• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

মুৰলী বৰুৱা by মুৰলী বৰুৱা
January 16, 2021 7:15 am
FB_IMG_1610717632176
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট সাহিত্যিক, সু-লেখিকা তথা নগাঁও চহৰৰ আমোলাপট্টিৰ বাসিন্দা বীণা শৰ্মা (৭৫)ৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ।

১৯৪৬ চনত গোলাঘাট জিলাৰ জামুগুৰিত জন্ম গ্ৰহণ কৰা বীণা শৰ্মাই প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা গোলাঘাটত সমাপ্ত কৰাৰ পিছত গুৱাহাটীৰ সন্দিকৈ ছোৱালী কলেজৰ পৰা১৯৬৯ স্নাতক আৰু ১৯৭০ চনত নগাঁৱৰ পৰা বি টি ডিগ্ৰী লাভ কৰে ।

Apply Now

নগাঁৱৰ শৰৎ চন্দ্ৰ শৰ্মাৰ লগত ১৯৬৭ চনত তেওঁ বিবাহপাশত আৱদ্ধ হয় ।

 পৰৱৰ্তী সময়ত কিৰণবালা গোস্বামী ছোৱালী হাইস্কুলত শিক্ষকতা কৰি তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে । অষ্টম শ্ৰেণীত এটি শিশু গল্পৰে সাহিত্যিক জীৱন আৰম্ভ কৰা বীণা শৰ্মা আজীৱন সাহিত্য চৰ্চাত ব্ৰতী আছিল ।

প্ৰায় কুৰিখনৰো অধিক গল্প , উপন্যাস,কবিতা,ভ্ৰমণ কাহিনী আদি  বিভিন্ন বিষয়ৰ গ্ৰন্থ ৰচনা কৰাৰ লগতে শিশু সাহিত্যিক হিচাপেও তেওঁ পৰিচিতি লাভ কৰিছিল ।

তেওঁৰ গল্প সংকলন সমূহ হল- জীৱন জিজ্ঞাসা , প্ৰতিবিম্ব,দুবৰী বন মুকুতা,পশ্চিমৰ বেলি , ৰাঙলী জীৱনৰ হেৰুৱা ৰং।উপন্যাস সমূহ হল-  দৈয়াং আজিও বয়,প্ৰতিচ্ছবিত জীৱনৰ ছন্দ , পাখি ভঙা পখী,পদূলিত প্ৰজাপতি আৰু ৰূপালীৰ মনৰ কথা,ৰূপহী নদীৰ ঘাট,দূৰণীত বাঁহীৰ মাত,ৰাতিৰ পোহৰ,শিশু সাহিত্য সমূহৰ ভিতৰত পলাশৰ জীৱনৰ ৰং,পদুম ফুল বোকাত হে ফুলে,দুগদুগী আৰু জীপুৰ কথা,ৰিণিকি ৰিণিকি দেখিছো যমুনা,আকাশত বহুতো জোনাক অন্যতম ।

তেওঁৰ অনুবাদ সাহিত্য- আকাশত বহুতো জোন,ভ্ৰমন কাহিনী- ৰাডুকাৰ চীন ভ্ৰমণ । তেওঁৰ পখিলা নামৰ এখন প্ৰবন্ধ সংকলন আৰু ডাক পখিলা নামৰ এখন কবিতা পুথিও প্ৰকাশ হয় ।

তেওঁ কেইবাখনো আলোচনী সম্পাদনা কৰাৰ লগতে বিভিন্ন কাকতত লেখা মেলা কৰিছিল । তেওঁ অসম চৰকাৰৰ ৰাজ্যিক শিক্ষয়িত্ৰী পুৰস্কাৰ,সদৌ অসম ছাত্র সন্থাৰ কৃতি শিক্ষিয়ত্ৰী বঁটা,অসম লেখিকা সংস্থাৰ কৃষ্ণ প্ৰিয়া হাজৰিকা বঁটাকে ধৰি বহুকেইটা বঁটা আৰু সন্মান লাভ কৰিছিল ।

বীণা শৰ্মা অসম লেখিকা সংস্থাৰ প্ৰাক্তন কাৰ্যকৰী সভানেত্ৰী আৰু নগাঁও জিলাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।মৃত্যুৰ সময়লৈকে অসম লেখিকা সংস্থাৰ লগত জৰিত আছিল ।

তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে গুণ মুগ্ধ সকলে তেওঁৰ বাসগৃহলৈ গৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

তেওঁৰ মৃত্যুত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি কয়- বীণা শৰ্মাৰ মৃত্যু নগাঁৱৰ সমাজ জীৱনৰ লগতে অসমৰ সাহিত্য ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি । প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই কয় বীণা শৰ্মা এগৰাকী সহজ সৰল মনৰ ব্যক্তি আছিল ।

শিশু সাহিত্যিক গৰাকীৰ মৃত্যু আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি । তেওঁৰ মৃত্যুত প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱা , সমাজকৰ্মী শান্তনু শৰ্মা , অসম লেখিকা সংস্থা,নগাঁও জিলা লেখিকা সংস্থা , নগাঁও জিলা সাহিত্য সভা,সুৰৰ পানচৈ শিল্পী সমাজ,নগাঁও প্ৰেছ ক্লাৱ,অকণি সাহিত্য সভা,সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ নগাঁও জিলা সমিতি,

চন্দ্ৰজ্যোতি সংঘ,সদৌ নগাঁও জিলা মইনা পাৰিজাত,কলংপাৰ কাকত গোষ্ঠী,ৰণাংগন কাকত গোষ্ঠী,লায়ঞ্চ ক্লাৱ নগাঁও,তৰা আলোচনী আদিৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

মৃত্যুৰ সময়ত তেওঁ স্বামী,পুত্ৰ,কন্যা সহ বহু আত্মীয় স্বজনক এৰি থৈ যায় ।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd