• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ বছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ পাপ্পু যাদৱ; অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি সাংসদগৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2026 12:38 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩১ বছৰ পুৰণি এটা গোচৰত বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পূৰ্ণীয়াৰ সাংসদ পাপ্পু যাদৱক। শুকুৰবাৰে মাজ নিশা পাটনাৰ মন্দিৰী অঞ্চলৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক। গ্ৰেপ্তাৰৰ পিছত তেওঁক শাৰীৰিক অসুস্থতাৰ বাবে আৰক্ষীৰ পহৰাৰ মাজেৰে চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি প্ৰশাসনিক সূত্ৰই সদৰী কৰিছে।

আদালতে সম্পত্তি জব্দ আৰু বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিয়াৰ মাত্ৰ তিনিদিন পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই গোচৰৰ সূত্ৰপাত ১৯৯৫ চনত হৈছিল। সেই সময়ত পাটনাৰ গৰ্ডানীবাগ থানাত এটা গোচৰ ৰুজু হৈছিল (এফআইআৰ নং ৫৫২/১৯৯৫)। অভিযোগকাৰী বিনোদ বিহাৰী লালে দাবী কৰে যে যদিও তেওঁৰ ঘৰ নামত ভাড়াত লৈ প্ৰকৃততে তাত সাংসদগৰাকীৰ কাৰ্যালয় চলি আছিল। অভিযোগ অনুসৰি এই তথ্য ভাড়া দিয়াৰ সময়ত গোপনে ৰখা হৈছিল।

Apply Now

ইয়াৰ পূৰ্বে আদালতে এই গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। এই ৱাৰেণ্টৰ পিছতো কেইবাবাৰো আদালতত হাজিৰ নোহোৱাৰ বাবে অভিযুক্তৰ ঠিকনাত জাননী আঁৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশ কাৰ্যকৰী হোৱাৰ পিছত অৱশেষত আদালতে সম্পত্তি জব্দ কৰাৰ চূড়ান্ত আদেশ জাৰি কৰে। এই নিৰ্দেশ জাৰি কৰাৰ তিনিদিনৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে।

গ্ৰেপ্তাৰৰ পিছত পাপ্পু যাদৱে ছ’চিয়েল মিডিয়াত কেইবাটাও পোষ্টত দাবী কৰে যে তেওঁ কোনো কাৰণতে শিৰনত বা মৌনতা অৱলম্বন নকৰে। তেওঁ লিখিছে যে ন্যায়ৰ দাবীত তেওঁৰ স্থিতি অব্যাহত থাকিব আৰু তেওঁক গ্ৰেপ্তাৰ বা আন কোনো চাপ দি ৰখাব নোৱাৰিব।

একে সময়তে তেওঁ নিজৰ সুৰক্ষাৰ প্ৰতিও উদ্বেগ প্ৰকাশ কৰে। আৰক্ষীৰ কাৰ্য্যৰ সন্দৰ্ভত তেওঁ কয় যে যেতিয়া আদালতে আগদিনা তেওঁক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল, তেনেক্ষেত্ৰত আজি হঠাতে আৰক্ষী অহাৰ যুক্তি কি সেয়া তেওঁৰ বাবে স্পষ্ট নহয়। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে তেওঁ নিজৰ জীৱনৰ সুৰক্ষাৰ বাবে চিন্তিত।

উল্লেখযোগ্য যে পাপ্পু যাদৱে শেহতীয়াকৈ কেইবাটাও স্পৰ্শকাতৰ বিষয়ত সৰৱ হৈছিল। বিশেষকৈ NEET পৰীক্ষাৰ্থীৰ হত্যাকাণ্ড আৰু সুৰজ বিহাৰী হত্যাকাণ্ডৰ গোচৰত প্ৰশাসন আৰু চৰকাৰৰ ভূমিকাক লৈ তেওঁ ৰাজহুৱাভাৱে প্ৰশ্ন উত্থাপন কৰিছিল।

আদালতৰ নিৰ্দেশ অনুসৰি আইনী প্ৰক্ৰিয়া অনুসৰণ কৰিয়েই তেওঁক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিষয়টো এতিয়া আদালতত বিচাৰাধীন হৈ আছে আৰু আইন অনুসৰি অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সম্প্ৰতি সমগ্ৰ ঘটনাৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসন তথা ৰাজনৈতিক মহলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 14, 2026 7:24 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 14, 2026 7:24 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd