• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থলুৱাৰ টেটু চেপি বহিৰাগতৰ আধিপত্য প্ৰতিষ্ঠাৰ চেষ্টা জাতি-মাটিৰ কথা কোৱা চৰকাৰৰ

আয়কৰৰ অভিযান কেৱল থলুৱা ব্যৱসায়ীৰ বিৰুদ্ধে কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2021 9:13 am
Logo_of_Income
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতি-মাটি-ভেটিৰ কথাকৈ  শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি চৰকাৰ খনে এতিয়া চূড়ান্ত থলুৱা বিৰোধী নীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নিজৰ ৰাজ্যতে থাকি শ্ৰমৰ জৰিয়তে কিছু প্ৰতিষ্ঠা লাভ কৰা অসমৰ থলুৱা উদ্যোগীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কেতবোৰ নীতিয়ে এতিয়া অসমৰ বহু ব্যৱসায়ী-উদ্যোগীৰ পেটত গোৰ মৰাৰ উপক্ৰম ঘটাইছে।

যিটো সময়ত ৰাজ্যৰ বহু অনা-অসমীয়া বহিৰাগত ব্যৱসায়ীক চৰকাৰে বিভিন্ন ক্ষেত্ৰত বৰপীৰা পাৰি দিছে সেই সময়তে চৰকাৰ খনে অসমৰ থলুৱা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ কথাই সচেতন মহলক ভবাই তুলিছে।

Apply Now

লোহিয়া,পৃথানী আদি উপাধিৰ ব্যৱসায়ীসকলৰ প্ৰতি নৰম মনোভাৱ প্ৰদৰ্শন কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে থলুৱা ব্যৱসায়ীৰ বিৰুদ্ধে কেনে ধৰণৰ আক্ৰোশী মনোভাব গ্ৰহণ কৰিছে তাৰ প্ৰমাণ আজি পুনৰ বাৰ পোৱা গ’ল।

আয়কৰ বিভাগে আজি থলুৱা ব্যক্তিৰে পৰিচালিত আৰ্য গ্ৰুপত আচম্বিতে তালাচী চলায়। লক্ষ্যণীয় কথাটো হ’ল আৰ্য গ্ৰুপৰ অধীনষ্ঠ প্ৰায় ২০ টা ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ ১৫০ জনীয়া বিষয়া-কৰ্মচাৰীৰ দলে একে সময়তে তালাচী চলায়।

আয়কৰৰ দলটোৱে পল্টন বজাৰত থকা আৰ্য হস্পিতাল,পৱিতৰাত থকা আৰ্য ইকো কেম্পকে ধৰি আন কেইবা স্থানত চলোৱা তালাচীৰ আঁৰত থলুৱা বিৰোধী গভীৰ ষড়যন্ত্ৰ নিহিত হৈ থকা বুলি বিভিন্ন জনে অভিযোগ কৰা পৰিলক্ষিত হৈছে।

যিটো সময়ত অনা-অসমীয়া বনিকে হাজাৰ হাজাৰ বিঘা মাটি নিজৰ দখলত ৰাখিছে, সেই সময়তে তেনে বনিয়াৰ বিৰুদ্ধে কোনো বৱস্থা গ্ৰহণ নকৰি সাধাৰণ ভাবে ব্যৱসায় চলাই থকা অসমীয়া ব্যৱসায়ী তথা উদ্যোগীক চৰকাৰে কিয় আইনী মেৰপেছেৰে বান্ধি ধৰাশায়ী কৰিব বিচাৰিছে সেয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে।

পৰিতাপৰ কথাটো হ’ল এয়ে যে মিজোৰাম,নাগালেণ্ড, অৰুণাচল, মেঘালয়  আদি ৰাজ্যত বহিৰাগত লোকে  সাধাৰণ ব্যৱসায়  কৰাটো বাদেই ঘৰ নিৰ্মাণ তথা মাটি-বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত অনুমতি নাপায়।

তেনেক্ষেত্ৰত অসমত অতি বৈষম্যমূলক ভাবে খিলঞ্জীয়া ভূমিপুত্ৰক বঞ্চিত কৰি বাহিৰৰ পৰা  অহা লোকক নিশাটোৰ ভিতৰতে অট্টালিকা নিৰ্মাণৰ বা মাটি ক্ৰয় কৰাৰ অনুমতি দি অহা হৈছে।তাৎপৰ্যপূৰ্ণ কথাটো হ’ল অসমীয়া থলুৱা লোকে গৃহ নিৰ্মাণৰ বাবে অনুমতি বিচাৰি কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি চেণ্ডেল ক্ষয় যাবলগীয়া অৱস্থাৰ সৃষ্টি হয় যদিও অনুমতি লাভৰ পৰা বঞ্চিত হবলগীয়া হোৱা দেখা গৈছে।

ইয়াৰ বিপৰীতে চৰকাৰৰ কৃপা দৃষ্টি থকাৰ বাবেই বহিৰাগত বনিকে ‘বিশেষ ব্যক্তি’ৰ এটা ফোন কলতে গৃহ নিৰ্মাণৰ অনুমতি লাভ কৰি আহিছে। বহু ক্ষেত্ৰত দলীয় প্ৰভাৱ খটুৱায়ো বহিৰাগত বনিকক নিমিষতে গৃহ নিৰ্মাণৰ অনুমতি দিয়াৰ অভিযোগ উঠি আহিছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আয়কৰ বিভাগে থলুৱা অসমীয়া ঠিকাদাৰ ভাগ্য কলিতাৰ বাসগৃহ, কাৰ্যালয়,বিকে টাৱাৰ  আদিতো তালাচী চলাইছিল।

অথচ ভাগ্য কলিতাতকৈ বহু সম্পদশালী অনা –অসমীয়া ব্যৱসায়ীয়ে কৰ ফাঁকি দিয়াৰ পিছতো চৰকাৰে তেওঁলোকৰ নোম এডালো লৰাব পৰা নাই।

থলুৱাৰ বিৰুদ্ধে চৰকাৰে এনে আক্ৰোশী মনোভাৱ গ্ৰহণ কৰি নিজৰ ভেটি-মাটিতে থলুৱাৰ আধিপত্য নিঃশেষ কৰি বহিৰাগতৰ আধিপত্য প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি সেয়া এতিয়া  বহুতৰে বাবে এক কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে।

দিল্লীত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ ইংগিততেই  ৰাজ্যত থলুৱা বিৰোধী অভিযান চলিছে  বুলি এতিয়া বহুতে মুকলিকৈয়ে আলোচনা কৰা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd