• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে : চিপিআই(এম)

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 27, 2024 6:26 pm
128
VIEWS
Share on FacebookShare on Twitter

চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যোৱা দুসপ্তাহত ৰাজ্যখনত বিভিন্ন জনগোষ্ঠীৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু আইন-শৃংখলা পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটিছে৷ এইটো লক্ষ্য কৰা গৈছে যে অপৰাধমূলক ঘটনা কেতবোৰক কেন্দ্ৰ কৰি সংগঠন কিছুমানে অভিযুক্তৰ সমগ্ৰ জনগোষ্ঠীটোকে দায়ী হিচাপে চিহ্নিত কৰিছে আৰু ঘৃণা-বিদ্বেষৰ উদগীৰণ কৰিছে৷ শিৱসাগৰত কিশোৰী এগৰাকীক জঘন্যভাৱে মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি মাৰোৱাৰী সম্প্ৰদায়ক অভিযুক্ত কৰি উত্তেজনাৰ সৃষ্টি কৰা হয় আৰু হাজাৰ হাজাৰ লোক ৰাজপথলৈ নামি আহে৷ এই ঘটনাত পুলিচ-প্ৰশাসনে কিশোৰী নিগ্ৰহকাৰীৰ বিৰুদ্ধে ততালিকে কঠোৰ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হয়৷ কিন্তু পৰৱৰ্তী সময়ত শিৱসাগৰ মাৰোৱাৰী সমাজে যিটো ৰাজহুৱা অনুষ্ঠানত ক্ষমা খুজিবলৈ বাধ্য হয়, সেই অনুষ্ঠানত আচৰ্যজনকভাৱে মন্ত্ৰী ৰণোজ পেগু আৰু জিলাখনৰ আৰক্ষী অধীক্ষকেও অংশগ্ৰহণ কৰে৷ পৰৱৰ্তী সময়ত ধিঙত স্কুলীয়া ছাত্ৰী এগৰাকীক তিনিজন যুৱকে উপৰ্যুপৰি ধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থাত পথৰ দাঁতিত পেলাই থৈ যায়৷ এনে পৈশাসিক কাণ্ডৰ বিৰুদ্ধে স্বাভাৱিকতে স্থানীয় ৰাইজকে ধৰি সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু আন্দোলনৰ কাৰ্যসূচী সংগঠিত কৰা হয়৷

ইয়াৰ আলম লৈ অভিযুক্ত তিনিজন যি সম্প্ৰদায়ৰ সেই বংগমূলীয় মুছলমান বা ‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে বিজেপি আৰু অইন কেতবোৰ সংগঠনে ব্যাপক ঘৃণা বিয়পায়৷ শিৱসাগৰ জিলাৰ কেতবোৰ সংগঠনে সাতদিনৰ ভিতৰত ‘মিঞা’ক উজনি অসম ত্যাগ কৰাৰ সময়সীমা বান্ধি দি ঘৰে ঘৰে গৈ হুমকি দিয়া অভিযান সংগঠিত কৰে৷ স্বাভাৱিকতে এই ঘটনাবোৰে ৰাজ্যখনৰ বিভিন্ন ঠাইত যথেষ্ট উৎকণ্ঠা আৰু উদ্বিগ্নতাৰ উদ্ৰেক কৰিছে৷

