• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি-অগপই মিলিজুলি গঠন কৰিব বঙাইগাঁও পৌৰসভা; আজি অনুষ্ঠিত হ’ব প্ৰথম বৈঠক

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
April 12, 2022 11:54 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

158
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই আজি গঠন হ’ব বঙাইগাঁও পৌৰসভা ৷ বিজেপি আৰু অগপ দলে মিলি গঠন কৰিব পৌৰসভাখন ৷ উল্লেখ্য যে বিজেপি আৰু অগপ দলে পৃথকে পৃথকে পৌৰসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও পৌৰসভাখন একেলগে মিলি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি গঠনৰ দিশে আগবাঢ়িছে ৷

পৌৰসভাত বিজেপি-অগপৰ মিত্ৰতাৰ ফলত পৌৰপতিৰ আসনত বিজেপি দলৰ নিৰ্বাচিত প্ৰাৰ্থী আৰু উপ পৌৰপতিৰ আসনত অগপ দলৰ প্ৰাৰ্থীক দল দুটাই বহুৱাব ৷

ইপিনে আজি পৌৰসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে বঙাইগাঁও জিলা বিজেপিয়ে পৌৰসভাৰ পৌৰপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ বিজেপি দলে পৌৰপতি হিচাপে ১৬ নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত প্ৰাৰ্থী সুবোধ চন্দ্ৰ দাসৰ নাম ঘোষণা কৰিছে ৷

লগতে পঢ়ক: ‘হে মোৰ সপোনৰ সূৰ্যৰ মানুহ’-জ্ঞানপীঠ বঁটা গ্ৰহণ কৰি আৰু কি ক’লে কবি নীলমনি ফুকনে? চাওক, কাব্যঋষিৰ ভাষণৰ সম্পূৰ্ণ পাঠ

আনহাতে উপ পৌৰপতি হিচাপে মিত্ৰদল অগপই ২৩ নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰৰ নাম ঘোষণা কৰিছে ৷

উল্লেখ্য যে পৌৰসভা গঠন সন্দৰ্ভত সোমবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ সভাপতিত্বত এখন জৰুৰী গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাত বঙাইগাঁও আৰু অভয়াপুৰী পৌৰসভা দুখনৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম ঘোষণা কৰে ।

বঙাইগাঁও পৌৰসভা যিহেতু মিত্ৰদল অগপৰে সৈতে মিলি গঠিত হ’ব সেয়েহে দলীয়ভাৱে কেৱল পৌৰপতি হিচাপে সুবোধ চন্দ্ৰ দাসৰ নামটো আনুষ্ঠানিকভাৱে  ঘোষণা কৰে।

ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুকেন ৰায় , জিলা প্ৰভাৰী ব্ৰজ কুমাৰ দাস , জিলা বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে শংকৰ বিশ্বাস, জ্যোতিৰ্ময় সৰকাৰ , উপসভাপতি কৌস্তভ দাস, দেৱজিত বোস আৰু মণ্ডল সভাপতি সকলৰ লগতে বিষয়- ববীয়া তথা কাৰ্যকৰ্তাসকল উপস্থিত থকা উক্ত সভাত অভয়াপুৰী পৌৰসভাৰ পৌৰপতি আৰু উপ পৌৰপতিৰো নাম ঘোষণা কৰা হয় ৷

লগতে পঢ়ক: ভাৰতৰ সৈতে সুসম্পৰ্ক গঢ়িব খোজা শ্বাহবাজ শ্বৰিফৰ মতে কাশ্মীৰৰ সমাধান অবিহনে সেয়া অসম্ভৱ

এককভাৱে গঠন কৰিবলগীয়া অভয়াপুৰী পৌৰসভাৰ পৌৰপতি হিচাপে ৮ নন্বৰ ৱাৰ্ডৰ নিৰ্বাচিত দলীয় প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ বণিক্য আৰু উপ-পৌৰপতি হিচাপে ২ নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত প্ৰাৰ্থী জোনমণি পাঠক ৰাভাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে দলটোৱে ৷

ইপিনে এই সভাতে অগপৰ অৰ্ধশতাধিক কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে । দলত যোগদান কৰাসকলক দলীয়ভাৱে উষ্ম আদৰণি জনোৱা হয়। সভাত নিৰ্বাচিত পৌৰসভা নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীসকলক বিশেষভাৱে শুভেচ্ছা আৰু সম্বৰ্ধনা জনোৱা হয়।

মনকৰিবলগীয়া যে হৈ যোৱা বঙাইগাঁও পৌৰসভা নিৰ্বাচনত ২৫ টা ৱাৰ্ডৰ ভিতৰত এককভাৱে ১৩ টা ৱাৰ্ড দখল কৰি বিজেপি দলে সংখ্যা গৰিষ্ঠতা লাভ কৰাত বঙাইগাঁও পৌৰসভাখন অকলেই গঠন কৰিব বুলি চৰ্চা চলিছিল যদিও দলটোৰ ৰাজ্যিক নেতৃত্বই দিয়া নিৰ্দেশমৰ্মে অৱশেষত বিজেপি দলে অগপৰে মিলিজুলি পৌৰসভাখন গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইয়াৰ লগে লগে যেন পৌৰসভা নিৰ্বাচনত দুই দলে পৰস্পৰে পৰস্পৰক কৰা আক্ৰমণ তথা প্ৰত্যাক্ৰমণো অতীত হ’ল ৷ লগতে এমাহৰো অধিকজোৰা পৌৰসভা গঠনৰ অপেক্ষাৰো অৱসান ঘটিল ৷ 

লগতে পঢ়ক: ‘অসম সাহিত্য সভা বিশ্বৰ সাহিত্যানুষ্ঠানৰ বাবে আদর্শ’: জ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা ড° প্রতিভা দেৱী ৰয়

শেহতীয়া নিৰ্বাচনত ২৫ টা ৱাৰ্ডৰে গঠিত বঙাইগাঁও পৌৰসভাত বিজেপিয়ে ১৩ টা , অগপই ১১ টা আৰু কংগ্ৰেছে ১ টা ৱাৰ্ড  দখল কৰিছিল ৷ ইপিনে পৌৰসভাৰ পৌৰপতি হিচাপে সোমবাৰে বিজেপি দলৰ সভানেত্ৰী তথা দলীয় বিষয়ববীয়াৰ সৈতে সুবোধ চন্দ্ৰ দাসে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় বিষয়াৰ হাতত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷

সেইদৰে অগপৰ তৰফৰ পৰা উপ পৌৰপতি হিচাপে শৈলেন্দ্ৰ সৰকাৰৰ হৈ দলীয় বিষয়বীবীয়াই মনোনয়ন পত্ৰ দাখিল কৰে ৷ উল্লেখ্য যে বঙাইগাঁও পৌৰসভা বিজেপি আৰু অগপই মিলিজুলি গঠন কৰিলেও অভয়াপুৰী পৌৰসভাখন বিজেপি দলে অকলেই গঠন কৰিব ৷

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd