সামাজিক মাধ্যমত নাৰীৰ সম্পৰ্কে অশ্লীল মন্তব্য কৰি ৰাজহুৱাকৈ অপমান কৰা আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উচটনি দিয়া বুলি অভিযোগ আনি বিজেপি নেতা সত্যৰঞ্জন বৰাৰ ওপৰত প্ৰশাসনক বিহীত ব্যৱস্থা লবলৈ দাবী জনাইছে বীৰ লীচিত সেনাই।
উল্লেখযোগ্য যে ২৭ এপ্ৰিলত মাজুলীৰ এজন ব্যক্তি আৰু তেওঁৰ পৰিয়ালে ল’কডাউনৰ বাবে ঘৰলৈ উভতি যাব নোৱাৰা এজন মুছলমান যুৱকক নিজৰ ঘৰতেই ইফটাৰ কৰোৱা দৃশ্য সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।
ব্যক্তিজনে আৰু তেওঁৰ পৰিয়ালে উক্ত ষুৱকজনক এখন চেলেং চাদৰৰ ওপৰত আহাৰ গ্ৰহণ কৰিবলৈ দিয়াক লৈ সত্যৰঞ্জন বৰাই সামাজিক মাধ্যমত মাজুলীৰ ব্যক্তিজনৰ পত্নী আৰু কন্যাৰ সম্পৰ্কে অশ্লীল আৰু অসভ্য মন্তব্য প্ৰদান কৰিছিল।
সত্যৰঞ্জন বৰাৰ উক্ত মন্তব্যই ফে’চবুক আদি সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল।
ফলত নাৰীজাতিক লৈ অপমানসূচক মন্তব্য কৰা বৰাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। ‘তথাকথিত লেখক সত্যৰঞ্জন বৰাক সমাজৰ ৰাক্ষক’ বুলি আখ্যা দিয়ে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ সভাপতি চিতু বৰুৱাই।
বৰুৱাই কয়, ‘লেখকৰ হাতত নতুন সৃষ্টিয়ে প্ৰাণ পাই উঠে। যিজন লেখকৰ হাতৰ কলমত নাৰীয়ে লজ্জিত হবলগীয়া হয় তেওঁ কোনো কাৰণতে লেখক হব নোৱাৰে’।
উল্লেখযোগ্য যে বিজেপিৰ নেতা এইজন সত্যৰঞ্জন বৰাই ‘ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ’ শীৰ্ষক এখন গ্ৰন্থ ৰচনা কৰি বিতৰ্কত সোমাই পৰিছিল।
লগতে পঢ়ক অৰ্ধ শতাধিক সংগঠনৰ দাবী মিছা, অসম বন্ধৰ প্ৰকৃত সত্য ব্যাখ্যা বিজেপি নেতাৰ
‘বিগত সময়ত তেওঁ বিভিন্ন ধৰনৰ সাম্প্ৰদায়িক মন্তব্য দি আহিছে। এনে ব্যক্তিৰ বিৰুদ্ধে অসমৰ সাহিত্য সমাজ, নাগৰিক সমাজ তথা নাৰী সমাজ ওলাই আহিব লাগে’ বৰুৱাই লগতে কয়।
‘সত্যৰঞ্জন বৰাই হিন্দু ধৰ্মৰ কথা কয়, হিন্দু ধৰ্মত নাৰীক পূজা কৰা হয়। তেওঁৰ যদি সেইকণ জ্ঞান নাই তেন্তে তেওঁৰ দৰে হিন্দুধৰ্মৰ কথা কোৱা ভণ্ডৰ অসমত প্ৰয়োজন নাই’ বুলি মন্তব্য কৰি বৰুৱাই প্ৰশাসনক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।