চিপিআই(এম)-এ এইকথা লক্ষ্য কৰিছে যে ৰাজ্যখনত ধৰ্ষণকে ধৰি নাৰী নিগ্ৰহৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ আন অপৰাধমূলক ঘটনাবোৰো বৃদ্ধি পাইছে লক্ষ্যণীয়ভাৱে৷ নাৰীক সুৰক্ষা দিয়া বা অইন অপৰাধসমূহ নিয়ন্ত্ৰণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ৷ এতিয়া নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভাজন আৰু ধৰ্মীয় সাম্প্ৰদায়িকতাক প্ৰকাশ্যে উচটনি দিছে মুখ্যমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বাধীন মন্ত্ৰীসভাই৷ মন কৰিবলগীয়া যে যোৱা কেই সপ্তাহমানত ৰাজ্যখনত সংঘটিত ধৰ্ষণৰ ঘটনাত মুছলমান, হিন্দু উভয় ধৰ্মীয় গোষ্ঠীৰ লোক জড়িত আছে যদিও বিজেপি-আৰএছএছৰ উচটনিত ঘৃণা-বিদ্বেষ-হিংসাৰ লক্ষ্য কৰি লোৱা হৈছে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক৷ অত্যন্ত নিন্দনীয় কথা যে সাংবিধানিক পদত অধিষ্ঠিত মুখ্যমন্ত্ৰীজনে যোৱা লোকসভা নিৰ্বাচনৰ পাছৰ পৰা উৎকৎ ‘মিঞা’ বিৰোধী ঘৃণা বিয়পোৱাত আগ-ভাগ লৈছে৷ জনসাধাৰণৰ জ্বলন্ত সমস্যাৱলী নিৰসন কৰাত শোচনীয়ভাৱে ব্যৰ্থ বিজেপি চৰকাৰৰ নেতৃত্বই বাস্তৱ সমস্যাৰ পৰা দৃষ্টি অইনফালে ঘূৰাই দিয়াৰ লক্ষ্যৰে মুছলমানবিৰোধী ঘৃণাক ইন্ধন যোগাইছে আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভাজন আৰু সংঘাতক উৎসাহিত কৰিছে৷

অসমৰ যিবোৰ দল-সংগঠনে নিজৰ জনগোষ্ঠী আৰু অসমক সচাঁকৈ ভাল পায় তেওঁলোকে মনত ৰখা প্ৰয়োজন যে ছয়জনগোষ্ঠীৰ জনজাতিকৰণ, কেৱল ভাৰতীয় নাগৰিকৰ অন্তৰ্ভুক্তিৰে এখন শুদ্ধ এনআৰচি প্ৰণয়ন আৰু প্ৰকাশ দীৰ্ঘদিন ধৰি বসবাস কৰি থকা মাটিৰ অধিকাৰ প্ৰদান আৰু অসমবাসীৰ বাবে ৰাজ্যখনৰ ভূমি সংৰক্ষণ, স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনৰ চাকৰিত নিযুক্তি, বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে বিবেচনা কৰি উপযুক্ত সমাধান আদিৰ বাবে বিজেপি চৰকাৰে একোৱে নকৰিলে৷ বৰং ‘কা’ প্ৰয়োগ কৰি অসমলৈ নতুন বিপদ মাতি আনিছে ৷ সেয়ে অসম তথা অসমৰ জাতি-জনগোষ্ঠীৰ স্বাৰ্থত বিজেপি আৰ এছ এছৰ ব্যৰ্থতা আৰু আৰু অসমবিৰোধী নীতিৰ বিৰুদ্ধে বলিষ্ঠ আৰু ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলা উচিত৷ ইয়াৰ সলনি বিভিন্ন জনগোষ্ঠীয়ে পৰস্পৰৰ বিৰুদ্ধে সংঘাতত লিপ্ত হ’লে কোনো সমস্যাৰ সমাধান নহ’ব, বৰং দুখ-যন্ত্ৰণা দীৰ্ঘায়িত হ’ব ৷

অসমত সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মীয় জনগোষ্ঠীৰ নাগৰিকৰ জীৱন আৰু জীৱিকা তথা সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চি পি আই (এম) অসম ৰাজ্যিক কমিটিয়ে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে ৷ দলে এইকথা সোঁৱৰাই দিয়ে যে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ নিৰাপত্তা আৰু শান্তি-শৃংখলা ৰক্ষা কৰাটো চৰকাৰৰ সাংবিধানিক দায়িত্ব ৷

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd