• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুইন ওজাই নাজানে ‘প্ৰতিবন্ধী’ শব্দৰ অৰ্থ : অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

পাৰ্টি নাচাই প্ৰাৰ্থীক ভোট দিবলৈ দিব্যাংগসকলক আহ্বান সংস্থাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 9, 2019 10:29 pm
Queen Oja

বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থী কুইন ওজা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ শিক্ষাগত অৰ্হতাক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা চলি থকাৰ সময়তে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে পোহৰলৈ আনিছে অন্য এক তথ্য। গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি সংস্থাৰ অভিযোগ, “কুইন ওজাই নাজানে ‘প্ৰতিবন্ধী’ শব্দটোৰ অৰ্থ।”

“আটাইতকৈ লজ্জাজনক কথা যে, কালি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাক টেলিফোন কৰি সোধা হৈছিল যে প্ৰতিবন্ধীসকলক লৈ আপুনি কিবা ক’ব বিচাৰে নেকি? আশ্চৰ্য্যৰ কথা যে তেওঁ প্ৰতিবন্ধী শব্দটোৰ অৰ্থই বুজি নাপায়। মোক ক’লে, ‘প্ৰতিবন্ধী মানে কি?’ মোদীয়ে দিব্যাংগ সম্বোধন কৰিলে কি হ’ব, বিজেপি দলৰ প্ৰাৰ্থীয়ে ‘বিকলাংগ’ শব্দটো ক’লেহে বুজি পায়।” সংবাদমেলত ক’লে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

Apply Now

সংবাদমেলত মুকলিমুৰীয়াকৈ বিজেপি দলক প্ৰশ্ন কৰি মালাকাৰে কয়, “দলটোৱে তেওঁক সুৰক্ষা দি থাকিলেও কুইন ওজাৰ শিক্ষাগত অৰ্হতা এনেকুৱাই নেকি?”

“তেওঁ যদি গমেই নাপায় প্ৰতিবন্ধী ব্যক্তি মানে কি? তেওঁ প্ৰতিবন্ধীসকলৰ বাবে কি কৰিব?” বিজেপিৰ লগতে কুইন ওজালৈ প্ৰশ্ন মালাকাৰৰ।

আনহাতে, একেখন সংবাদমেলতে ৰাজ্যৰ সমূহ প্ৰতিবন্ধী লোকক দল নাচাই প্ৰাৰ্থী চাই ভোটদান কৰিবৰ বাবে মালাকাৰে আহ্বান জনায়। প্ৰয়োজন সাপেক্ষে ন’টাৰ আশ্ৰয় ল’বলৈ তেওঁ আহ্বান জনায়।

তেওঁ কয়, “ৰাজ্যৰ দিব্যাংগসকলে প্ৰত্যেকটো সমষ্টিৰ সাংসদ প্ৰাৰ্থীসকলৰ সৈতে কথা পাতক, যদি লগত লগত প্ৰাৰ্থীগৰাকীয়ে স্থিতি স্পষ্ট নকৰে বা সমস্যাসমূহক লৈ মাত নামাতে, তেন্তে ন’টাত ভোট দিয়ক। কি কংগ্ৰেছ, কি বিজেপি যদি প্ৰাৰ্থীগৰাকীয়ে দিব্যাংগসকলৰ আশা-আকাংক্ষা তথা সমস্যাসমূহ গুৰুত্ব সহকাৰে নলয় বা এই বিষয়ত অনীহা প্ৰকাশ কৰিব, তেওঁক ভোট দিয়াৰ পৰা বিৰত থাকক।”

মালাকাৰে দাবী কৰা মতে, ৰাজ্যত আছে ৮ লক্ষাধিক দিব্যাংগ ভোটাৰ। তেওঁলোকৰ পৰিয়ালৰ অন্য সদস্যক ধৰি প্ৰায় ৪৪ লাখ ভোটাৰ আছে। দিব্যাংগ লোক থকা পৰিয়ালে দিব্যাংগ লোকজনে কি সাহায্য পাইছে সেই কথাত গুৰুত্ব দিয়ে।

ইপিনে, তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰা প্ৰাৰ্থীৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত থকা প্ৰাৰ্থীক প্ৰতিবন্ধী সুৰক্ষা সংস্থাই সমৰ্থন নকৰে বুলি সংবাদমেলত মালাকাৰে কয়।

উল্লেখযোগ্য যে অসম চৰকাৰৰ ৫৪টা বিভাগত খালী থকা প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৪৪১৯টা পদত নিযুক্তি দিবৰ বাবে তথা দীনদয়াল দিব্যাংগ আঁচনিৰ অধীনত অসমৰ প্ৰতিবন্ধীক ৫০০০ টকাকৈ দিয়াৰ বাবে দাবী জনাই আহিছিল সংস্থাই। কিন্তু তাৰ বিপৰীতে দিব্যাংগৰ বাবে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত আশাপ্ৰদ কোনো প্ৰতিশ্ৰুতিয়েই আগ নবঢ়োৱাত ক্ষুভিত হৈ পৰিছে দিব্যাংগসকল। তাৰ বিপৰীতে কংগ্ৰেছে ৬০ বছৰ শাসনত পুতৌৰ দৃষ্টিৰেহে দিব্যাংগসকলক চালে বুলিও মন্তব্য কৰে মালাকাৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd