• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সতীনাথ বাৰালৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ : সতীনাথক নিজে অসমত আহি ক্ষমা খোজাৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 3, 2018 11:55 am
Bir Lacheet Hena

পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ দিছে বীৰ লাচিত সেনাই।

298
VIEWS
Share on FacebookShare on Twitter

শংকৰদেৱক অপমান কৰাৰ লগতে অসমবাসীক মূৰ্খ বুলি কোৱা পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালক উত্তৰ-পূবৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে ৰামদেৱে নিউজ চেনেল এ এন আইৰ জৰিয়তে ক্ষমা বিচৰাৰ পাছতো ক্ষান্ত নহয় বীৰ লাচিত সেনা।

সেয়েহে আজি বীৰ লাচিত সেনাৰ মহানগৰ শাখাই পলমকৈ হ’লেও দিচপুৰ থানাত এখন এজাহাৰ দাখিল কৰে সতীনাথ বাৰালৰ বিৰুদ্ধে।

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু অসমীয়া জাতিৰ আৱেগ-অনুভূতি তথা ধৰ্মীয় অনুভূতিত আঘাত দি অপমানসূচক আৰু টুলুঙা মন্তব্য দিয়াৰ বাবে তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী তুলি এই এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে, বীৰ লাচিত সেনা অসমে সতীনাথ বাৰালক নিজে অসমত উপস্থিত হৈ ক্ষমা খোজাৰ বাবে দাবী জনায়।

লগতে, চূড়ান্ত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্য্যন্ত বীৰ লাচিত সেনাই সমগ্ৰ অসমতে পতঞ্জলি নামৰ প্ৰতিষ্ঠানটো বন্ধ ৰাখিবৰ বাবে দাবী জনায়।

তদুপৰি, এজাহাৰখন দাখিল কৰাৰ পাছতেই বীৰ লাচিত সেনা, অসমৰ কামৰূপ মেট্ৰ’ৰ সাংগঠনিক সম্পাদক ৰাজদ্বীপ বৰুৱাই নৰ্থ-ইষ্ট নাওৰ আগত কয়, “সতীনাথ বাৰালক গ্ৰেপ্তাৰ নকৰা পৰ্য্যন্ত বীৰ লাচিত সেনা অসম ক্ষান্ত নাথাকে।”

আনহাতে, পতঞ্জলিৰ নিৰীক্ষকগৰাকীক অব্যাহতি দিয়া কাৰ্য্যটো দেখুৱাবৰ বাবেহে কৰা হৈছে বুলি দাবী কৰে সাংগঠনিক সম্পাদকগৰাকীয়ে।

তেওঁ লগতে কয়, “পতঞ্জলিয়ে শংকৰদেৱ অসমৰ বাবে কি হয়, নাজানে একো। সেয়েহে এনেদৰে টুলুঙা মন্তব্য কৰিছে। সতীনাথ বাৰালে মন্তব্য কৰাৰ আগতে শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰি জানি লোৱাটো ভাল আছিল।”

আনহাতে, সতীনাথ বাৰালক গ্ৰেপ্তাৰ নকৰা পৰ্য্যন্ত মহানগৰৰ যিমান সংখ্যক পতঞ্জলিৰ বিপণি আছে, সেইবোৰ খুলিবলৈ দিয়া নহ’ব বুলিও দাবী জনায়।

উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰুদ্ধে পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে কৰা কটু মন্তব্যৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ বোকাখাত গোটে কালি বোকাখাতত থকা পতঞ্জলিৰ সকলো প্ৰতিষ্ঠান বন্ধ কৰি দিছিল।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd