঠান গোটচেৰেকে বাতৰি পৰিৱেশন কৰিছে। কিন্তু ভুৱনেশ্বৰ কলিতাই তেনেকুৱা কোনো কথা উঠা নাই বুলিহে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বিধেয়কখনত ‘হিন্দু বাঙালী’ বুলি কোনো উল্লেখ নাই।

‘হিন্দু’ শব্দটো বিধেয়কৰ পৰা আঁতৰোৱাৰ প্ৰস্তাৱ

নতুন দিল্লীৰ পৰা ৰাজীৱ ৰয়

নতুন দিল্লীৰ পৰা আমাৰ সংবাদদাতা ৰাজীৱ ৰয়ে জনোৱা মতে, আজিৰ জেপিচিৰ বৈঠকত কোনো সিদ্ধান্ত উপনীত হ’ব পৰা নগ’ল। ৩০ জন সদস্যৰ প্ৰায়বোৰেই ভিন্ন মত আগ বঢ়োৱাত সিদ্ধান্ত অবিহনেই বৈঠকৰ সামৰণি মাৰিব লগীয়া হয়।

একাংশ সদস্যই বিধেয়কখনৰ পৰা ‘হিন্দু’ শব্দটো আঁতৰোৱাৰ প্ৰস্তাৱ দিয়ে। আন একাংশই খিলঞ্জীয়া (Indigenous) শব্দ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱ আগ বঢ়ায়।

ইয়াৰ বিপৰীতে বিধেয়কখনেই সম্পূৰ্ণ বাতিল কৰাৰো প্ৰস্তাৱ দিয়ে কম সংখ্যক সদস্যই। একেদৰে আন কেইজনমানে বিধেয়কখন আমূল সালসলনিৰে নতুনকৈ প্ৰস্তুত কৰাৰ প্ৰস্তাৱ দিয়ে।

এনেবোৰ মত ভিন্নতাৰ বাবে আজি কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল বুলি অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে জানিবলৈ দিয়ে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd