• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশাল মেগা মাৰ্টৰ শ্বপিং মলক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে বিশ্বনাথ প্ৰশাসনে

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , November 8, 2018 4:20 pm

2 min read

Screenshot_20181108-112949-01

ফটো : নৰ্থ-ইষ্ট নাও

575
VIEWS
Share on FacebookShare on Twitter

ব্যৱসায় প্ৰসাৰৰ উদ্দেশ্যে যোৱা ২৮ অক্টোবৰত বিশ্বনাথৰ পাভৈ পথত বহুজাতিক ব্যৱসায়ীক গোষ্ঠী বিশাল মেগা মাৰ্টে মুকলি কৰিছিল শ্বপিং মল। সম্পূৰ্ণৰূপে পৌৰসভাৰ আইন অবজ্ঞা কৰি এইদৰে শ্বপিং মলটো মুকলি কৰাত প্ৰথম অৱস্থাত বিশ্বনাথৰ সাধাৰণ জনতাই যথেষ্ট আনন্দিত আৰু উৎফুল্লিত হৈছিল। কিন্তু এতিয়া শ্বপিং মলটোৰ বাবে দেখা দিয়া বিভিন্ন সমস্যাই অতিষ্ঠ কৰিছে সাধাৰণ লোকক।

উল্লেখ্য যে ব্যৱসায়ীক গোষ্ঠীটোৱে কোনো ধৰণৰ পাৰ্কিঙৰ সুবিধা নকৰাকৈয়ে মুকলি কৰিছিল শ্বপিং মলটো। যাৰ ফলত এতিয়া দিনক দিনে পথাচাৰিক বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব ধৰিলে। পাৰ্কিঙৰ সুব্যৱস্থা নকৰা বাবেই পথছোৱাত প্ৰচণ্ড যান যটৰ উদ্ভৱ হোৱাৰ লগতে সৰু বৰ দুৰ্ঘটনাও সংঘটিত হ’বলৈ ধৰিছে।

আনহাতে শ্বপিং মলটোৰ কাষতে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ এটাও সংস্থাপন কৰিছে। ইয়াৰ ফলত যিকোনো মূহুৰ্ততে অবাঞ্চিত পৰিৱেশৰ সৃষ্টি হ’ব বুলি ধাৰণা কৰিছে সাধাৰণ জনতাই।

ব্যৱসায় প্ৰসাৰৰ বাবে বিশ্বনাথত মুকলি কৰা শ্বপিং মলটোৰ ব্যৱসায়িক গোষ্ঠীৱে পৌৰসভাৰ নীতি-নিয়মক অমান্য কৰি ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগত বিশ্বনাথ জিলা প্ৰশাসন আৰু আৰক্ষীৰ এটা দল প্ৰতিষ্ঠানটোত উপস্থিত হৈ অতি শীঘ্ৰে পাৰ্কিং তথা অন্যান্য সা-সুবিধা সমূহ কৰি দিয়াৰ বাবে কৰ্তৃপক্ষক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে।

ইফালে শ্বপিং মলটোৰ কৰ্তৃপক্ষই এই সমস্যা সমূহ সমাধান নকৰা পৰ্যন্ত মেগা মাৰ্টটি বন্ধ ৰখাৰ বাবে বিশ্বনাথৰ সচেতন ৰাইজে  দাবী উত্থাপন কৰে।

উল্লেখযোগ্য যে পাৰ্কিং, প্ৰস্ৰাৱগাৰ, ডাষ্টবিন তথা অন্যান্য সা-সুবিধা নকৰাকৈয়ে কিদৰে এখন চহৰৰ ব্যস্ত এলেকাত প্ৰশাসনে শ্বপিং মলৰ দৰে বৃহৎ ব্যৱসায়ীক প্ৰতিষ্ঠান মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰিলে তাক লৈ এতিয়া সকলোৰে মাজত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd