ৰাজ্যত নিতৌ অব্যাহত আছে সুৰা ঘাটি উৎখাত অভিযান। আৰু সেই অনুসৰি আজি জিনজিয়া আৰক্ষীৰ সহায়ত বিশ্বনাথ আৰক্ষীয়ে অনুসন্ধান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ সুৰা।
ঘটনাৰ বিৱৰণি মতে পুৱা এক বিশেষ সূত্ৰ অনুসৰি জিনজিয়া আৰক্ষীৰ সহায়ত বিশ্বনাথ আৰক্ষীয়ে আৰম্ভ কৰে এক গোপন অভিযান। আৰক্ষীয়ে অৰুণাচলী সুৰাৰে ভৰ্তি গাড়ীখনৰ সন্ধান চলাই থকা সময়তে কালক্ৰমত সুৰা ভৰ্তি গাড়ীখন বৰপুখুৰীৰ চাহ বাগিচাৰ সন্মুখৰ ইলেক্ট্ৰিক খুঁটাত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়।
পিছত গাড়ীখনৰ পৰা ২০ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে সুৰা কঢ়িয়াই অনা এ এছ ১২ বিচি ১৬৯৪ নম্বৰৰ গাডীখন আৰু চালকসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
অৱশ্যে ইয়াৰে দুজনক দুৰ্ঘটনাত আঘাত পোৱাৰ বাবে বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আৰু গাড়ী চালকজনক বিশ্বনাথ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।