• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলৰ নতুন বৰ্ষৰ খেল আৰম্ভ হোৱাৰ আগতে কেইবাটাও দলত যে ডাঙৰ সালসলনি হ'ব, সেয়া যোৱাবাৰৰ খেল শেষ হোৱাৰ লগে লগেই প্ৰায় নিশ্চিত হৈ পৰিছিল। ইতিমধ্যে লক্ষ্ণৌ দলৰ অধিনায়কৰ দায়িত্ব এৰিছে ঋষভ পন্তে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2026 9:33 pm
135
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইপিএলৰ নতুন বৰ্ষৰ খেল আৰম্ভ হোৱাৰ আগতে কেইবাটাও দলত যে ডাঙৰ সালসলনি হ’ব, সেয়া যোৱাবাৰৰ খেল শেষ হোৱাৰ লগে লগেই প্ৰায় নিশ্চিত হৈ পৰিছিল। ইতিমধ্যে লক্ষ্ণৌ দলৰ অধিনায়কৰ দায়িত্ব এৰিছে ঋষভ পন্তে। তেওঁ হয়তো দিল্লী দললৈ ঘূৰি যাব। কলকাতা দলেও নতুন অধিনায়কৰ সন্ধান কৰি আছে। এতিয়া জানিব পৰা গৈছে যে, অহা বছৰত ৰাজস্থান দলেও সম্ভৱতঃ নতুন অধিনায়ক পাব।

অহা বছৰৰ খেলত ৰাজস্থান দলৰ পোছাক পিন্ধিব পাৰে হাৰ্দিক পাণ্ডিয়াই। মুম্বাই দলৰ সৈতে তেওঁৰ যাত্ৰা যে শেষ, সেয়া যোৱাবাৰৰ খেলৰ শেষতেই স্পষ্ট হৈ পৰিছিল। প্ৰায় তিনি বছৰ আগতে ৰোহিত শৰ্মাক আঁতৰাই হাৰ্দিকক অধিনায়ক কৰিছিল মুম্বাই দলে। সেই সময়ত সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগীৰ খং উঠা দেখা গৈছিল তেওঁৰ ওপৰত। মুম্বাই দলৰ মালিকপক্ষই আশা কৰিছিল যে নিজৰ ভাল খেলৰ জৰিয়তে সকলো পাহৰাই দিব হাৰ্দিকে। কিন্তু তেনে নহ’ল। এই তিনি বছৰত মুম্বাই দলে বিশেষ একো কৰিব নোৱাৰিলে। আনকি, এইবাৰৰ আইপিএলত নৱম স্থানতহে শেষ কৰিবলগীয়া হৈছিল তেওঁলোকে।

Apply Now

হাৰ্দিকক যে মুম্বাই দলে এৰি দিব সেই উমান আগতেই পোৱা গৈছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, হাৰ্দিকক এইবাৰ ল’ব বিচাৰিছে ৰাজস্থান দলে। যোৱাবাৰ ৰাজস্থান দলে ৰিয়ান পৰাগৰ অধিনায়কত্বত খেলিছিল। কিন্তু এইবাৰ ৰাজস্থান দলৰো বহুত সালসলনি হৈছে। দলৰ মালিকানাও সলনি হৈছে। শুনা গৈছে যে, ৰিয়ানৰ সলনি আৰু অধিক ডাঙৰ নাম থকা কাৰোবাক অধিনায়ক কৰাৰ কথা ভাবিছে ৰাজস্থান দলে। সেই দৌৰত আগবাঢ়ি আছে হাৰ্দিক পাণ্ডিয়া। তেওঁক কেন্দ্ৰ কৰিয়েই দল সজাব বিচাৰিছে ৰাজস্থানে।

আনহাতে, ইয়াৰ সলনি মুম্বাই দলে বিচাৰিছে যশস্বী জয়চোৱালক। যশস্বীয়ে বহু দিন ধৰি ৰাজস্থানৰ হৈ খেলি আহিছে। কিন্তু বহুতে ভাৱে যে, তেওঁ পাবলগীয়া সন্মান পোৱা নাই। সঞ্জু ছেমছনে দল এৰাৰ পিছত ধৰি লোৱা হৈছিল যে যশস্বীকেই অধিনায়ক কৰা হ’ব। কিন্তু তেনে নহ’ল। তাৰ সলনি ৰিয়ান পৰাগক অধিনায়ক কৰা হ’ল। তদুপৰি, বৰ্তমান ৰাজস্থান দলত সকলোৰে চকু বৈভৱ সূৰ্যবংশীৰ ওপৰত পৰিছে। সেয়েহে যশস্বীয়েও নতুন দলত যোগদান কৰিব বিচাৰিব। সেয়া যদি মুম্বাই হয়, তেন্তে তেওঁৰ বাবে বহুত ভাল কথা হ’ব। লগতে খবৰ আহিছে যে, মুম্বাই দলে এইবাৰ হাৰ্দিকৰ লগতে সূৰ্যকুমাৰ যাদৱকো এৰি দিয়াৰ সম্ভাৱনা আছে। ৰোহিত শৰ্মাও নিজৰ খেলুৱৈ জীৱনৰ একেবাৰে শেষ পৰ্যায়ত আছে। সেয়েহে যশস্বীয়ে অনাগত দিনত মুম্বাইৰ মূল তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ সুযোগ পাব। বৰ্তমানলৈ পোৱা খবৰ অনুসৰি, এই কথাবোৰ বহুদূৰ আগবাঢ়িছে। মোটামুটিভাৱে যশস্বীৰ মুম্বাই যাত্ৰা আৰু হাৰ্দিকৰ ৰাজস্থান যাত্ৰা প্ৰায় নিশ্চিত।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd