• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

থলুৱাৰ টেটু চেপি বহিৰাগতৰ আধিপত্য প্ৰতিষ্ঠাৰ চেষ্টা জাতি-মাটিৰ কথা কোৱা চৰকাৰৰ

আয়কৰৰ অভিযান কেৱল থলুৱা ব্যৱসায়ীৰ বিৰুদ্ধে কিয়?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 9, 2021 9:13 am

3 min read

Logo_of_Income
212
VIEWS
Share on FacebookShare on Twitter

জাতি-মাটি-ভেটিৰ কথাকৈ  শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি চৰকাৰ খনে এতিয়া চূড়ান্ত থলুৱা বিৰোধী নীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নিজৰ ৰাজ্যতে থাকি শ্ৰমৰ জৰিয়তে কিছু প্ৰতিষ্ঠা লাভ কৰা অসমৰ থলুৱা উদ্যোগীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কেতবোৰ নীতিয়ে এতিয়া অসমৰ বহু ব্যৱসায়ী-উদ্যোগীৰ পেটত গোৰ মৰাৰ উপক্ৰম ঘটাইছে।

যিটো সময়ত ৰাজ্যৰ বহু অনা-অসমীয়া বহিৰাগত ব্যৱসায়ীক চৰকাৰে বিভিন্ন ক্ষেত্ৰত বৰপীৰা পাৰি দিছে সেই সময়তে চৰকাৰ খনে অসমৰ থলুৱা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ কথাই সচেতন মহলক ভবাই তুলিছে।

লোহিয়া,পৃথানী আদি উপাধিৰ ব্যৱসায়ীসকলৰ প্ৰতি নৰম মনোভাৱ প্ৰদৰ্শন কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে থলুৱা ব্যৱসায়ীৰ বিৰুদ্ধে কেনে ধৰণৰ আক্ৰোশী মনোভাব গ্ৰহণ কৰিছে তাৰ প্ৰমাণ আজি পুনৰ বাৰ পোৱা গ’ল।

আয়কৰ বিভাগে আজি থলুৱা ব্যক্তিৰে পৰিচালিত আৰ্য গ্ৰুপত আচম্বিতে তালাচী চলায়। লক্ষ্যণীয় কথাটো হ’ল আৰ্য গ্ৰুপৰ অধীনষ্ঠ প্ৰায় ২০ টা ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ ১৫০ জনীয়া বিষয়া-কৰ্মচাৰীৰ দলে একে সময়তে তালাচী চলায়।

আয়কৰৰ দলটোৱে পল্টন বজাৰত থকা আৰ্য হস্পিতাল,পৱিতৰাত থকা আৰ্য ইকো কেম্পকে ধৰি আন কেইবা স্থানত চলোৱা তালাচীৰ আঁৰত থলুৱা বিৰোধী গভীৰ ষড়যন্ত্ৰ নিহিত হৈ থকা বুলি বিভিন্ন জনে অভিযোগ কৰা পৰিলক্ষিত হৈছে।

যিটো সময়ত অনা-অসমীয়া বনিকে হাজাৰ হাজাৰ বিঘা মাটি নিজৰ দখলত ৰাখিছে, সেই সময়তে তেনে বনিয়াৰ বিৰুদ্ধে কোনো বৱস্থা গ্ৰহণ নকৰি সাধাৰণ ভাবে ব্যৱসায় চলাই থকা অসমীয়া ব্যৱসায়ী তথা উদ্যোগীক চৰকাৰে কিয় আইনী মেৰপেছেৰে বান্ধি ধৰাশায়ী কৰিব বিচাৰিছে সেয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে।

পৰিতাপৰ কথাটো হ’ল এয়ে যে মিজোৰাম,নাগালেণ্ড, অৰুণাচল, মেঘালয়  আদি ৰাজ্যত বহিৰাগত লোকে  সাধাৰণ ব্যৱসায়  কৰাটো বাদেই ঘৰ নিৰ্মাণ তথা মাটি-বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত অনুমতি নাপায়।

তেনেক্ষেত্ৰত অসমত অতি বৈষম্যমূলক ভাবে খিলঞ্জীয়া ভূমিপুত্ৰক বঞ্চিত কৰি বাহিৰৰ পৰা  অহা লোকক নিশাটোৰ ভিতৰতে অট্টালিকা নিৰ্মাণৰ বা মাটি ক্ৰয় কৰাৰ অনুমতি দি অহা হৈছে।তাৎপৰ্যপূৰ্ণ কথাটো হ’ল অসমীয়া থলুৱা লোকে গৃহ নিৰ্মাণৰ বাবে অনুমতি বিচাৰি কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি চেণ্ডেল ক্ষয় যাবলগীয়া অৱস্থাৰ সৃষ্টি হয় যদিও অনুমতি লাভৰ পৰা বঞ্চিত হবলগীয়া হোৱা দেখা গৈছে।

ইয়াৰ বিপৰীতে চৰকাৰৰ কৃপা দৃষ্টি থকাৰ বাবেই বহিৰাগত বনিকে ‘বিশেষ ব্যক্তি’ৰ এটা ফোন কলতে গৃহ নিৰ্মাণৰ অনুমতি লাভ কৰি আহিছে। বহু ক্ষেত্ৰত দলীয় প্ৰভাৱ খটুৱায়ো বহিৰাগত বনিকক নিমিষতে গৃহ নিৰ্মাণৰ অনুমতি দিয়াৰ অভিযোগ উঠি আহিছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আয়কৰ বিভাগে থলুৱা অসমীয়া ঠিকাদাৰ ভাগ্য কলিতাৰ বাসগৃহ, কাৰ্যালয়,বিকে টাৱাৰ  আদিতো তালাচী চলাইছিল।

অথচ ভাগ্য কলিতাতকৈ বহু সম্পদশালী অনা –অসমীয়া ব্যৱসায়ীয়ে কৰ ফাঁকি দিয়াৰ পিছতো চৰকাৰে তেওঁলোকৰ নোম এডালো লৰাব পৰা নাই।

থলুৱাৰ বিৰুদ্ধে চৰকাৰে এনে আক্ৰোশী মনোভাৱ গ্ৰহণ কৰি নিজৰ ভেটি-মাটিতে থলুৱাৰ আধিপত্য নিঃশেষ কৰি বহিৰাগতৰ আধিপত্য প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি সেয়া এতিয়া  বহুতৰে বাবে এক কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে।

দিল্লীত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ ইংগিততেই  ৰাজ্যত থলুৱা বিৰোধী অভিযান চলিছে  বুলি এতিয়া বহুতে মুকলিকৈয়ে আলোচনা কৰা পৰিলক্ষিত হৈছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd